ETV Bharat / state

অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 9:55 PM IST

anusuchit jati yuva chatra parishad protest in guwahati
অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

Anusuchit Jati Yuva Chatra Parishad: অনুসূচিত জাতিৰ উন্নয়ন আৰু কল্যাণৰ বাবে পাঁচ হেজাৰ কোটি টকাৰ পুঁজি নিৰ্দ্ধাৰণৰ দাবীত চচলত ধৰ্ণা ৷

প্ৰতিবাদকাৰীৰ ভাষ্য

গুৱাহাটী, ২৮ ফেব্ৰুৱাৰী : নায্যপ্ৰাপ্তিৰ দাবীত চচলত পুনৰ প্ৰতিবাদত বহিল অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম । অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ উদ্যোগত বুধবাৰে বিভিন্ন সমস্যা সমাধানৰ দাবীত গুৱাহাটীৰ চচলৰ ধর্ণাস্থলীত ধর্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

২০২৪-২৫ বৰ্ষৰ ৰাজ্যিক বাজেটৰ সংশোধনী ঘটাই অনুসূচিত জাতিৰ উন্নয়ন আৰু কল্যাণৰ বাবে নূন্যতম পাঁচ হেজাৰ কোটি টকাৰ পুঁজি নিৰ্ধাৰণ কৰা, বিসংগতিপূর্ণ 'মিছন ভূমিপুত্ৰ' আঁচনি শীঘ্ৰে বাতিল কৰা, ২০২৪-২৫ বৰ্ষৰ অসম বাজেটত উল্লেখ কৰা শৈক্ষিক পাৰদৰ্শিতাৰ ভিত্তিত অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীক বিত্তীয় উদগনি আৰু জলপানী দিয়াৰ পৰিৱৰ্তে পূৰ্বৰ ছাত্ৰ জলপানীৰ পৰিমাণ ১০০% লৈকে বৃদ্ধি কৰি নিয়মীয়াকৈ আদায় দিয়া, 'জ্যেষ্ঠতাৰ ধাৰাবাহিকতা' বাহাল ৰখা, অনুসূচিত জাতি-জনজাতিৰ বিষয়া-কর্মচাৰীৰ পদোন্নতি দিয়া, অনুসূচিত জাতিৰ বেকলগ পদ পূৰণৰ বাবে শীঘ্ৰে বিশেষ নিযুক্তিৰ ব্যৱস্থা কৰা, বেকলগ পদ পুৰণৰ ব্যৱস্থা কৰা আদিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে তেওঁলোকে ।

প্ৰতিবাদকাৰী সকলে নায্য প্ৰাপ্তিৰ দাবী তুলি চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দি চচলৰ আকাশ বতাহ উত্তাল কৰি তোলে । প্ৰতিবাদকাৰীসকলে প্ৰথমে ধর্ণাস্থলীৰ পৰা সমদল কৰি ৰাজপথলৈ ওলাই আহিব বিচাৰে যদিও আৰক্ষীয়ে বেৰিকেড দি বাধা প্ৰদান কৰে । ইয়াকে লৈ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । পিচত আৰক্ষীৰ বুজনিত পুনৰ ধর্ণাস্থলীত বহে প্ৰতিবাদকাৰীসকল । প্ৰতিবাদৰ অন্তত অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদে দিছপুৰ আৰক্ষীৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

অনুসূচিত জাতিৰ সমস্যাক লৈ পিঠি দিয়া ৰাজ্য চৰকাৰক কঠোৰ সকীয়নি প্ৰদান কৰে যুৱ ছাত্ৰ পৰিষদৰ অসমৰ নেতৃবৃন্দই ৷ সমস্যাসমূহ সমাধান নহ’লে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ পুনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ’ব বুলিও মন্তব্য কৰে ।

লগতে পঢ়ক : বিসংগতিপূর্ণ মিছন ভূমিপুত্ৰ বাতিল কৰাৰ দাবীত অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.