ETV Bharat / state

ডিব্ৰুগড়ৰ কদৰ্যময় গাভৰুপথাৰ তিনিআলিত মুকলি আকৰ্ষণীয় উদ্যান

author img

By ETV Bharat Assamese Team

Published : Mar 14, 2024, 5:26 PM IST

Attractive park opened at Dibrugarh: দীৰ্ঘদিন ধৰি ডিব্ৰুগড়ৰ মাজমজিয়াৰ গাভৰুপথাৰ তিনিআলি আৱৰ্জনাৰ ভৰি আছিল । কিন্তু চৰকাৰ তথা প্ৰশাসনৰ উদ্যোগত নতুন ৰূপ পালে অঞ্চলটোৱে । বৃহস্পতিবাৰে সেই স্থানত এখন উদ্যান মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

Attractive park opened at Dibrugarh
ডিব্ৰুগড়ৰ কদৰ্যময় গাভৰুপথাৰ তিনিআলিত মুকলি আকৰ্ষণীয় উদ্যান

ডিব্ৰুগড়ৰ কদৰ্যময় গাভৰুপথাৰ তিনিআলিত মুকলি আকৰ্ষণীয় উদ্যান

ডিব্ৰুগড়,১৪ মাৰ্চ : গুৱাহাটীৰ পিচতে এখন আগশাৰীৰ চহৰ হিচাপে বিবেচিত হৈ আহিছে ডিব্ৰুগড় চহৰ । অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় , মোহনবাৰী বিমানবন্দৰ আৰু শেহতীয়াকৈ গেছ ক্ৰেকাৰ প্ৰকল্প আৰম্ভ হোৱাত ডিব্ৰুগড় চহৰখন ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ হৈ উঠিছে । উত্তৰ-পূৱৰ দুৱাৰমুখ হিচাপে বিবেচিত হোৱা ডিব্ৰুগড় চহৰক আকৰ্ষণীয় কৰি তোলাৰ বাবেও ডিব্ৰুগড় জিলা প্ৰশাসনৰ লগতে ৰাজ্য চৰকাৰ তৎপৰ হৈছে । তাৰ অংশ হিচাপে ডিব্ৰুগড়ৰ গাভৰুপথাৰ তিনিআলিত এখন সুন্দৰ উদ্যান মুকলি কৰা হয় ।

নিবাৰ্চনী প্ৰচাৰৰ ব্যস্ততাৰ মাজতে ডিব্ৰুগড়ৰ গাভৰুপথাৰ তিনিআলিত এই নতুন উদ্যানখন মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে । পূৰ্বে কদৰ্যময় অৱস্থাত আছিল এই গাভৰুপথাৰ আৰু এতিয়া ইয়াত আকৰ্ষণীয় উদ্যানলৈ পৰিৱৰ্তিত কৰা হয় । ডিব্ৰুগড় পৌৰ নিগমৰ প্ৰচেষ্টাত নতুন ৰূপ লাভ কৰিলে আৱৰ্জনাৰে ভৰি থকা ডিব্ৰুগড়ৰ গাভৰুপথাৰ তিনিআলিয়ে ।

চহৰখনৰ সৌন্দযবৰ্ধনৰ বাবে নিৰ্মাণ কৰা উদ্যানখন আনুষ্ঠানিক ভাৱে মুকলি কৰি আনন্দিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিলাষী আঁচনি স্বচ্ছ ভাৰত অভিযানৰ অংশস্বৰূপে নিৰ্মাণ কৰা এই উদ্যানখনে চহৰখনৰ সৌন্দযবৰ্ধনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশাবাদী সকলো ।

এই অনুষ্ঠানত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ চৈকত পাত্ৰ, উপ-মেয়ৰ উজ্জ্বল ফুকন, স্থানীয় কাউঞ্চিলাৰ সীমান্ত বৰুৱাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে । উল্লেখ্য যে ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰাৰ পিচতেই প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

লগতে পঢ়ক:গৌৰৱ গগৈয়ে এইবাৰ জয়ী হৈ দেখুৱাওক; নলবাৰীৰ বিকাশ যাত্ৰাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.