ETV Bharat / state

মাননি বৃদ্ধি নকৰিলে নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ অংগনৱাড়ী কর্মীৰ

author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 3:53 PM IST

Anganawadi workers protest
মাননি বৃদ্ধি নকৰিলে নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ অংগনৱাড়ী কর্মীৰ

Anganawadi workers protest : মাননি বৃদ্ধিৰ দাবীকে ধৰি চৰকাৰী বঞ্চনাৰ প্ৰতিবাদত অসহযোগ কাৰ্যসূচী অব্যাহত আছে অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ ৷ দাবী পূৰণ নকৰিলে লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰ সিদ্ধান্ত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ ৷

মাননি বৃদ্ধি নকৰিলে নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ অংগনৱাড়ী কর্মীৰ

গুৱাহাটী, ২৬ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধিছে ৰাজনৈতিক দল-সংগঠনসমূহে ৷ ইয়াৰ সমান্তৰালকৈ ৰাজ্যত অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী ৷ 15 ফেব্ৰুৱাৰীৰ পৰা সমগ্ৰ ৰাজ্যজুৰি অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে মাননিৰ পৰিৱৰ্তে মজুৰিৰ দাবীত অনিৰ্দিষ্টকাললৈ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে ৷

ইয়াৰে অংশস্বৰূপে মাননি বৃদ্ধিৰ দাবীকে ধৰি চৰকাৰী বঞ্চনাৰ প্ৰতিবাদত হেজাৰ হেজাৰ অংগনৱাড়ী কর্মী-সহায়িকাই সোমবাৰে গুৱাহাটীৰ চচলত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । অসমৰ ভিন্ন জিলাৰ পৰা অংগনৱাড়ী কর্মী-সহায়িকাসকলে ন্যায্য প্ৰাপ্তিৰ দাবী তুলি বিভিন্ন চৰকাৰবিৰোধী শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে । অসম ৰাজ্যিক অংগনৱাড়ী কর্মী-সহায়িকা সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰতিবাদী কার্যসূচীত ৰাজ্যৰ ট্রেড ইউনিয়নৰ নেতাসকলেও অংশগ্ৰহণ কৰে।

প্ৰতিবাদকাৰীসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে, বিগত কেইবামাহ ধৰি বিভিন্ন কাকুতি-মিনতি, আন্দোলন-সংগ্রাম আদি কৰি অহাৰ পিচতো বিজেপি চৰকাৰে কোনো দাবীৰ প্ৰতি সঁহাৰি জনোৱা নাই । অংগনৱাড়ী কর্মী-সহায়িকাসকলে তৃণমূল পর্যায়ত ৰাজ্যখনত বিভিন্ন গুৰুত্বপূর্ণ সেৱা আগবঢ়াই থকাৰ উপৰিও বি এল অ', পোষণ টেকাৰ, অৰুণোদয়, পলিঅ', আয়ুষ্মানকে ধৰি ৰাজ্য চৰকাৰৰ বহুকেইখন গুৰুত্বপূর্ণ আঁচনি দিন-ৰাতি ৰূপায়ণত ব্রতী থকাৰ পিচতো অংগনৱাড়ী কর্মী-সহায়িকাক প্রাপ্য মজুৰিৰ পৰা বঞ্চিত কৰাত আক্ষেপ প্ৰকাশ কৰে ।

সেয়ে চৰকাৰে অনতিপলমে কৰ্মী-সহায়িকা তথা মিনি কৰ্মীক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি প্ৰদান কৰাৰ বাবে দাবী জনায়। অন্যথা ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰ্মৰত 1 লাখ 20 হাজাৰ অংগনৱাড়ী কর্মী-সহায়িকাই আগন্তুক লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে ।

উল্লেখ্য যে, অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে দীৰ্ঘদিন ধৰি তেওঁলোকৰ দাবী কাৰ্যকৰীকৰণৰ বাবে চৰকাৰক দাবী জনাই আহিছে ৷ তেওঁলোকে এই দাবীসমূহ বাজেটত সন্নিৱিষ্ট হ’ব বুলি ভাবিছিল যদিও সেয়া নহ’ল ৷ সেইবাবেই অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে অসহযোগ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয় ৷ এতিয়া এই দাবীসমূহ চৰকাৰে কিমান গুৰুত্ব সহকাৰে লয় সেয়া সময়তহে পৰিলক্ষিত হ’ব ৷

লগতে পঢ়ক: মাননীৰ সলনি মজুৰি প্ৰদানৰ দাবীত চচলত বিক্ষোভ অংগনবাড়ী কর্মী-সহায়িকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.