ETV Bharat / state

অসম জাতীয় পৰিষদলৈ পুনৰ আগমন ঘটিব চিত্তৰঞ্জন বসুমতাৰীৰ - Chittaranjan Basumatary to join AJP

author img

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 3:14 PM IST

Chittaranjan Basumatary to return to Assam Jatiya Parishad
অসম জাতীয় পৰিষদলৈ পুনৰ আগমন ঘটিব চিত্তৰঞ্জন বসুমতাৰীৰ

Assam Jatiya Parishad: আজি বিয়লি চিত্তৰঞ্জন বসুমতাৰীয়ে অসম জাতীয় পৰিষদত যোগদান কৰাৰ সম্ভাৱনা । ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব যোগদান কাৰ্য্যসূচী । ২০২২ বৰ্ষৰ মে' মাহত অজাপৰ সম্পাদকৰ দায়িত্বত থকা চিত্তৰঞ্জন বসুমতাৰীয়ে আকস্মিকভাৱে দলৰ পৰা পদত্যাগ কৰিছিল । দলীয় কাম-কাজক লৈ অসন্তুষ্টি ব্যক্ত কৰি পদত্যাগ কৰিছিল চিত্তৰঞ্জন বসুমতাৰীয়ে ।

গুৱাহাটী,২৩ মাৰ্চ : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অসম জাতীয় পৰিষদ চমুকৈ অজাপৰ বাবে ভাল খবৰ । পুনৰ অজাপলৈ আহিব চিত্তৰঞ্জন বসুমতাৰী আৰু গ্ৰহণ কৰিব বিশেষ দায়িত্ব । জানিব পৰা মতে চিত্তৰঞ্জন বসুমতাৰীয়ে দলটোৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ সম্ভাৱনা আছে । দলীয় সূত্রই জনোৱা মতে শনিবাৰে বিয়লি অসম জাতীয় পৰিষদত যোগদান কৰিব চিত্তৰঞ্জন বসুমতাৰীয়ে । ইতিমধ্যে যোগদান সন্দৰ্ভত দলৰ সভাপতি লুৰীণজ্যোতি গগৈৰ সৈতে দীঘলীয়া আলোচনা অনুষ্ঠিত হৈছে চিত্তৰঞ্জন বসুমতাৰীৰ ।

সূত্রটোৱে জনোৱা মতে শনিবাৰে বিয়লি ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব যোগদান কাৰ্য্যসূচী । উল্লেখ্য যে, ২০২২ বৰ্ষৰ মে' মাহত অজাপৰ সম্পাদকৰ দায়িত্বত থকা চিত্তৰঞ্জন বসুমতাৰীয়ে আকস্মিকভাৱে দলৰ পৰা পদত্যাগ কৰিছিল । দলীয় কাম-কাজক লৈ অসন্তুষ্টি ব্যক্ত কৰি চিত্তৰঞ্জন বসুমতাৰীয়ে পদত্যাগ কৰিছিল । দলটোৰ সাংগঠনিক কামকাজত ক্ষুব্ধ হৈছিল চিত্তৰঞ্জন বসুমতাৰী । লক্ষণীয় বিষয় যে অসম জাতীয় পৰিষদ গঠনৰ ক্ষেত্ৰত চিত্তৰঞ্জন বসুমতাৰীৰ এক অন্যতম ভূমিকা আছিল ।

যাৰ বাবে তেওঁৰ পদত্যাগ দলটোৰ বাবে বিস্তৰ ক্ষতিৰূপে প্ৰতিপন্ন হৈছিল । উল্লেখ্য যে ২০২১ চনত বিধানসভা নিৰ্বাচনত ধেমাজি সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ হৈ চিত্তৰঞ্জন বসুমতাৰী নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । সেই নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীৰ হাতত পৰাজয় বৰণ কৰা চিত্তৰঞ্জন বসুমতাৰী আছিল দ্বিতীয় স্থানত । আনহাতে মাজুলী বিধানসভাৰ উপ-নিৰ্বাচনত তেওঁ বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় যদিও বিজেপিৰ প্ৰাৰ্থীৰ হাতত পৰাজয় বৰণ কৰিছিল ।

মাজুলীৰ উপ-নিৰ্বাচনত ভূৱন গামৰ হাতত পৰাজিত হৈছিল চিত্তৰঞ্জন বসুমতাৰী । লক্ষণীয়ভাৱে পদত্যাগ কৰাৰ সময়ত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে চিত্তৰঞ্জন বসুমতাৰীৰ পুনৰ দললৈ উভতি আহিব বুলি আশা প্ৰকাশ কৰিছিল । অৱশেষত লুৰীণজ্যোতি গগৈৰ আশা পূৰণ হোৱাৰ পথত । লোকসভা নিৰ্বাচনৰ পূৰ্বে চিত্তৰঞ্জন বসুমতাৰীৰ আগমনৰ খবৰ আঞ্চলিকতাবাদী দলটোৰ বাবে আশাৰ বতৰা হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক: বাম গণতান্ত্রিক ভাৱধাৰাৰ ভোটাৰৰ সমৰ্থন পাব SEUCI এ : পল্লৱ পেগু - Suci Candidate Pallav Pegu

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.