ETV Bharat / state

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত চাহ বাগিচাৰ ভোটাৰৰ এক অৱলোকন

author img

By ETV Bharat Assamese Team

Published : Mar 14, 2024, 10:41 PM IST

Lok Sabha Election 2024: লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ব্যাপক ব্যস্ততা আৰম্ভ হৈছে ৰাজনৈতিক দলসমূহৰ মাজত । বিগত নিৰ্বাচনসমূহৰ দৰে এইবাৰৰ লোকসভা নিৰ্বাচনতো প্ৰভাৱ পেলাব চাহ শ্ৰমিক ভোটাৰে । কি পালে বা কি পাব চাহ শ্ৰমিকে তাক লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা । লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত চাহ বাগিচাৰ ভোটাৰৰ প্ৰসংগত এক অৱলোকন ৷

Brief analysis of tea garden voters in Lok Sabha election
চাহ বাগিচাৰ ভোটাৰৰ এক অৱলোকন

তেজপুৰ,১৪ মাৰ্চ : যিকোনো মুহূৰ্তত ঘোষণা হ'ব পাৰে লোকসভা নিৰ্বাচনৰ আধিসূচনা । শাসক-বিৰোধী সকলো ব্যস্ত নিৰ্বাচনৰ কুচকাৱাজত । লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈ কংগ্ৰেছৰ লগত হোৱা মিত্ৰজোঁট ইণ্ডিয়া এতিয়া ভাগ ভাগ হোৱাৰ পথত ৷ আনহাতে শাসকীয় বিজেপি নেতৃত্বাধীন চৰকাৰে চাহ বাগিচা অঞ্চলত পূৰ্বৰে পৰা নিৰ্বাচনকেন্দ্ৰিক কুচকাৱাজ বিভিন্ন ক্ষেত্ৰৰে আৰম্ভ কৰিছে । ফলস্বৰূপে চাহ বাগিচা অঞ্চলৰ শ্ৰমিকসকলে নিজৰ মতামত দিয়াৰ পৰা বিৰত থকা পৰিলক্ষিত হৈছে ।

কাৰণ দুৰ্গা পূজাৰ সময়ত মালিকপক্ষই চাহ শ্ৰমিকৰ বোনাচ ২০% শতাংশই মোকোলাই দিছিল লগতে বাগিচাত বৰ্তমান ৰাজনৈতিক বাতাবৰণৰ প্ৰভাৱ যাতে নপৰে তাৰ বাবেও বিশেষ তৎপৰতা বহন কৰিছে । শোণিতপুৰ লোকসভাৰ অন্তৰ্গত শোণিতপুৰ জিলাত চাহ বাগিচাৰ সংখ্যা যথেষ্ট পৰিমাণে বেছি । উত্তৰ অসমৰ চাহ বাগিচাৰ ভোটাৰে সকলো নিৰ্বাচনতে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা দেখা যায় ।

  • " class="align-text-top noRightClick twitterSection" data="">

বাগিচাৰ কৰ্মী-ছাত্ৰ সংগঠনৰ অভিযোগ:

প্ৰায় ৫৫ খন প্ৰধান চাহ বাগিচাৰ ভিতৰত অধিকাংশ বাগিচাৰ শ্ৰমিকেই দৈনিক মজুৰি ৫২৫ টকালৈ বৃদ্ধি কৰাৰ দাবী সাব্যস্ত কৰি আহিছে ৷ চাহ জনগোষ্ঠীৰ আদিবাসীসকলক ভূমিৰ ম্যাদীপট্টা প্ৰদান কৰা দাবীৰ সমৰ্থনত চাহ জনগোষ্ঠীৰ সংগঠনৰ পৰা জনজাতীয় মৰ্যাদা প্ৰদানৰ দাবীৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷ আনহাতে আদিবাসী ছাত্ৰ সংগঠন আছাৰ হুংকাৰ, তেওঁলোকে প্ৰাপ্য অধিকাৰ নাপালে আগন্তুক ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিব বুলি বিভিন্ন সময়ত ৰাজপথত আন্দোলন কৰাও দেখা গৈছে ।

বিগত লোকসভা নিৰ্বাচনৰ অৱলোকন: এতিয়া কথা হ'ল বিগত লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী তথা বৰ্তমানৰ তেজপুৰ লোকসভাৰ বিজেপিৰ সাংসদ পল্লবলোচন দাসে ২,৪২,৮৪১ টা ভোটৰ ব্যৱধানত কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানুক পৰাস্ত কৰিছিল । কিন্ত এইবাৰ চাহ শ্ৰমিকৰ মাজত আদৰ্শ বিদ্যালয় স্থাপনৰ যোগেদি অসম চৰকাৰে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে ।

আনহাতে কংগ্ৰেছে নিজাববীয়াকৈ বাগানে বাগানে কংগ্ৰেছ শীৰ্ষক এক যাত্ৰা চলালে । বৰ্তমান বিজেপিয়ে শোণিতপুৰ লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থী বিহালীৰ বিজেপিৰ বিধায়ক, প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্ত, আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰেমলাল গঞ্জু আৰু আম আদমি পাৰ্টীৰ ঋষিৰাজ কৌণ্ডিল্য ।

