ETV Bharat / state

ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলীচালনা - Anti Drugs Operation

author img

By ETV Bharat Assamese Team

Published : May 11, 2024, 1:51 PM IST

Police opens fire : কাছাৰত ড্ৰাগছ সৰবৰাহকাৰীক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা । পৃথক পৃথককৈ চলা দুটা অভিযানত কাছাৰত জব্দ ১ কেজি ২০০ গ্ৰাম হেৰ’ইন ৷ গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী ।

Police open fire at drug peddler in Cachar
ড্ৰাগছ বিৰোধী অভিযান (ETV BHARAT ASSAM)

ড্ৰাগছ বিৰোধী অভিযান (ETV BHARAT ASSAM)

শিচলৰ, 11 মে’ : ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে । এইবাৰ ড্ৰাগছ বিৰোধী অভিযানত ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে কৰিবলগীয়া হ’ল গুলীচালনা । নিশা শিলচৰ আইজল সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ ধলাই চান্নীঘাট অঞ্চলত গোপন সূত্ৰৰ ভিত্তিত চলিছিল কাছাৰ আৰক্ষীৰ এই ড্ৰাগছ বিৰোধী অভিযান ।

এখন ব্যক্তিগত বাহন আৰু এখন স্কুটিৰে তিনি সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহ কৰিবলৈ অহাৰ সময়তে আৰক্ষীয়ে চলাইছিল এই অভিযান । আৰক্ষীৰ এই অভিযানৰ বিষয়ে উমান পাই তিনি সৰবৰাহকাৰীয়ে পলায়ন কৰাৰ চেষ্টা কৰে । পিছে আৰক্ষীয়ে তিনি সৰবৰাহকাৰীক খেদি যায় ৷ খেদি খেদি লৈ গৈ সৰবৰাহকাৰীক কৰায়ত্ত কৰাৰ বাবে দুই ৰাউণ্ড গুলীচালনা কৰে আৰক্ষীয়ে ৷

আৰক্ষীৰ এই গুলীচালনাত কোনো হতাহত নাই যদিও দুই সৰবৰাহকাৰী পলাই যাবলৈ সক্ষম হয় আৰু এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে এই অভিযানত হেৰ’ইন ভৰ্তি ৫৫ চাবোনৰ বাকচ জব্দ কৰে । ইপিনে এই অভিযানৰ পাচত নিশা কাছাৰ আৰক্ষীৰ আন এক অভিযান চলিছিল কাছাৰ জিলাৰ সোনাই শিলডুবি অঞ্চলত ।

গোপন সূত্ৰৰ ভিত্তিত চলা আৰক্ষীৰ এই অভিযানত দুই যুৱকৰ পৰা আৰক্ষীয়ে হেৰ’ইন ভৰ্তি ৪১ টা চাবোনৰ বাকচ জব্দ কৰে । লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই সৰবৰাহকাৰী যুৱকক । আনহাতে নিশা পৃথক পৃথককৈ চলা কাছাৰ আৰক্ষীৰ এই ড্ৰাগছ বিৰোধী অভিযানত মুঠ ১ কেজি ২০০ গ্ৰাম হেৰ’ইন জব্দ কৰা হৈছে । যাৰ বজাৰ মূল্য আৰক্ষীয়ে জানিবলৈ দিয়া মতে ৭ কোটিৰো অধিক ।

লগতে পঢ়ক : ড্ৰাগছ ব্যৱসায়ত জড়িত বিজেপি সদস্য়ক আটক - Anti Drugs Operation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.