ETV Bharat / state

তিৱা সাংস্কৃতিক মহোৎসৱত মুখ্যমন্ত্ৰী: জোনবিল মেলাৰ বাবে ক্ৰয় কৰা হ’ব মাটি - Tiwa Cultural Festival in Morigaon

author img

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 7:26 PM IST

Tiwa Cultural Festival in Morigaon
তিৱা সাংস্কৃতিক মহোৎসৱত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

Tiwa Cultural Festival in Morigaon: মৰিগাঁৱত অনুষ্ঠিত তিৱা সাংস্কৃতিক মহোৎসৱৰ অন্তিম দিনটোত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ তিৱাসকলৰ সাজপাৰ, কৃষ্টি সংস্কৃতিৰ প্ৰশংসা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তিৱাসকলৰ সামাজিক ৰীতি-নীতি, জাতীয় চেতনাই অসমীয়া সমাজখনক সমৃদ্ধিশালী কৰা বুলিও ড৹ শৰ্মাই মন্তব্য কৰে ৷

তিৱা সাংস্কৃতিক মহোৎসৱত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

মৰিগাঁও, 31 মাৰ্চ: ‘‘তিৱা সাংস্কৃতিক মহোৎসৱত উপস্থিত থাকিব পৰাটো মোৰ বাবে সৌভাগ্যৰ কথা । তিৱা স্বায়ত্ত পৰিষদৰ আৰু তিৱা জাতীয় সংগঠনৰ ধন্যবাদ । তিৱাসকলৰ অন্যান্য বীৰ-বীৰংগণাসকলৰ অন্যতম জোঙালবহুক শ্ৰদ্ধা জনাইছো ।’’ দেওবাৰে এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।

তিৱা স্বায়ত্ত পৰিষদৰ উদ্যোগত আৰু তিৱা জাতীয় সংগঠনৰ সহযোগত অনুষ্ঠিত তিনিদিনীয়া সাংস্কৃতিক মহোৎসৱৰ অন্তিম দিনৰ মুকলি সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি তেওঁ কয় যে এই সাংস্কৃতিক মহোৎসৱৰ জৰিয়তে তিৱাসকলে শক্তি সামৰ্থ এই প্ৰদৰ্শন কৰিব । তিৱাসকল সাংস্কৃতিকভাৱে চহকী । সাজপাৰ, কৃষ্টি-সংস্কৃতি বণাৰ্ঢ্য । এই তিনিদিনীয়া সাংস্কৃতিক মহোৎসৱৰ জৰিয়তে বিজ্ঞানসন্মত বিশ্লেষণৰ উদ্দেশ্যে এই মহোৎসৱ আদৰণীয় । বৈভৱপূৰ্ণ ।

তিৱাসকলৰ সামাজিক ৰীতি-নীতি, জাতীয় চেতনাই অসমীয়া সমাজখনক সমৃদ্ধিশালী কৰিছে মন্তব্য কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই । উপস্থিত ৰাইজক উদ্দেশ্যি বৰতকে ধৰি বিভিন্ন লোক উৎসৱৰ বিষয়ে সদৰী কৰাৰ লগতে গোভাজোনবিল মেলাই জীৱনশৈলীক, অসমীয়া কৃষ্টিক শক্তিশালী কৰা বুলি মন্তব্য কৰি তেওঁ কয়, ‘‘এই তিৱা মহোৎসৱে তিৱা নতুন প্ৰজন্মক আগুৱাই নিব বুলি মই বিশ্বাসী । কৃষি, সাজপাৰ তিৱা মহাদেউ ফ্ৰাৰ অৱদান বুলি বিশ্বাস কৰে । তিৱাসকলে স্বকীয় বৈশিষ্ট্যৰে আগুৱাই নিছে । তিৱা ভাষাক বাধ্যতামূলক গ্ৰহণ কৰিছে । তিৱাসকলৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সন্মান জনাই শেহতীয়াকৈ অসম বিধান সভাই ৰাজধানী পৰিসীমাত থকা তিৱা বসতি অঞ্চলসমূহ বাদ দিছে ৷’’

আনহাতে বসুন্ধৰা ২.o আৰু বসুন্ধৰা 3.oত ভূমিপুত্ৰ তিৱাসকলক বিশেষ সুবিধা প্ৰদানৰ বিষয়ে উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ পুনৰ কয়, ‘‘আমাৰ খাদ্য সম্ভাৰ জীয়াই লাগিব ৷ কোনে কি কৰিছে তাক চোৱাৰ সময় নহয় । এয়া শিপাত খামুচি ধৰাৰ সময় । শিপা মজবুত হ’লেহে বৰ গছডালে ছাঁ দিব । আধুনিকা আৰু পৰম্পৰা মিছন হ’ব লাগিব । তিৱা তাগলাটো পিন্ধি পাইলট হ’ব লাগিব । পূজা-পাৰ্বণ নেৰিব । বিজ্ঞান পঢ়িব লাগিব । আইপিএছ হ’ব লাগিব । এছিএছ হ’ব লাগিব । আমি আমাৰ সাজপাৰ পিন্ধিয়ে জাতিটোৰ সেৱা কৰিব পাৰো । এই সাংস্কৃতিক মহোৎসৱে তিৱাসকলৰ কৃষ্টিক, পৰম্পৰাক সদায় প্ৰেৰণা আৰু ৰক্ষণাবেক্ষণত প্ৰেৰণা দিব । তিৱাসকলে যাতে শিপাক পাহৰি নাযায় ।’’

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই সাংস্কৃতিক মহোৎসৱ চলি থকাৰ বাবে অৰ্থ সাহায্য আগবঢ়োৱা হ’ব । ভাষণ প্ৰসংগত তেওঁ ঐতিহাসিক জোনবিল মেলাৰ বাবে মাটিক্ৰয়ৰ ব্যৱস্থা কৰা হৈছে বুলি ঘোষণা কৰে । একেদৰে তিৱা স্বায়ত্ত পৰিষদলৈ দিল্লীৰ অৰ্থ সাহায্য পাবৰ বাবে প্ৰস্তাৱ লোৱাৰ বিষয়ে ৰাজহুৱাকৈ ঘোষণা কৰি এই সন্দৰ্ভত বিত্তীয় মন্ত্ৰীয়ে প্ৰস্তাৱ দিয়া বুলিও সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

দেওবাৰে মৰিগাঁও স্কুল খেলপথাৰৰ তিৱা ফা ইন্দ্ৰচিং দেউৰীৰ ক্ষেত্ৰত অনুষ্ঠিত মুকলি সভাখনৰ পৌৰোহিত্য কৰে উদযাপন সমিতিৰ সভাপতি তথা মৰিগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে । উপস্থিত থাকে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, জাগীৰোড উন্নয়ন প্ৰাধীকৰণৰ অধ্যক্ষ দিব্যজ্যোতি নেওগ প্ৰমুখ্যে কেবাগৰাকীও বিশিষ্ট ব্যক্তি ।

আনহাতে আগবেলা বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰি সকলোৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক: বিহুৰ প্ৰাকক্ষণত ভাল খবৰ : অসমৰ 12 বিধ সামগ্রীক প্ৰদান কৰা হ'ল জি আই টেগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.