ETV Bharat / state

কংগ্ৰেছে টেঙা আম বাৰে বাৰে বেচিব নোৱাৰে: অতুল বৰা - Asom Gana Parishad

author img

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 10:23 PM IST

AGP meeting at Sonitpur: তেজপুৰৰ অসম গণ পৰিষদৰ কাৰ্যালয়ত শোণিতপুৰ সংসদীয় সমিতিৰ নিৰ্বাচনী বৈঠক ৷ বৈঠকৰ শেষত সংবাদ মাধ্যমৰ আগত অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই ক'লে- কংগ্ৰেছ দল এতিয়া নিশকটীয়া ৷

AGP meeting at Sonitpur
শোণিতপুৰ সংসদীয় সমিতিৰ নিৰ্বাচনী বৈঠক

অসম গণ পৰিষদৰ সভাপতি অতুল বৰা

তেজপুৰ, ২৩ মাৰ্চ: কংগ্ৰেছ দীৰ্ঘদিন ধৰি ক্ষমতাত থকাৰ পিচতো অসমৰ উন্নয়ন সাধন কৰিব নোৱাৰিলে, ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ তুলনাত অসম সকলোতকৈ পিচ পৰি থাকিল । অসমত কংগ্ৰেছৰ দিনত উন্নয়ন স্থৱিৰ হৈ আছিল, বিজেপি ক্ষমতাত অহাৰ পিচত দেশত উন্নয়ন সাধন হৈছে । এই মন্তব্য অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ ।

  • " class="align-text-top noRightClick twitterSection" data="">

শনিবাৰে বিয়লি তেজপুৰ অসম গণ পৰিষদৰ কাৰ্যালয়ত শোণিতপুৰ সংসদীয় সমিতিৰ নিৰ্বাচনী বৈঠকত অংশগ্ৰহণ কৰি অগপৰ জ্যেষ্ঠ নেতা তথা অসম চৰকাৰৰ কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে, কংগ্ৰেছৰ নেতৃত্বত গঠন কৰা ভাৰত মিত্ৰজোঁট এতিয়া থানবান হৈ গ’ল । প্ৰথম পৰ্যায়ৰ পাঁচটা সমষ্টিৰ নিৰ্বাচনত কংগ্ৰেছ এতিয়া বিয়োগ শূন্য । কংগ্ৰেছৰ বিষয়ে এতিয়া ৰাইজে পাহৰি গৈছে । এই নিৰ্বাচনত ৰাইজে মিত্ৰদল বিজেপিক পুনৰ শাসনৰ গাদীত বহুওৱাৰ বাবে নিশ্চিত কৰি লৈছে ।

কংগ্ৰেছে টেঙা আম বাৰে বাৰে বেচিব নোৱাৰে বুলিও দলটোক কটাক্ষ কৰি তেওঁ কয়, কংগ্ৰেছে এতিয়া যি দাবী কৰি আছে সেয়া যোৱা পাঁচখন ৰাজ্যৰ নিৰ্বাচনতো কৰিছিল ৷ কিন্তু ৰাইজে ফলাফল দেখিছে ৷ গতিকে সেই কথা পুনৰ দোহাৰি লাভ নাই বুলি তেওঁ মন্তব্য কৰে । উল্লেখ্য যে, শোণিতপুৰ সংসদীয় সমিতিৰ নিৰ্বাচনী বৈঠকত তেজপুৰত পাঁচটা বিধানসভা সমষ্টিৰ উপৰিও বিহপুৰীয়া, বিশ্বনাথ আৰু বিহালি সমষ্টিৰ অগপৰ কৰ্মকৰ্তাসকলে আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণনীতি তৈয়াৰ কৰে ।

আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰ সন্দৰ্ভত অগপৰ সভাপতি তথা মন্ত্ৰী বৰাই কয়, "আইনে এই ব্যৱস্থা গ্ৰহণ কৰিছে, আইনৰ উৰ্ধত কোনো নহয় ।"

লগতে পঢ়ক: ৰাজনৈতিক ক্ষেত্রত সৰ্বানন্দ বনাম লুৰীণজ্যোতি: দুই প্ৰাক্তন আছু নেতাৰ বিচাৰ কৰিব ডিব্ৰুগড়বাসীয়ে - Dibrugarh Lok Sabha Constituency

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.