ETV Bharat / state

পদ্ম হাজৰিকাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে মন্ত্ৰী অতুল বৰাইহে; গৰুখুঁটিক লৈ অখিল গগৈৰ প্ৰত্যুত্তৰ

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 4:12 PM IST

গৰুখুঁটিক লৈ পদ্মহাজৰিকাক অখিল গগৈৰ প্ৰত্যুত্তৰ
গৰুখুঁটিক লৈ পদ্মহাজৰিকাক অখিল গগৈৰ প্ৰত্যুত্তৰ

Akhil Gogoi on Garukhuti Project : গৰুখুঁটি প্ৰকল্পৰ বিতৰ্কক লৈ বিজেপিৰ বিধায়ক পদ্ম হাজৰিকাক আক্ৰমণ অখিল গগৈৰ । বিধানসভাৰ মজিয়াত গৰুখুঁটি সন্দৰ্ভত যদিহে ভুল তথ্য দিছে, তেন্তে পদ্ম হাজৰিকাৰ বিৰুদ্ধে কৃষি মন্ত্ৰী অতুল বৰাইহে ষড়যন্ত্ৰ কৰিছে । এই মন্তব্য অখিল গগৈৰ ।

গৰুখুঁটিক লৈ অখিল গগৈৰ প্ৰত্যুত্তৰ

গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী : "গৰুখুঁটিক লৈ আমি নিজাকৈ একো কোৱা নাই । চৰকাৰে দিয়া তথ্যৰ ভিত্তিতহে আমি কথা কৈছোঁ । পদ্ম হাজৰিকাই যদি সমালোচনা কৰিব লাগে, তেন্তে তথ্য দিয়াৰ বাবে কৃষি মন্ত্ৰী অতুল বৰাক কৰক ৷" বিধানসভাৰ মজিয়াত গৰুখুঁটি প্ৰকল্পৰ বিতৰ্কক লৈ বিজেপিৰ বিধায়ক পদ্ম হাজৰিকাক উভতি ধৰে বিধায়ক অখিল গগৈয়ে ।

বিধানসভাৰ মজিয়াত গৰুখুঁটি সন্দৰ্ভত যদিহে ভুল তথ্য দিছে, তেন্তে পদ্ম হাজৰিকাৰ বিৰুদ্ধে কৃষি মন্ত্ৰী অতুল বৰাইহে ষড়যন্ত্ৰ কৰিছে বুলি শুকুৰবাৰে মন্তব্য কৰে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে ৷ উল্লেখ্য যে গৰুখুঁটি প্ৰকল্পক লৈ বুধবাৰে উত্তাল পৰিৱেশ সৃষ্টি কৰি সদন ত্যাগ কৰে বিৰোধীয়ে । সদনত কৃষি মন্ত্ৰী অতুল বৰাই তথ্য দাখিল কৰিছিল যে গৰুখুঁটি কৃষি প্ৰকল্পত চৰকাৰে এতিয়ালৈ বিনিয়োগ কৰিছে 17 কোটি 52 লাখ টকা ৷

আনহাতে, প্ৰকল্পটোৰ পৰা 2 কোটি 57 লাখ টকা এতিয়ালৈকে উপাৰ্জন ৷ এই তথ্য প্ৰকাশৰ পিছতে আন বিৰোধীৰ লগতে সৰৱ হৈ পৰে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ো । অখিল গগৈয়ে এই প্ৰকল্পটোক বিফল প্ৰকল্প আখ্যা দি কটাক্ষ কৰি কয়, "গৰুখুঁটিত গৰু নাই, খুঁটিটোহে আছে ।" তাৰ পিছতেই বৃহস্পতিবাৰে অখিল গগৈক সমালোচনা কৰি উত্তৰ দিয়ে প্ৰকল্পটোৰ সঞ্চালনাৰ দায়িত্বত থকা চতিয়াৰ বিজেপি বিধায়ক পদ্ম হাজৰিকাই ৷ নেপালত চকু দেখুৱাই আহক বুলি কোৱাৰ লগতে 'অখিল গগৈ নিজে কেনে আমি সকলোৱে জানো' বুলিও মন্তব্য কৰে বিধায়ক হাজৰিকাই ।

আনহাতে, "গৰুখুঁটি প্ৰকল্পৰ গুজৰাটৰ গীৰ গাইৰ গাখীৰ খাই চাবলৈ মোৰ বৰ মন আছে ৷ আনে এশ টকা দিলে মই দুশ টকা দিম ।" এইবুলি পদ্ম হাজৰিকাক কটাক্ষ কৰে অখিল গগৈয়ে । ইয়াৰ উপৰি অখিল গগৈয়ে শুকুৰবাৰে মন্তব্য কৰে যে গৰুখুঁটিৰ কৃষি পামৰ পৰা সমগ্ৰ গুৱাহাটীতে গাখীৰ আৰু পাচলি যোগান ধৰাৰ কথা আছিল । কিন্তু সেয়া এতিয়া ক'ত ।

লগতে অখিল গগৈয়ে অভিযোগ কৰে, "তথ্য দাঙি ধৰাৰ পৰিৱৰ্তে পদ্ম হাজৰিকাই অখিল গগৈক ব্যক্তিগত পৰ্যায়ত আক্ৰমণ কৰিছে। কিন্তু মই তেওঁৰ নাম এবাৰ উল্লেখ কৰা নাছিলো । কৃষি মন্ত্ৰীয়ে দিয়া তথ্যৰ আধাৰতহে সমালোচনা কৰিছিলো । পদ্ম হাজৰিকাই ধৰিবলগীয়া থাকিলে অতুল বৰাক ধৰক ৷"

আনহাতে, অখিল গগৈক নেপালত চকু দেখাই আহিবলৈ দিয়া পৰামৰ্শ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাইজৰ দলৰ বিধায়কগৰাকীয়ে কয় যে ইয়াৰ যোগেদি ৰাজ্য চৰকাৰৰ স্বাস্থ্য খণ্ডৰ ব্যৰ্থতা দাঙি ধৰিছে বিধায়ক পদ্ম হাজৰিকাই । অসমৰ চৰকাৰী স্বাস্থ্য সেৱা ব্যৱস্থা ইমানেই পুতৌলগা যে কেন্সাৰ হ'লে মানুহ বাহিৰলৈ দৌৰিব লাগে ৷ হাড় ভাঙিলে পাটনালৈ দৌৰিব লাগে ৷ চকু দেখুৱাবলৈ এতিয়া নেপাললৈ যাব লাগে বুলি কৈ নিজৰ চৰকাৰৰ ব্যৰ্থতাক নিজেই দাঙি ধৰিছে খোদ বিজেপি বিধায়কে । এইবুলি পদ্ম হাজৰিকাক ক্ষুৰধাৰ সমালোচনা কৰে অখিল গগৈয়ে ।

লগতে পঢ়ক :সদনত হূলস্থূল কৰাৰ বাবে নিলম্বিত বিধায়ক শ্বেৰমান আলী আৰু আশ্ৰাফুল হুছেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.