বিৰোধী আৰু শাসক গোষ্ঠীৰ ইছ্যু: আপ আৰু কংগ্ৰেছৰ দুয়োগৰাকী প্ৰাৰ্থীয়ে চাহ বাগিচাৰ ভোট কিদৰে আকৰ্ষণ কৰিবলৈ সক্ষম হয় সেয়া এক জটিল প্ৰশ্ন । কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুয়ে টিকট লাভ কৰিয়েই ৰাজীৱ ভৱনত কয় যে, তেওঁ চাহ জনগোষ্ঠীৰ সন্তান গতিকে চাহ বাগিচাৰ অঞ্চলৰ ৰাইজ তেওঁৰ লগত সদায় আছে । আনহাতে আপৰ প্ৰাৰ্থী কৌণ্ডিল্যই গাঁও অঞ্চলত ভোটাৰক বুজাইছে যে বিজেপিয়ে ৰাইজক আভুৱা ভাৰিছে । চাহ বাগিচাৰ লোকৰ বাবে একো কামেই নকৰিলে, উন্নয়নৰ নামত চাহ বাগিচাৰ লোকে একো নাপালে । ইয়াৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই ৰাইজক অৱগত কৰিছে যে কংগ্ৰেছ বা অন্য দলক আক্ৰমণ বা গালি পাৰি নিৰ্বাচন নেখেলে । চৰকাৰৰ উন্নয়নৰ খতিয়ানেৰে তেওঁ ৰাইজৰ মাজলৈ আহিছে । অসম চৰকাৰে চাহ বাগিচাত প্ৰথম বাৰৰ বাবে ১০০ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্থাপন কৰি এক অভিলেখ গঢ়িছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰভাৱ: শোণিতপুৰ লোকসভা সমষ্টিত প্ৰায় ৫৫ খন চাহ বাগিচা আছে ইয়াৰ ভিতৰত শোণিতপুৰ জিলাৰ পাঁচটা সমষ্টিত থকা চাহ বাগিচাৰ ভোটাৰৰ সংখ্যা হ'ল- ৰঙাপৰা সমষ্টিত ১৪৭০০০, ঢেঁকীয়াজুলি সমষ্টিত ৭৮০০০, নদুৱাৰত ৩৫০০০, তেজপুৰ সমষ্টিত ১৮০০০ আৰু বৰচলা সমষ্টিত ৪০০০০ । অলপতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ সময়ত কাজিৰঙাৰ হাটীখুলি চাহ বাগিচাত প্ৰৱেশ কৰি এক প্রকাৰ চাহ বাগিচাৰ লোকসকলক আকৰ্ষিত কৰা দেখা গল । তেওঁ অসমলৈ অহা পৰ্যটকক চাহ বাগিচাৰ ভ্ৰমণ কৰিবলৈ আহ্বান জনায় ।

অসমৰ চাহ বাগিচাৰ ইতিহাস: অসমৰ চাহ বাগিচাৰ ২০০ বছৰীয়া ইতিহাসেৰে প্ৰসিদ্ধ । বৰ্তমান অসমত প্ৰায় ৭৮০ খন চাহ বাগিচা আছে আৰু বছৰি ৭০০ মিলিয়ন কেজি চাহপাত উৎপাদন কৰে । অসম চৰকাৰৰ মালিকানাধীন অসম চাহ নিগম আৰু ইয়াৰে অধিকাংশই চিনামৰাকে ধৰি ৪ খনৰ বাদে ৩৫ বছৰৰ বাবে ব্যক্তিগত পক্ষক পট্টা দিয়া হৈছে । ৰাজ্য চৰকাৰে লাভ কৰা ৰাজহ মূলতঃ জি এচ টিৰ ৰূপত লাভ কৰি আহিছে । লগতে ৰাজ্য চৰকাৰে চাহ বাগিচাৰ মাটিৰ পৰাও ৰাজহ পায় । সেউজীয়া পাত আৰু কৃষি ভূমি আয়কৰ ৰেহাই দিয়া হৈছে ৰাজ্য চৰকাৰে ।

উল্লেখযোগ্য যে, ২০২৩ বৰ্ষত এপ্ৰিল মাহৰ পৰা আগষ্টলৈ অসম চিটিচি চাহৰ গড় নিলাম প্ৰতি কেজিত ২২০.৫৯ টকা আনহাতে ২০২২ চনত এপ্ৰিল মাহৰ পৰা আগষ্টলৈ প্ৰতি কেজিত ২২৯.৯৭ টকা লাভ কৰে । বৰ্তমান অসমৰ চাহ বিশ্বতে এক উল্লেখনীয় অৱদান আগবঢ়াই আহিছে অসমৰ চাহ বহু বিদেশী ৰাষ্ট্ৰলৈ ৰপ্তানি কৰা হয় আৰু বুজন পৰিমৰ লাভালাভ হৈছে । গতিকে এই নিৰ্বাচনত চাহ বাগিচাৰ তথা চাহ জনগোষ্ঠীৰ লোকে কি ভূমিকা গ্ৰহণ কৰে সেয়া এক লক্ষণীয় বিষয় ।

লগতে পঢ়ক: নগাঁৱত শতাধিক ছাত্ৰ নেতাৰ বিজেপিত যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.