ETV Bharat / state

সামাজিক মাধ্যমত অত্যধিক জনপ্ৰিয়তাই বিপদ মাতিছে চৰকাৰী বিষয়াৰ: মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 9:13 PM IST

Appointment letter distribution: অসামৰিক সেৱা, আৰক্ষী সেৱাৰ ৮৪০ গৰাকী সফল প্ৰাৰ্থীক নিযুক্তি পত্র প্ৰদান মুখ্যমন্ত্ৰীৰ ৷ বিষয়াসকলক ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ পাঠ দিলে মুখ্যমন্ত্ৰীয়ে ৷ অহা জুলাই মাহৰ পৰা সচিবালয়ত নাথাকিব উপ-সচিবৰ‌ পদ ৷

Himanta Biswa Sarma
Assam Govt job promise

নিযুক্তি পত্র প্ৰদান মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ১৫ ফেব্ৰুৱাৰী: অসম চৰকাৰৰ উচ্চ পদস্থ বিষয়াকসকলক ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ পাঠ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কেনেদৰে অসম অসামৰিক সেৱা আৰু অসম আৰক্ষী সেৱাৰ বিষয়াসকলে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিব লাগে তাৰে পাঠ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

বৃহস্পতিবাৰে গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম অসামৰিক সেৱা, অসম আৰক্ষী সেৱা আৰু অন্যান্য সংলগ্ন সেৱাৰ উত্তীৰ্ণ প্ৰাৰ্থীসকলক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্ৰ প্ৰদান কৰে ৷ ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ পাঠ দি মুখ্যমন্ত্ৰীয়ে কয় যে ছ’চিয়েল মিডিয়াত বেছি ‘Like’ এ বিপদ কঢ়িয়াই আনিব পাৰে বিষয়াসকলৰ বাবে । গতিকে অলপ ভাবি-চিন্তি সাৱধানে বিষয়াসকলে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰা উচিত ৷

অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, এক লাখ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশে চৰকাৰৰ অবিৰত যাত্রা আগবাঢ়িছে ।‌ ৯৩,৫৫৭ গৰাকী প্ৰাৰ্থীৰ সফল নিযুক্তিৰ পাছত ৰাজ্য চৰকাৰৰ ১৫টা বিভাগ (অসম অসামৰিক সেৱা, অসম আৰক্ষী সেৱা আৰু অন্যান্য সংলগ্ন সেৱা) ত ৮৪০গৰাকী সফল প্ৰাৰ্থীলৈ আনুষ্ঠানিক নিযুক্তি পত্র প্রদানে উদাহৰণ সৃষ্টি কৰিছে ।

তেওঁ লগতে কয় যে এইবাৰ উত্তীৰ্ণ হোৱা বিভিন্ন প্ৰাৰ্থীসকলক লটাৰীৰ মাধ্যমেৰে বিভিন্ন ঠাইত নিযুক্তি দিয়া হ'ব । বেছি দক্ষ বিষয়াক পশ্চাৎপদ অঞ্চলত‌ নিয়োগ কৰিলে সম উন্নয়ন হয় । অকল গুৱাহাটী মহানগৰীত নিযুক্তি পোৱাৰ আশা নকৰাৰ বাবে তেওঁ পৰামৰ্শ দিয়ে প্ৰাৰ্থীসকলক ।

ড৹ শৰ্মাই আৰু কয় যে এতিয়াৰ পৰা অসম সচিবালয়ত উপ-সচিব পৰ্যায়ৰ বিষয়া ৰখা নহ'ব । তেওঁলোকক বিভিন্ন জিলাত নিয়োগ কৰা হ'ব । দেশৰ বিভিন্ন ৰাজ্যৰ সচিবালয়ত উপ সচিব পৰ্যায়ৰ বিষয়া ৰখা নহয় । অসমত বিভিন্ন অজুহাতত এই পৰম্পৰা চলি আছিল । আচলতে সচিবালয়ত উপ সচিব পৰ্যায়ৰ বিষয়াৰ প্ৰয়োজন নাই । অহা জুলাইৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব ।

উল্লেখযোগ্য যে এই ৮৪০গৰাকী প্ৰাৰ্থীক পৰিৱহণ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, শ্রমিক কল্যাণ, আৰকাৰী, কৰ্মচাৰী, গৃহ আৰু ৰাজনৈতিক, বিত্ত, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান, দক্ষতা, নিয়োগ আৰু উদ্যমিতা, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা, সমবায়, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন, মাধ্যমিক শিক্ষা, জলসিঞ্চন, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগত নিযুক্তি দিয়া হয় । অনুষ্ঠানত মন্ত্ৰী পৰিমল শুক্লবৈদ্য, জয়ন্ত মল্ল বৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী আদি উপস্থিত আছিল ।

লগতে পঢ়ক: লাহদৈগড়স্থিত নিৰ্মীয়মান লাচিত প্ৰকল্প পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.