ETV Bharat / state

মানকাচৰত BSF ৰ গুলীত নিহত চোৰাং গৰু সৰবৰাহকাৰী

author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 12:12 PM IST

Cattle smuggler killed in BSF firing
মানকাচৰত BSF ৰ গুলীত নিহত চোৰাং গৰু সৰবৰাহকাৰী

Cattle smuggler killed: মানকাচৰ সীমান্ত সুৰক্ষা বাহিনীৰ গুলীত নিহত চোৰাং গৰু সৰবৰাহকাৰী । নিশা সীমান্তৰে বাংলাদেশলৈ চোৰাংভাবে গৰু সৰবৰাহ কৰিবলৈ লওঁতেই সীমান্ত সুৰক্ষা বাহিনীয়ে কৰিছিল গুলীচালনা ।

মানকাচৰত BSF ৰ গুলীত নিহত চোৰাং গৰু সৰবৰাহকাৰী

ধুবুৰী,২২ ফেব্ৰুৱাৰী : গো-সুৰক্ষা আইন বলবৎ হৈ থকাৰ পিছতো চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ গৰুৰ চোৰাং সৰবৰাহ অব্যাহত ৰাখিছে এচাম আন্তঃৰাষ্ট্ৰীয় চোৰাং সৰবৰাহকাৰীয়ে । ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ উন্মুক্ত সীমান্তৰে একাংশ দুষ্ট চক্ৰই বাংলাদেশলৈ চোৰাংভাবে চালান দি আহিছে পশুধন । সীমান্ত সুৰক্ষা বাহিনীয়ে বিগত দিনত বহু পশুধন জব্দ কৰিবলৈ সক্ষম হৈছে ।

তেনে সময়তে বুধবাৰে নিশা পুনৰ মানকাচৰ সীমান্ত সুৰক্ষা বাহিনীয়ে সীমান্তত তহল দি থকা অৱস্থাত চোৰাং গৰু সৰবৰাহকাৰীক লক্ষ্য কৰি গুলীচালনা কৰে । ফলত নিহত হয় এটা গৰু সৰবৰাহকাৰী । নিহত সৰবৰাহকাৰীটো চৰ কুকুৰমাৰাৰ হেকমত আলীৰ পুত্ৰ শ্বাহিনুৰ ইছলাম বুলি জানিব পৰা গৈছে । নিশাৰ আন্ধাৰৰ সুযোগ লৈ গৰু সৰবৰাহকাৰীয়ে বাংলাদেশলৈ গৰু চালান দিয়া অৱস্থাত সীমান্ত সুৰক্ষা বাহিনীয়ে বাধা প্ৰদানত সৰবৰাহকাৰীয়ে সীমান্ত সুৰক্ষা বাহিনীক আক্ৰমণ কৰে ।

আত্মৰক্ষাৰ কাৰণে উপায়ন্তৰ হৈ সীমান্ত সুৰক্ষা বাহিনীয়ে চোৰাং সৰবৰাহকাৰীটোক লক্ষ্য কৰি গুলী চলায় । ঘটনাস্থলীৰ পৰা দা, ম'বাইল, টৰ্চ আৰু দুটা গৰু উদ্ধাৰ কৰে । জানিবপৰা মতে ২০/২৫ জনীয়া সৰবাহকাৰীৰ দলে চোৰাং গৰু সৰবাহ কৰিবলৈ আহিছিল ৷ সীমান্তত থকা বিদ্যুৎ পৰিবাহী কাঁটা তাঁৰৰো ক্ষতি সাধন বুলি জানিব পৰা গৈছে ৷ নিশা প্ৰায় ২:১০ বজাত সংঘটিত হয় ঘটনাটো ৷ ঘটনাস্থলীত সীমান্ত সুৰক্ষা বাহিনীৰ ধুবুৰীস্থিত DIG সঞ্জীব যোশী, 45 BN BSF ৰ কোম্পানী কামাণ্ডেণ্ট চন্দ্ৰকান্ত উপাধ্যায় আৰু দণ্ডাধীশ জ্ঞানজ্যোতি দত্ত উপস্থিত হৈ ঘটনাৰ তদন্ত ৰাখিছে ৷

লগতে পঢ়ক : জখলাবন্ধা আৰক্ষীৰ জালত চাৰি গৰুচোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.