ETV Bharat / state

অমৰছিং টিছ'ৰ হৈ মুখ্যমন্ত্ৰীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 9:19 PM IST

Lok Sabha Election 2024
অমৰছিং টিছ'ৰ হৈ মুখ্যমন্ত্ৰীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

Lok Sabha Election 2024: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলঙত একেদিনাই ৩ খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে । সৰিয়হজান, তাৰাবাছা আৰু ডংকামোকামত ডিফুৰ বিজেপি প্ৰাৰ্থী অমৰছিং টিছ'ৰ হৈ প্ৰচাৰ চলালে ।

অমৰছিং টিছ'ৰ হৈ মুখ্যমন্ত্ৰীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

কাৰ্বি আংলং, ২১ এপ্ৰিল : দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকক্ষণত শাসকীয় দলে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । তাৰ অংশ হিচাপে ডিফু লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী অমৰছিং টিছ'ৰ হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলং জিলাৰ সৰিয়হজান, তাৰাবাছা আৰু ডংকামোকামত নিৰ্বাচনী প্ৰচাৰ চলায় ৷ দিনৰ প্ৰায় ১১ বজাত হেলিকপ্টাৰযোগে বোকাজানত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে প্ৰথমে সৰিয়হজানত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে ।

ইয়াৰ পিচতে হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত তাৰাবাছাত দ্বিতীয়খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে আৰু শেষত পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামত আন এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

এই প্ৰচাৰ সভাত ভাষণ প্ৰদান কৰি নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ স্বাৰ্থত বিজেপি দলৰ প্ৰাৰ্থীক জয়যুক্ত কৰোৱাৰ বাবে তেওঁ ৰাইজক আহ্বান জনায় । প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে ৰাজ্য চৰকাৰে ইতিমধ্যে ১ লাখ চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰাৰ পিচত পুনৰ ২০২৪ চনত ৫০ হাজাৰ চৰকাৰী চাকৰিত নতুনকৈ নিযুক্তি প্ৰদান কৰিব ।

অহা জুলাইত আৰক্ষী বিভাগতো নতুনকৈ নিযুক্তি দিয়া হ'ব বুলি তেওঁ ঘোষণা কৰে । ৰেচন কাৰ্ড থকা সকলো লোকেই অহা দুৰ্গাপূজাৰ পূৰ্বে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব বুলিও তেওঁ সভাত ঘোষণা কৰে । ইয়াৰ উপৰিও বিজেপিৰ বিভিন্ন আঁচনিৰ সফলতাৰ কথাও তেওঁ উল্লেখ কৰে । শেহতীয়াকৈ ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত কাৰ্বি আংলঙৰ উত্তীৰ্ণ হাৰ ৮১ শতাংশ হোৱাৰ প্ৰসংগ উল্লেখ কৰি জিলাখনত বিৰাজ কৰা শান্তিপূৰ্ণ পৰিৱেশৰ বাবে এয়া সম্ভৱ হোৱা বুলি তেওঁ দাবী কৰে ।

মুখ্যমন্ত্ৰীয়ে অল পাৰ্টি হিলছ লীডাৰ্ছ কনফাৰেন্স চমুকৈ এপিএইচএলচি দলক কেৱল 'লীডাৰ'ৰ দল বুলি অভিহিত কৰে । আনহাতে কংগ্ৰেছ দলকো পুৰণি নোটৰ লগত তুলনা কৰি এই দল ভাৰতত নচলে বুলি কটাক্ষ কৰে । এইবাৰৰ নিৰ্বাচনত বিজেপিৰ সন্মুখত কোনো প্ৰতিদ্বন্দ্বী নাই বুলি মন্তব্য কৰি বৰ্তমানৰ নিৰ্বাচনী প্ৰেক্ষাপটক গ'লকীপাৰবিহীন গ'লপোষ্ট বুলি অভিহিত কৰে ।

তেওঁ উল্লেখ কৰা মতে অহা আগষ্ট-ছেপ্টেম্বৰত অসম মন্ত্ৰীসভাৰ সালসলনি হ'ব । তাৰাবাছাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত ডকমকাৰ পৰা কাজিৰঙা সংযোগী এক নতুন পথ নিৰ্মাণ কৰা হ'ব বুলিও জানিবলৈ দিয়ে । ইয়াৰ বাবে ইতিমধ্যে ৩০০ কোটি টকা মোকলাই দিয়া হৈছে বুলিও তেওঁ অৱগত কৰে । বিজেপিৰ শাসনত পূৰ্বৰ চৰকাৰৰ তুলনাত ধান-সৰিয়হৰ বিনিময়ত কৃষকে অধিক মূল্য লাভ কৰাৰ লগতে বাট-পথৰো বিস্তৰ উন্নয়ন হোৱা বুলি তেওঁ দাবী কৰে ।

তিনিওখন সভাতেই মুখ্যমন্ত্ৰীয়ে উচ্চ শিক্ষাৰ ক্ষেত্ৰত নামভৰ্তি বিনামূলীয়া কৰা বুলি ঘোষণা কৰাৰ লগতে ছাত্ৰীসকলৰ বাবে চৰকাৰে আগবঢ়োৱা আৰ্থিক পেকেজৰ কথা উল্লেখ কৰে । মুখ্যমন্ত্ৰীৰ এই প্ৰচাৰ সভাত কেইবা হাজাৰ লোকে অংশগ্ৰহণ কৰে । প্ৰচাৰৰ মাজতে মুখ্য়মন্ত্ৰীগৰাকীৰ বিজেপিৰ প্ৰচাৰ গীতৰ তালে তালে নৃত্য কৰাও দেখিবলৈ পোৱা গ'ল ।

লগতে পঢ়ক :আজমল মুখ্যমন্ত্ৰীৰ শ্ৰুতলিপিত চলা মানুহ: ৰকিবুল হুছেইন - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.