ETV Bharat / state

ঈদৰ বজাৰত গ্ৰাহকৰ ভিৰ নোহোৱাত হতাশ ব্য়ৱসায়ী - Eid al fitr 2024

author img

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 8:45 PM IST

Ramadan 2024
ঈদ-উল-ফিটৰৰ বজাৰ

Ramadan 2024: ইছলামধৰ্মী লোকসকলৰ পৱিত্ৰ ৰমজান মাহৰ অন্ত পৰাৰ সময় সমাগত । অসমৰ বিভিন্ন প্ৰান্তৰ মছজিদবোৰত অহা ১১ এপ্ৰিলত অনুষ্ঠিত হ'ব ঈদ-উল-ফিটৰৰ সমূহীয়া নামাজ । এনে সময়তো বজাৰত গ্ৰাহকৰ নাই সমাগম ।

ঈদৰ বজাৰত গ্ৰাহকৰ ভিৰ নোহোৱাত হতাশ ব্য়ৱসায়ী

গুৱাহাটী, ৭ এপ্ৰিল : বিশ্বৰ ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ ৰমজান মাহৰ সামৰণিত দেশৰ আন ৰাজ্যৰ লগতে অসমতো অহা ১১ এপ্ৰিলত ঈদ-উল-ফিটৰৰ সমূহীয়া নামাজ অনুষ্ঠিত হ'ব । এই উপলক্ষে গুৱাহাটীৰ বিভিন্ন স্থানত থকা ঈদগাহ ময়দান,মছজিদসমূহত ঈদৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে । চূণ-তেল ঘহি সজাই তোলা হৈছে মছজিদ, ঈদগাহ আদি । ঈদ উপলক্ষে মহানগৰীৰ বজাৰ ছেৱৈৰ লগতে আন সুস্বাদু খাদ্য সামগ্ৰীৰে ভৰি পৰিছে । কিন্তু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে পূৰ্বৰ তুলনাত মূল্য বৃদ্ধিয়ে ঈদৰ বজাৰত প্ৰভাৱ পেলাইছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

মহানগৰীৰ ব্য়ৱসায়ীসকলে এই সন্দৰ্ভত কয় যে পূৰ্বৰ তুলনাত এইবাৰ ঈদৰ বজাৰত ছেৱৈ, ফল আদিৰ ১০-১৫% মূল্য বৃদ্ধি হৈছে । যাৰ প্ৰভাৱ বজাৰত পৰিছে । ঈদলৈ মাজত যদিও কেইদিনমান বাকী আছে তথাপি পূৰ্বৰ দৰে সমাগম হোৱা নাই ঈদৰ বজাৰত । আনহাতে,ফাঁচী বজাৰৰ ছেৱৈ ,শুকান ফলৰ ব্যৱসায়ীয়ে উল্লেখ কৰা মতে,পাটনা, শিলিগুৰি, বাৰানসী, কলকাতা আদিৰ পৰা অহা লাচ্ছা ছেৱৈ, লাড্ডু ছেৱৈ, ফেনীকে ধৰি বিভিন্ন প্ৰকাৰৰ ছেৱৈ বজাৰত উপলব্ধ হৈছে । এইবোৰৰ মূল্য প্ৰতি কেজিত ১০০ৰ পৰা ৬০০ টকা পৰ্যন্ত বুলি ব্য়ৱসায়ীসকলে কয় । তেওঁলোকে কয় যে পূৰ্বৰ তুলনাত এইবাৰ ঈদৰ বজাৰত ছেৱৈৰ বিক্ৰী হ্ৰাস পাইছে ।

বিগত সময়ত ৰমজান মাহ আৰম্ভ হোৱাৰ দুই এদিন আগৰে পৰা বজাৰত গ্ৰাহক ভিৰ আছিল যদিও এইবাৰ নাই । শুকান ফল আৰু ছেৱৈ দুয়োবিধ সামগ্ৰীৰে বিক্ৰী কমিছে । মানুহৰ হাতত টকা নাই বুলি উল্লেখ কৰি বিগত বৰ্ষতকৈ ৩০% বিক্ৰী কমিছে বুলি মন্তব্য কৰে ব্য়ৱসায়ীসকলে । ইপিনে,ছেৱৈ বনোৱা সামগ্ৰী সমূহৰ দাম বৃদ্ধি হোৱাৰ লগতে যাতায়তৰ খৰচো বৃদ্ধি পাইছে ।

লগতে পঢ়ক:আজিৰে পৰা আৰম্ভ ৰমজান মাহ; অধিক মুনাফা লাভৰ উদ্দেশ্যৰে প্ৰতিবিধ সামগ্ৰীৰে মূল্যবৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.