ETV Bharat / state

জাকিৰ হুছেইন শিকদাৰলৈ CID ৰ চমন

author img

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 4:08 PM IST

CID summons to Jakir Hussain Sikdar : এইবাৰ সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰলৈ আহিছে CID ৰ চমন ৷ ন্যায় যাত্ৰাত খানাপাৰাত সৃষ্টি হোৱা পৰিস্থিতিক লৈ চমন জাৰি কৰা হৈছে বিধায়ক শিকদাৰক ৷

জাকিৰ হুছেইন শিকদাৰকলৈ CID ৰ চমন
জাকিৰ হুছেইন শিকদাৰকলৈ CID ৰ চমন

জাকিৰ হুছেইন শিকদাৰকলৈ CID ৰ চমন

বৰপেটা, ২৭ ফেব্ৰুৱাৰী : প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে এইবাৰ চি আই ডি (CID)য়ে চমন জাৰি কৰিছে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰক ৷ সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়কগৰাকীক CID য়ে চমন জাৰি কৰাক লৈ লৈ এতিয়া সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত বিধায়ক শিকদাৰে কয়, ‘‘বিজেপি চৰকাৰে অসম পুলিচ আৰু CID ৰ জৰিয়তে কংগ্ৰেছ দলে নিৰ্বাচনৰ সময়ত যাতে বিজেপিৰ বিৰুদ্ধে দেশৰ হকে কামকাজ কৰিব নোৱাৰে, তাৰ বাবে পুলিচ আৰু CID ৰ দ্বাৰা চমন জাৰি কৰি কংগ্ৰেছ দলৰ নেতাসকলৰ সময় নষ্ট কৰিছে’’ । এই পৰিকল্পনা বিজেপি তথা ৰাজ্য চৰকাৰৰ নিৰ্দেশত অসম পুলিচ আৰু CID য়ে কৰিছে বুলিও তেওঁ মন্তব্য কৰে ।

‘‘এই সময়খিনি নিৰ্বাচনৰ সময় ৷ প্ৰতিটো ৰাজনৈতিক দলৰ নেতা কৰ্মীৰ সময় । এই সময়খিনি আমি নষ্ট কৰিব নিবিচাৰো ৷’’ এই বুলিও মন্তব্য কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে । আনহাতে অসমত আপ আৰু কংগ্ৰেছে বুজাবুজিৰ মাজেৰে নিৰ্বাচন খেলাৰ পোষকতা কৰে বিধায়কগৰাকীয়ে ।

অসমৰ ১৪ টা সমষ্টিতে বিৰোধী ঐক্য মঞ্চ বা I.N.D.I.A. গোটৰ একো একোজন প্ৰাৰ্থী হোৱাৰ কামনা কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে । লগতে বৰপেটা লোকসভা সমষ্টিত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাটো নিশ্চিত বুলিও বিধায়কগৰাকীয়ে উল্লেখ কৰে ।

লগতে বিধায়কগৰাকীয়ে কয় যে বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ আছে ৷ এই ক্ষোভ EVM ৰ জৰিয়তে ৰাইজে প্ৰকাশ কৰিব এইবাৰৰ লোকসভা নিৰ্বাচনত ।

লগতে পঢ়ক : ভূপেন কুমাৰ বৰা আৰু দেৱব্ৰত শইকীয়ালৈ CID ৰ চমন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.