ETV Bharat / state

মোৰ মাক মই জ্বলাই দিলো - পুত্ৰৰ অকপট স্বীকাৰোক্তি - terrified murder case in Amguri

author img

By ETV Bharat Assamese Team

Published : May 12, 2024, 10:33 AM IST

MOTHERS DAY : আজি দেশজুৰি পালন কৰা হৈছে মাতৃ দিৱস ৷ মাতৃ দিৱসৰ এই পবিত্ৰ ক্ষণত এটা কুলাংগাৰ পুত্ৰৰ অকপট স্বীকাৰোক্তিয়ে আপোনাৰো কলিজা কঁপাই তুলিব ৷ "মই মোৰ মাক জ্বলাই দিলো" - হাতত এডাল খৰি লৈ পুত্ৰই নিজ হাতে জ্বলাই আছিল মাতৃৰ শৰীৰ...

terrified murder case in Amguri
মোৰ মাক মই জ্বলাই দিলো- পুত্ৰৰ অকপট স্বীকাৰোক্তি (ETV BHARAT ASSAM)

মোৰ মাক মই জ্বলাই দিলো- পুত্ৰৰ অকপট স্বীকাৰোক্তি (ETV BHARAT ASSAM)

আমগুৰি, 12 মে’ : কিমান তললৈ গ’লে এজন মানুহ দানৱলৈ পৰিৱৰ্তিত হ’ব পাৰে ? বৰ্তমান সময়ত আমাৰ সমাজখনত এনে কিছু ঘটনা সংঘটিত হৈ আহিছে যিসমূহ ঘটনাই আমাক পদে পদে ভাবিবলৈ বাধ্য কৰিছে যে, আমাৰ সমাজখন কোন দিশে গতি কৰিছে ! এইবাৰ শিৱসাগৰ জিলাৰ আমগুৰিত এনে এক ঘটনা সংঘটিত হৈছে যি ঘটনা শুনিলে আপোনাৰো গাৰ নোম শিঁয়ৰি উঠিব ৷ এগৰাকী পুত্ৰই জীৱন্তে নিজ ঘৰৰ চোতালত জ্বলাই দিলে জন্মদাত্ৰী মাতৃক ৷

নিশা এঘৰ লোকৰ চোতালত দপদপাই জ্বলি আছিল এটা শৰীৰ ৷ জুইকুৰাৰৰ ওচৰতে হাতত এডাল লাঠি লৈ মাতৃৰ শৰীৰটো জ্বলাই আছিল পুত্ৰই ৷ চুবুৰীয়াৰ প্ৰশ্নত পুত্ৰই অকপটে উত্তৰ দিছিল, "মই মোৰ মাক জ্বলাই দিলো ৷" মুখত ফুটি উঠা নাছিল কোনো ধৰণৰ অনুশোচনা, না কোনো অনুতাপ ৷ পুত্ৰৰ উত্তৰ শুনি হতবাক হৈছিল চুবুৰীয়া ৷

আমগুৰিৰ ৰজাবাম ডিব্ৰুৱালত শনিবাৰে নিশা সংঘটিত হৈছে এই নৃশংস কাণ্ড । মানস গগৈ নামৰ পুত্ৰৰ হাতত প্ৰাণ হেৰুৱালে বীণা গগৈ ওৰফে মেলেঙণি নামৰ মাতৃগৰাকীয়ে । 60 বছৰীয়া বৃদ্ধাগৰাকীক মানসে চোতালতে খৰি জাপি নিজ হাতেৰে জ্বলাই দিয়ে ৷

লগে লগে চুবুৰীয়াৰ লোকে স্থানীয় আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ খবৰ পোৱাৰ মাত্ৰাকে আমগুৰি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাই মহিলাগৰাকীৰ আধাজ্বলা শৰীৰৰটো উদ্ধাৰ কৰাৰ লগতে পুত্ৰ মানসকো আটক কৰিছে ৷ স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, দীৰ্ঘদিন ধৰি মানসে বৃদ্ধা মাতৃগৰাকীক শাৰীৰিকভাৱে অত্যাচাৰ চলাই আহিছিল ।

অৱশেষত শনিবাৰে নিশা পুত্ৰই সকলো সীমা চেৰাই অত্যধিক মদ্যপান কৰি মাতৃক জীৱন্তে জ্বলাই দিয়ে বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে ৷ এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

স্থানীয় লোকে হত্যাৰ অভিযুক্ত পুত্ৰক ফাঁচী দিবলৈ আৰক্ষীক দাবী কৰে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:

চাঞ্চল্যকৰ ঘটনা: বৃদ্ধ মাতৃক হত্যাৰ কথা স্বীকাৰ কৰি আত্মসমৰ্পণ সমাজকৰ্মীৰ

চাবুলৰ কোবত পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.