ETV Bharat / state

পিষ্টল লৈ গুৱাহাটীত চান্দা উঠোৱাজন এতিয়া মহাপুৰুষ: ভূপেন বৰা

author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 4:09 PM IST

মুখ্যমন্ত্ৰী সন্দৰ্ভত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া
মুখ্যমন্ত্ৰী সন্দৰ্ভত ভূপেন বৰা প্ৰতিক্ৰিয়া

Bhupen Bora Slams Assam CM : বিজেপিত যোগদান কৰা ৰাণা গোস্বামী সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে অসম কংগ্ৰেছ হিমন্তমুক্ত হোৱাৰ দিশে আগবাঢ়িছে । লগতে মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰি কয়, এসময়ত পিষ্টল লৈ গুৱাহাটীত চান্দা উঠোৱা ব্যক্তিজন এতিয়া মহাপুৰুষ হৈছে । তেওঁৰ কথা এতিয়া গীতাৰ বাণী হৈছে ।

মুখ্যমন্ত্ৰী সন্দৰ্ভত ভূপেন বৰা

গুৱাহাটী, ২৯ ফেব্ৰুৱাৰী : অসম প্ৰদেশ কংগ্ৰেছত এতিয়া যেন দল ত্যাগৰ জোৱাৰ উঠিছে । এজন এজনকৈ প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতাই দল ত্যাগ কৰি বিজেপিমুখী হৈছে । শেহতীয়াকৈ এই তালিকাত নাম সন্নিৱিষ্ট হৈছে জ্যেষ্ঠ কংগ্ৰেছী ৰাণা গোস্বামীৰ । অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি পদৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰিলে ৰাণা গোস্বামীয়ে । কিন্তু বৃহস্পতিবাৰে ৰাণা গোস্বামীয়ে বিজেপিত যোগদান‌ৰ সময়তে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন‌ কুমাৰ বৰাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । ৰাণা গোস্বামীৰ বিজেপি যোগদান সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত ভূপেন বৰাই কয় যে এই বিষয়ক লৈ কংগ্ৰেছ দল‌ শংকিত হোৱা নাই । ইয়াতকৈ এখোপ আগবাঢ়ি গৈ এপিচিচিৰ সভাপতিগৰাকীয়ে কয় যে ইয়াৰ দ্বাৰা‌ বৰং হিমন্তমুক্ত কংগ্ৰেছ দল গঠনৰ কাম অধিক খৰতকীয়া হৈছে । আনহাতে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে কংগ্ৰেছত থকাৰ সময়ত হিমন্ত‌ বিশ্ব‌ শৰ্মাই ২০১১ চনত বিজেপিক অসমৰ পৰা পুলিয়ে-পোখাই উভালি পেলোৱা বুলি দাবী কৰিছিল ।‌ কিন্তু পিচত চিআইডিৰ ভয়ত তেওঁ বিজেপিৰ চৰণত শৰণাপন্ন হয় । সেই কথা‌ সকলোৱে জানে বুলি উল্লেখ কৰি ভূপেন বৰাই কয় যে সেই সময়ত বিজেপিৰ ৰাজ্যিক সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ঘৰলৈ গৈ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভৰিত ধৰিছিল । ইয়াৰ উপৰি মুখ্যমন্ত্ৰী সন্দৰ্ভত আন এক গুৰুতৰ অভিযোগ আনি তেওঁ কয় যে মুখ্যমন্ত্ৰী হৈছে এগৰাকী আত্মসমৰ্পণকাৰী ব্যক্তি । সেয়ে তেওঁ আত্মসমৰ্পণকৰীৰ ওচৰত আত্মসমৰ্পণ নকৰে বুলিও দৃঢ়তাৰে কয় । লগতে তেওঁৰ দাবী, এসময়ত পিষ্টল লৈ গুৱাহাটীত চান্দা উঠোৱা ব্যক্তিজন এতিয়া মহাপুৰুষ হৈছে । তেওঁৰ কথা এতিয়া গীতাৰ বাণী হৈছে । আনহাতে, অগপৰ প্ৰসংগ টানি আনি ভূপেন বৰাই কয় যে হিমন্ত বিশ্ব শৰ্মাই এদিন নিজে কৈছিল যে অগপৰ আমবাৰীৰ কাৰ্যালয়টো এদিন এটা ক্লাবঘৰ হ'ব । কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে নিজে অতুল‌ বৰা আৰু কেশৱ মহন্ত নহ'লে দিনত আৰু নিশা আহাৰ‌ কৰিব নোৱাৰা হৈছে বুলি ভূপেন বৰাই কটাক্ষ কৰে ।

লগতে পঢ়ক :বৃহস্পতিবাৰে গেৰুৱা হ’ব ৰাণা গোস্বামী, কমলাক্ষ পিছে দোধোৰ-মোধোৰত নেকি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.