ETV Bharat / state

ছয়গাঁৱত অবৈধ প্ৰেমৰ বাবেই সংঘটিত নৃশংস হত্য়াকাণ্ড ! পাঁচজনক আটক - Suspected Murder At Chaygaon

author img

By ETV Bharat Assamese Team

Published : May 13, 2024, 8:22 PM IST

ছয়গাঁও থানাৰ অন্তৰ্গত টকৰাদিয়াত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিচতেই পৰকীয়া প্ৰেমক লৈ চলিছে চৰ্চা । যুৱকজনক প্ৰেমৰ মায়াজালত বন্দী কৰি প্ৰেমিকাই মৃত্যুৰ ব্লুপ্ৰিন্ট ৰচাৰ অভিযোগ কিমান সঁচা ?

Allegation of murder
নৃশংস হত্যাকাণ্ডৰ ঘটনা (ETV BHARAT ASSAM)

মিৰ্জা, ১৩ মে’ : দক্ষিণ কামৰূপৰ ছয়গাঁও থানাৰ অন্তৰ্গত টকৰাদিয়াত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা । যোৱা ন মে'ৰ নিশাৰে পৰা নিৰুদ্দেশ হৈ থকা এজন যুৱকৰ মৃতদেহ কালি উদ্ধাৰ হোৱাৰ পিচতেই পোহৰলৈ আহিছে এক ভয়ংকৰ হত্য়াকাণ্ডৰ কথা । ঘটনাৰ বিৱৰণি অনুসৰি টকৰাদিয়া গাঁৱৰ হেমন্ত কলিতা (৩০)নামৰ যুৱকজন যোৱা ন মে'ৰ নিশা ঘৰৰ পৰা ওচৰৰে এখন বিয়া খাবলৈ যোৱাৰ পিচতেই সন্ধানহীন হৈ পৰে । নিশা ঘৰলৈ উভতি নহাত পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়াই বিচাৰ-খোচাৰ কৰে যদিও যুৱকজনৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাছিল । ইয়াৰ পিচতেই পৰিয়ালৰ লোক চিন্তিত হৈ পৰে যদিও যুৱকজন উভতি আহিব বুলি অপেক্ষা কৰে । ইয়াৰ মাজতেই কালি পৰিয়ালটোলৈ আহিল এক দুঃসংবাদ । কালি গাঁৱৰ লোকে বিচাৰ-খোচাৰ কৰি থকাৰ মাজতেই উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ ।

যুৱকজনৰ মৃতদেহ কালি উদ্ধাৰ হোৱাৰ পিচত ছয়গাঁও আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হয় । আৰক্ষীয়ে এই ঘটনাৰ পিচতেই পাঁচজন লোকক আটক কৰি সোধা-পোছা আৰম্ভ কৰিছে । মৃতদেহ উদ্ধাৰৰ পিচতেই ইয়াৰ সৈতে এগৰাকী মহিলাৰ নাম সাঙোৰ খাই পৰিছে । মৃত যুৱকজনৰ পৰিয়ালৰ লোকে এই ক্ষেত্ৰত অভিযোগ উত্থাপন কৰি কয় যে ঘটনাৰ নিশা যুৱকজনে আবেলি কামৰ পৰা উভতি আহি নিশা ওচৰৰে এখন বিয়ালৈ ওলাই গৈছিল । ইয়াৰ পিচতেই ওচৰৰে এগৰাকী মহিলাই কৌশলেৰে মাতি নি হত্য়াকাণ্ড সংঘটিত কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে । যুৱকজনক প্ৰেমৰ মায়াজালত বন্দী কৰি এই হত্যাৰ ষড়যন্ত্ৰ ৰচিছিল বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে । ইপিনে, মহিলাগৰাকীৰ সৈতে এই যুৱকজনৰ অবৈধ প্ৰেমৰ সম্পৰ্ক থকাৰো অভিযোগ উত্থাপিত হৈছে ।

আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত মহিলাগৰাকীৰ স্বামীৰ লগতে আন চাৰিজনক আৰক্ষীয়ে আটক কৰি সোধা পোছাৰ বাবে থানালৈ আনিছে । আনহাতে, এই অবৈধ প্ৰেমত জড়িত মহিলাগৰাকীয়ে প্ৰতি অভিযোগ কৰি কয় যে যুৱকজনে তেওঁক সদায় বিভিন্ন ধৰণে অত্য়াচাৰ চলাই আহিছিল । যুৱকজনৰ এই কাৰ্যত অতিষ্ঠ হোৱাত মহিলাগৰাকী স্বামীয়ে ঘটনাৰ নিশা টেঁটুচেপি হত্য়াকাণ্ড সংঘটিত কৰে । অবৈধ প্ৰেমৰ পৰিণতিতেই এজন যুৱক হত্যাৰ বলি হ'ব লগা হোৱা ঘটনাই অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক:আচলতে হৈছে কি, এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ, আনগৰাকীৰ মূমূৰ্ষ অৱস্থা - Suspected Murder At Kaliabor

গোৱালপাৰাত উদ্ধাৰ নিৰুদ্দিষ্ট কিশোৰৰ মৃতদেহ - TEENAGER DEATH IN GOALPARA

মোৰ মাক মই জ্বলাই দিলো - পুত্ৰৰ অকপট স্বীকাৰোক্তি - Terrified Murder Case In Amguri

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.