ETV Bharat / state

বাল্যবিবাহ কৰিবলৈ গৈ দুই সন্তানৰ পিতৃ সোমাল ৰঙাঘৰত

author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 4:30 PM IST

Child Marriage case in Assam
বাল্যবিবাহৰ বিৰুদ্ধে অভিযান

Child Marriage Crackdown: বাল্যবিবাহৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষী কঠোৰ হোৱাৰ পিচতো সমাজৰ পৰা আঁতৰ হোৱা নাই এই ব্যাধি । ধুবুৰী জিলাৰ গোলকগঞ্জত সংঘটিত হৈছে এই ঘটনাটো ।

বাল্যবিবাহৰ বিৰুদ্ধে অভিযান

ধুবুৰী, ২১ ফেব্ৰুৱাৰী: সমগ্ৰ দেশতে বাল্যবিবাহ নিষিদ্ধ কৰাৰ বাবে আইন প্ৰণয়ন কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও ৰাজ্যৰ ঠায়ে ঠায়ে এতিয়াও অব্যাহত আছে বাল্যবিবাহৰ ঘটনা ৷ ড্ৰাগছৰ সমান্তৰালকৈ ৰাজ্যত বাল্যবিবাহো একেবাৰে শেষ হোৱা নাই বহু অঞ্চলত ৷ বাল্যবিবাহৰ দৰে আইন বিৰোধী অসামাজিক ব্যাধিসমূহ হ্ৰাস কৰাৰ উদ্দেশ্যে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে চৰকাৰৰ লগতে সামাজিক অনুষ্ঠান সমূহে গ্ৰহণ কৰিছে পদক্ষেপ । ইয়াৰ মাজতেই ধুবুৰী জিলাৰ গোলকগঞ্জ অঞ্চলত নাবালিকাক বিয়া পাতিবলৈ গৈ আৰক্ষীৰ জালত পৰিল দুই সন্তানৰ পিতৃ ।

বাল্যবিবাহৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীয়ে অভিযান চলাই বিবাহস্থলীতেই আটক কৰিলে দৰা-কইনাসহ অভিভাৱকক । তদুপৰি আৰক্ষীয়ে আটক কৰে কাজীক । গোলোকগঞ্জৰ বৰ চৰাইখোলাত চলে এই অভিযান । এক গোপন সূত্ৰৰ পম খেদি মঙলবাৰে মাজনিশা এই অভিযান চলায় আৰক্ষীয়ে । আইনুল হক (৩৩) নামৰ দুই সন্তানৰ পিতৃয়ে বাল্যবিবাহ কৰিব গৈ ৰঙাঘৰৰ আলহী হ'ল ।

যোৱা নিশা গোলোকগঞ্জৰ বিছনদৈৰ আইনুল হক (৩৩) নামৰ দুই সন্তানৰ পিতৃ গৈছিল বৰ চৰাইখোলা গাঁৱৰ নাবালিকা কন্যাক বিয়া পাতিবলৈ । এই তথ্য গোলোকগঞ্জ আৰক্ষীয়ে লাভ কৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে অভিযান চলায় । অভিযান চলাই আৰক্ষীয়ে দৰা আইনুল হকৰ লগতে বাল্য বিবাহ সম্পাদন কৰিবলৈ যোৱা কাজী সাহাবুদ্দিন মীৰ , দৰাৰ লগত যোৱা ৰফিক সৰকাৰ ,নজৰুল শ্বেখ , ধান উদ্দিন শ্বেখৰ লগতে নাবালিকা কইনা গৰাকীকো থানালৈ আনে । কইনা গৰাকীক নিশাই গৌৰীপুৰৰ সখী নামত সংস্থাত থৈ আহে আৰক্ষীয়ে । উল্লেখ্য যে দৰা আইনুল হক দুই সন্তানৰ পিতৃ । ইতিমধ্য়ে তেওঁৰ প্ৰথমা পত্নী পৰপুৰুষৰ লগত পলাই গৈছে । আনহাতে,এই নাবালিকা কইনা গৰাকীও পূৰ্বতে বিবাহপাশত আৱদ্ধ হোৱা । কইনা গৰাকীৰ ১৩ বছৰ বয়সতেই এবাৰ বিয়া হৈছিল বুলি এক সুত্ৰত প্ৰকাশ ।

লগতে পঢ়ক:বাল্য বিবাহ কৰা দৰাক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.