ETV Bharat / state

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কা বিৰোধী প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 9:07 AM IST

Anti Caa protest in various parts of Assam
ৰাজ্যৰ বিভিন্ন প্ৰান্তত কা বিৰোধী প্ৰতিবাদ

Protest against CAA : কা বিৰোধী প্ৰতিবাদত উত্তাল সমগ্ৰ ৰাজ্য ৷ সদৌ অসম ছাত্ৰ সন্থা আৰু ত্ৰিশটা জনগোষ্ঠীয় সংগঠনৰ লগতে বিভিন্ন দল-সংগঠনে ‘কা’ৰ বিৰুদ্ধে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ কা আমি নামানো, কা বাতিল কৰক আদি শ্লʼগানেৰে উত্তাল সমগ্ৰ ৰাজ্য ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কা বিৰোধী প্ৰতিবাদ

নিউজ ডেস্ক, 8 মাৰ্চ: সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ তৎপৰ হোৱাৰ সময়তে বিতৰ্কিত আইনখন বাতিলৰ দাবীত পুনৰবাৰ প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য । ইয়াৰে অংশ হিচাপে কাৰ্বি আংলং জিলাৰ বোকাজানত কেইবাটাও সংগঠনে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আইনখনৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে অনাগত সময়ত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে ।

সদৌ অসম ছাত্ৰ সন্থা আৰু ত্ৰিশটা জনগোষ্ঠীয় সংগঠনৰ আহ্বান ক্ৰমে বৃহস্পতিবাৰে কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাই বোকাজানত এক বিশাল মটৰ চাইকেল ৰেলীৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । সংগঠনটোৰ বোকাজান আঞ্চলিক কাৰ্যালয়ৰ পৰা উলিওৱা মটৰ চাইকেল সমদলত অংশগ্ৰহণ কৰি প্ৰতিবাদকাৰীসকলে ʼজয় আই অসমʼ, ‘কা আমি নামানোʼ, ‘কা বাতিল কৰকʼ আদি শ্লʼগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

লগতে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত তথা দুৰ্নীতি বিৰোধী যুৱশক্তি কাৰ্বি আংলং জিলা সমিতিৰ সহযোগত বৃহস্পতিবাৰে ʼকাʼ বাতিলৰ দাবীত পৰিষদৰ বোকাজান আঞ্চলিকৰ কাৰ্যালয়ৰ সন্মুখত এক গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰতিবাদকাৰীসকলে হাতে হাতে বিভিন্ন শ্লʼগান সম্বলিত প্লে-কাৰ্ড প্ৰদৰ্শন কৰি ‘কা বাতিল কৰক’, ‘কা আমি নামানো’, ‘অসম চৰকাৰ হায় হায়’ আদি শ্লʼগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

গোলাঘাট ছাত্ৰ সন্থা আৰু 30 টাকৈ জাতীয় সংগঠনৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গোলাঘাট জিলাত এক বিশাল বাইক ৰেলী উলিওৱা হয় । গোলাঘাট জিলা ছাত্ৰ সন্থাৰ শ্বহীদ ভৱনৰ সম্মুখতৰ পৰা উলিওৱা এই বাইক ৰেলীত অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ-সভাপতি অভিৱৰ্তন গোস্বামী ৷

সমান্তৰালভাৱে, ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদী সমদল বাহিৰ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । গোলাঘাট জিলা কাৰ্যালয়ৰ পৰা উলিওৱা এই প্ৰতিবাদী সমদলত কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই অংশগ্ৰহণ কৰি কয়, "2015 চনৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই আইনৰ বিৰোধিতা কৰি আহিছে । পুলিচ আৰু চৰকাৰে যিমানে ভয় ভাবুকি দিয়ক প্ৰয়োজন হ'লে বুকুত গুলী খাম কিন্তু এই আইনৰ বিৰোধিতা কৰি আহিছো আৰু কৰি যাম ।"

আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিৰ উদ্যোগত সমন্বয় ক্ষেত্ৰৰ সন্মুখত ‘কা’ ৰ বিৰুদ্ধে গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে । এই গণ অৱস্থান কাৰ্যসূচীৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিৰ উপদেষ্টা আব্দুল হাচিমে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিধি বলৱৎ কৰিব বিচৰা কাৰ্যক ধিক্কাৰ জনোৱাৰ লগতে অতি সোনকালে এই আইন বাতিল কৰিবলৈ দাবী জনায় ৷

ইয়াৰোপৰি, মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাচতো চৰাইদেউত 'কা'ৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই উলিয়াই বিশাল ৰেলী । সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠীয় সংগঠনৰ আহ্বানত উলিওৱা হয় এই বাইক ৰেলী । কাকতিবাৰীৰ পৰা সোণাৰিলৈ বিশাল সমদল কৰে আছুকৰ্মীয়ে । বিজেপি চৰকাৰে অসমীয়া মানুহৰ মতামতক আওকাণ কৰি নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰিবলৈ চেষ্টা কৰিছে । সেয়ে নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ সদৌ অসম ছাত্ৰ সন্থাৰ নেতা-কৰ্মীসকলৰ ।

লগতে পঢ়ক: কা আহিলে ভোট নিদিব, ময়ো নিদিও : জুবিন গাৰ্গ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.