ETV Bharat / state

৩১ জানুৱাৰী পর্যন্ত মাত্ৰ ৩০,১০১ বিদেশীক বহিষ্কাৰ: বিধানসভাৰ তথ্য

author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 5:11 PM IST

Assam Assembly
2024 চনৰ 31 জানুৱাৰীলৈ কিমান বিদেশী বহিষ্কাৰ হ’ল

Assam Assembly : চলিত বৰ্ষৰ 31 জানুৱাৰীলৈ অসমৰ পৰা 30,101 বিদেশী নাগৰিকক বহিষ্কাৰ কৰা হৈছে ৷ 2023 চনৰ ডিচেম্বৰ মাহলৈ অসমত মুঠ 1,59,353 বিদেশী চিনাক্ত ৷

গুৱাহাটী, 15 ফেব্ৰুৱাৰী : অসম চুক্তি অনুযায়ী চলিত বৰ্ষৰ 31 জানুৱাৰীলৈ অসমৰ পৰা 30,101 জন বিদেশী নাগৰিকক বহিষ্কাৰ কৰা হৈছে ৷ বিধান সভাত এই তথ্য সদৰী‌ কৰিছে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই ৷

মন্ত্ৰী অতুল বৰাই সদৰী‌ কৰা‌ মতে অসম চুক্তি অনুযায়ী 2023 চনৰ ডিচেম্বৰ মাহলৈ অসমত মুঠ 1,59,353 জন লোকক বিদেশী ৰূপে চিনাক্ত কৰা হৈছে ৷ ইয়াৰে চলিত বৰ্ষৰ 31 জানুৱাৰীলৈ অসমৰ পৰা মাত্ৰ 30,101 জন বিদেশী নাগৰিকক বহিষ্কাৰ কৰা হৈছে ৷ উল্লেখ্য যে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে (কনিষ্ঠ) অসম চুক্তি অনুযায়ী এতিয়ালৈকে ৰাজ্য চৰকাৰে অসমত কিমান অবৈধ বাংলাদেশী নাগৰিকক চিনাক্তকৰণ আৰু বহিস্কাৰ কৰা হৈছে সেই সন্দৰ্ভত প্ৰশ্ন কৰিছিল ৷ বিধায়ক জনে লগতে বর্তমান ডিটেনছন কেম্পত বিদেশী গোচৰত কিমানজন লোক আটকাধীন হৈ আছে আৰু অসম চুক্তিৰ 6 নং দফা অনুযায়ী অসমীয়াৰ সাংবিধানিক ৰক্ষা কবচ বিষয়টো বর্তমান কি অৱস্থাত আছে, এই বিষয়ত ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ কোনো আলোচনা হৈছে নে সেই সন্দৰ্ভত আন এক প্ৰশ্ন কৰিছিল ৷

Assam Assembly
অসমৰ পৰা 30,101 বিদেশী নাগৰিকক বহিষ্কাৰ

এই প্ৰশ্নৰ উত্তৰত মন্ত্ৰী অতুল বৰাই কয় যে চলিত বৰ্ষৰ জানুৱাৰী পর্যন্ত ট্ৰানজিত কেম্পত 203 জন লোক আটক হৈ আছে ৷ আনহাতে 6 নং দফাৰ বাবে অসম চৰকাৰে এখন উপ-সমিতি গঠন কৰিছে আৰু এই উপ-সমিতিখনত 6 নং দফাৰ লগতে আন সকলোবোৰ দফাৰ বিষয়বস্তুসমূহ অধ্যয়ন আৰু পৰ্যালোচনা কৰি থকা হৈছে ৷ এতিয়ালৈকে এই উপ-সমিতিখনত পাঁচবাৰ আলোচনা সম্পাদন হৈছে আৰু ইয়াৰ সম্পূর্ণ অধ্যয়ন আৰু পৰ্যালোচনা হোৱাৰ পিছতহে পৰৱৰ্তী ব্যৱস্থা সমূহ হাতত লোৱা হ'ব বুলি তেওঁ সদৰী কৰে ৷ অতুল বৰাই বিধায়ক ইছলামৰ আন এক প্ৰশ্ন উত্তৰত কয় যে অসমত আদি বাসিন্দা কোন সেয়া এতিয়ালৈকে ঠিৰাং কৰা হোৱা নাই ৷ অসম চুক্তিত উল্লেখিত "অসমীয়া" ৰ সংজ্ঞা নির্ণয় কৰা হোৱা নাই ৷

লগতে পঢ়ক : সদনত বিভাগীয় মন্ত্ৰীৰ ওলোটা খৰ; আন্দোলনৰ ঘোষণা সদৌ অসম গাঁও পঞ্চায়ত সমন্বয়ক সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.