ETV Bharat / state

ভৱিষ্যতৰ কথা ভাবি উদ্বিগ্ন হৈ পৰিছে নৈপৰীয়া ৰাইজ - ajyp protest

Dhemaji AJYP protest: ধেমাজিত যুৱ পৰিষদৰ বিশাল প্ৰতিবাদী সমদল ৷ গাই নদীৰ মথাউৰি বিজ্ঞানসন্মতভাৱে নিৰ্মাণৰ দাবী, দাবী মানি নল’লে লোকসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ৷

yuva parishad hold protest in dhemaji Demanding scientific construction of embankment of Gai River
প্ৰতিবাদী সমদল
author img

By ETV Bharat Assamese Team

Published : March 26, 2024 at 9:59 PM IST

3 Min Read
Choose ETV Bharat
প্ৰতিবাদী সমদল

ধেমাজি, 26 মাৰ্চ : ধেমাজিৰ চকুলো গাই নদীৰ বাঁওপাৰৰ মথাউৰি বিজ্ঞানসন্মতভাৱে নিৰ্মাণৰ দাবীত ধেমাজি জিলা জাতীয়তাবাদী যুৱ পৰিষদে অব্যাহত ৰখা ধাৰাবাহিক আন্দোলন সাময়িকভাৱে স্থগিত ৰখাৰ এসপ্তাহৰ পিচত পুনৰ আন্দোলনত নামিল জাতীয়তাবাদী যুৱ পৰিষদ ৷ ধেমাজি জলসম্পদ বিভাগে আলোচনাত প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণ নকৰাত ক্ষুব্ধ যুৱ পৰিষদে মঙলবাৰে বিয়লি ধেমাজি গোহাঁই গাঁও তিনিআলিৰ পৰা ধেমাজি আয়ুক্ত কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ প্ৰায় ৫ শতাধিক প্ৰতিবাদীয়ে প্ৰায় ৫ কিলোমিটাৰ দৈৰ্ঘৰ সমগ্ৰ পথছোৱাত হাতে হাতে ফেষ্টুন আৰু প্লেকাৰ্ড লৈ "গাই নদীৰ মথাউৰি পোনকৈ নিৰ্মাণ কৰক, জলসম্পদ বিভাগ হায় হায়, প্ৰদান বৰুৱা মুৰ্দাবাদ, আমাক ন্যায় লাগিবই, ঠিকাদাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায় ইত্যাদি শ্ল’গানেৰে সমগ্ৰ পথছোৱা উত্তাল কৰি তোলে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে এই প্ৰতিবাদী সমদল গৈ ধেমাজি আয়ুক্ত কাৰ্যালয়ত অৱস্থান লয় আৰু জলসম্পদ বিভাগ তথা চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল পৰিৱেশ সৃষ্টি কৰে ৷ প্ৰতিবাদৰ পিচত ধেমাজি জিলা জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ চেতিয়া আৰু সম্পাদক ধীৰেন দিহিঙীয়াৰ স্বাক্ষৰিত এখন স্মাৰক পত্ৰ ধেমাজি আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয় ৷ স্মাৰক পত্ৰত প্ৰতিবাদী সংগঠনটোৱে গাইনদীৰ দুয়োপাৰৰ মথাউৰি বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰিবলৈ দাবী জনায় ৷ অন্যথা যুৱ পৰিষদে ইয়াতকৈ অধিক জংগী আন্দোলন গঢ়ি তোলাৰ ভাবুকি দিয়ে ৷

উল্লেখ্য যে, জাতীয়তাবাদী যুৱ পৰিষদে গাই নদীৰ দুয়োপাৰৰ মথাউৰি বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা আৰু গাই নদীৰ নিম্ন অংশ চুমনিগাঁৱৰ পৰা আমগুