ETV Bharat / state

পেপছিকোৱে কিনিলে টিংখাঙৰ কৃষকৰ আলু

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 9:16 PM IST

Commercial launch of potato cultivation in Tingkhang
টিংখাঙত আলু খেতি বাণিজ্যিক শুভাৰম্ভ

Potato cultivation in Tingkhang: অসমৰ কৃষকলৈ আহিল আশাৰ বতৰা । টিংখাঙত পেপছিকো প্ৰাঃলিঃ কোম্পানীয়ে ক্ৰয় কৰিলে কৃষকৰ আলু । টিংখাং সমষ্টিৰ কৃষকৰ উৎপাদিত আলুৱে লাভ কৰিলে উচিত বজাৰ । আনুষ্ঠানিক ভাৱে বাণিজ্যিক শুভাৰম্ভ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।

টিংখাঙত আলু খেতি বাণিজ্যিক শুভাৰম্ভ

মৰাণ,১ মাৰ্চ: শুকুৰবাৰৰ দিনটো অসমৰ কৃষি বিপ্লৱৰ নতুন বাৰ্তা কঢ়িয়াই অনা দিন হিচাপে বিবেচিত হ'ল । কিয়নো অসমৰ কৃষকলৈ আহিল আশাৰ বতৰা । টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বড়াৰ সপোনৰ প্ৰজেক্ট দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেডৰ উদ্যোগত আৰু পেপচিকো প্ৰাঃলিঃ ৰ সহযোগত প্ৰথমবাৰলৈ সমষ্টিটোত পৰীক্ষামূলকভাৱে কৰা আলু খেতিয়ে এতিয়া কৃষকৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ইতিমধ্যে টিংখাঙৰ কেন্দুগুৰি, লেঙেৰী আৰু শলগুৰিৰ কৃষকসকলে আলু খনন কাৰ্য আৰম্ভ কৰিছে । শুকুৰবাৰে টিংখাঙৰ লেঙেৰীত আলু খেতিৰ বাণিজ্যিক শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেডৰ উদ্যোগত আৰু পেপচিকো প্ৰাঃলিঃ ৰ সহযোগত খোৱাং কলৌলোৱা, ধমন, কেন্দুগুৰি, শলগুৰি আৰু লেঙেৰী অঞ্চলৰ প্ৰায় ২০০ গৰাকী কৃষকে এইবাৰ বাণিজ্যিকভাৱে আলু খেতি কৰিছে ।

কৃষকসকলৰ উৎপাদিত প্ৰায় ২৭ টন আলু আজি অসম চৰকাৰৰ উদ্যোগ বাণিজ্য ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বড়াৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বাণিজ্যিক শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । কৃষকসকলক উচিত মূল্য দি এইসমূহ আলু পেপচিকো প্ৰাঃলিঃ কোম্পেনীয়ে ক্ৰয় কৰা পাছতেই উৎফুল্লিত হৈ পৰিছে কৃষকসকল ।

উল্লেখ্য যে 'পথাৰো আমাৰো, বজাৰো আমাৰ' শ্ল'গানেৰে ৰাজ্যৰ কৃষকসকলক এক মৰ্যাদা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ । চৰকাৰী সা-সুবিধা লাভ কৰি বহু নিবনুৱা যুৱক-যুৱতী এতিয়া কৃষি-কৰ্মৰ প্ৰতি ধাৱমান হোৱা পৰিলক্ষিত হৈছে । তেনে সময়তে অসমৰ কৃষি ক্ষেত্ৰত এনে এক আশাব্যঞ্জক খবৰে নৱপ্ৰজন্মক কৃষি ক্ষেত্ৰৰ প্ৰতি অধিক আকৰ্ষিত কৰাৰ সম্ভাৱনা গঢ় লৈ উঠিছে ।

লগতে পঢ়ক: বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পূৰ্বে ডিব্ৰুগড়ত উপস্থিত সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.