ETV Bharat / state

গুৱাহাটীত আজিৰে পৰা অসম জুৱেলাৰী এক্সপ’ - assam jewellery expo

author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 4:04 PM IST

assam jewellery expo begins in guwahati for the first time in north east
অসম জুৱেলাৰী এক্সপ’

Assam jewellery expo: উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা গহনা বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে অসম জুৱেলাৰী এক্সপ’ ৷

অসম জুৱেলাৰী এক্সপ’

গুৱাহাটী,22 মাৰ্চ : আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হৈছে অসম জুৱেলাৰী এক্সপ’। কে এন চি ছাৰ্ভিছৰ উদ্যোগত আৰু নিখিল অসম স্বৰ্ণ শিল্পী সমিতি সন্থাৰ সহযোগত গুৱাহাটীৰ আশী অপ্সৰাৰ বেনকুৱেট হলত আয়োজন কৰা হৈছে এই অসম জুৱেলাৰী এক্সপ’ ৷ অসম, দিল্লী, মুম্বাই, চেন্নাই, কলকাতাকে ধৰি দেশৰ বিভিন্ন স্থানৰ পৰা অহা 40 খন বিপণিয়ে এই অসম জুৱেলাৰী এক্সপ’ত অংশ গ্ৰহণ কৰিছে ।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন থলুৱা গহনা এই এক্সপ’ত প্ৰদৰ্শন কৰা হৈছে । অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা গহনাখিনিক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্য লৈ অসমত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই অসম জুৱেলাৰী এক্সপ’ত প্ৰতিখন ৰাজ্যৰ পৰা বিভিন্নজনে নিজৰ নিজৰ থলুৱা ডিজাইনাৰ গহনা প্ৰদৰ্শন কৰিছে । এই অসম জুৱেলাৰী এক্সপ’ৰ জৰিয়তে ৰাজ্যখনৰ স্বৰ্ণ শিল্পীসকলে দেশৰ বিভিন্ন স্থানৰ স্বৰ্ণশিল্প ডিজাইনাৰসকলৰ লগত পৰিচয় হোৱাৰ সুযোগ লাভ কৰিছে । অত্যাধুনিক ডিজাইনৰ গহনা বনাবলৈ যিবোৰ অত্যাধুনিক মেচিনৰ অভাৱ সেই মেচিনবোৰৰ বিষয়েও এই এক্সপ’তে জানিব পাৰিব তেওঁলোকে । পৰৱৰ্তী সময়ত স্বৰ্ণ শিল্পীসকলে অত্যাধুনিক মেচিনবোৰ নিজৰ কামতো ব্যৱহাৰ কৰিব পাৰিব ।

কে এন চি ছাৰ্ভিছৰ প্ৰতিষ্ঠাপক ক্ৰান্তি নৱেকৰ কয়, ‘প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হৈছে অসম জুৱেলাৰী এক্সপ’। আশা কৰিছো প্ৰতিবছৰে এই অসম জুৱেলাৰী এক্সপ’ অসমত অনুষ্ঠিত হওক । ইয়াৰ জৰিয়তে বিভিন্ন স্থানৰ পৰা অহা স্বৰ্ণ শিল্পীসকলে নতুন নতুন ডিজাইনৰ লগত পৰিচিত হ'ব ।’

অসম জুৱেলাৰী এক্সপ’ পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে চলি থাকিব ৷

লগতে পঢ়ক : প্ৰথমবাৰৰ বাবে গুৱাহাটীত অসম জুৱেলাৰী এক্সপ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.