ETV Bharat / state

সোণোৱালৰ দিনতে সজা চৰকাৰী গৃহ ড৹ শৰ্মাৰ দিনত আৱৰিলে হাবি-বননিয়ে - Abandoned government office

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 4:19 PM IST

PWD office in Biswanath: সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থাকোতেই লাখ লাখ টকা খৰচ কৰি নিৰ্মাণ কৰা হৈছিল চৰকাৰী গৃহটো ৷ এতিয়া মুখ্যমন্ত্ৰীও সলনি হ’ল, বিভাগৰ নামো সলনি হ’ল ৷ কিন্তু চৰকাৰী ধনৰ সৰাধ পতা পৰম্পৰাটোহে সলনি নহ’ল ৷ হাবি-বননিৰ মাজতে পৰি ৰৈছে ৰাইজৰ ধন ৷

PWD office in Biswanath
লোকনিৰ্মাণ বিভাগৰ কাৰ্যালয় ও জিৰণিগৃহৰ অৱস্থা! (ETV Bharat Assam)

লোকনিৰ্মাণ বিভাগৰ কাৰ্যালয় ও জিৰণিগৃহৰ অৱস্থা! (ETV Bharat Assam)

বিশ্বনাথ, ১৫ মে’: আছে গৰু নাবায় হাল, থকাতকৈ নথকাই ভাল ৷ এই বাক্যশাৰীৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰা হয় যে যিকোনো গুৰুত্বপূৰ্ণ বস্তু বা মূল্যবান সামগ্ৰী যদি ব্যৱহাৰ কৰা নহয়, তেন্তে সেই সামগ্ৰী নথকাই ভাল ৷ এতিয়া এই বাক্যশাৰী অসমৰ চৰকাৰ বিয়াগোম লোকনিৰ্মাণ বিভাগৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলগীয়া হৈছে ।

প্ৰায় পাঁচ বছৰ পূৰ্বেই নিৰ্মাণ কৰা হৈছিল তেতিয়াৰ গড়কাপ্তানি বিভাগ তথা এতিয়াৰ লোকনিৰ্মাণ বিভাগৰ শাখা বিষয়াৰ কাৰ্যালয় ও জিৰণি গৃহটো ৷ কিন্তু সৰ্বানন্দ সোণোৱালৰ দিনত নিৰ্মাণ কৰা গৃহটো হিমন্ত বিশ্ব শৰ্মাৰ দিনতো মুকলি কৰা হ’ল ৷ কেৱল অপচয় কৰা হ’ল চৰকাৰী ধনৰ ৷

ৰাইজৰ পৰা কৰ-কাটলেৰে সংগ্ৰহ কৰা ধন পৰি ৰৈছে হাবি-বননিৰ মাজত ৷ দিনৰ পিচত দিন পাৰ হৈছে, কিন্তু আজিলৈকে চৰকাৰী কাৰ্যালয়টোত খোজ নেপেলালে বিভাগীয় কোনো এজন বিষয়া তথা কৰ্মচাৰীয়ে । বিশ্বনাথত দেখা গৈছে এই দৃশ্য ৷ বিশ্বনাথৰ লোক নিৰ্মাণ বিভাগৰ তথ্য অনুসৰি কাৰ্যালয় গৃহটোৰ নিৰ্মাণে প্ৰায় পাঁচটা বছৰ অতিক্ৰম কৰিলে । কিন্তু বিগত ৫ টা বছৰৰো অধিক কাল বন্ধ হৈ থকাত জৰাৰ্জীণ অৱস্থালৈ পৰিণত হৈছে গৃহ ।

পাঁচটা বছৰ অতিক্ৰম কৰাৰ পিচতো কাৰ্যালয় তথা জিৰণি গৃহটো মুকলি কৰিবলৈ সক্ষম নহ'ল লোকনিৰ্মাণ বিভাগে ৷ বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেৰেলীয়াত অৱস্থিত লোকনিৰ্মাণ বিভাগৰ গৃহটোত এতিয়া ওলমি আছে তলা ৷ নাই কোনো কৰ্মচাৰী ৷ বিগত পাঁচটা বছৰেই কাৰ্যালয় গহটোত তলা লগাই বন্ধ কৰি ৰাখিছে লোকনিৰ্মাণ বিভাগে ।

উল্লেখ্য যে গৃহটো নিৰ্মাণৰ উদ্দেশ্য আছিল দূৰ-দূৰণিৰ যাত্ৰীসকল কিবা অসুবিধা সন্মুখীন হ'লে যাতে উক্ত গৃহটোত নিশা বা দিনৰ ভাগত জিৰণি লয় । কিন্তু এতিয়া এই গৃহটোৰ চাৰিওফালে মাথো হাবি-জংঘলেৰে আৱৰি থকা দেখা গৈছে । যাৰ ফলত একাংশ লোকে নিশা হ’লেই বিভিন্ন অনৈতিক কাৰ্য কৰা এক সুবিধাজনক স্থান হিচাপে গ্ৰহণ কৰে । এইদৰেই চৰকাৰে অপচয় কৰি আছে ৰাজ ভড়ালৰ লাখ লাখ টকা ৷ হাবি-জংঘলেৰে গৃহটো আৱৰি থকাত স্থানীয় লোকে প্ৰকাশ কৰিছে অসন্তুষ্টি ।

লগতে পঢ়ক: সৌৰশক্তি চালিত সামগ্ৰী বিতৰণৰ নামত ব্যাপক দুৰ্নীতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.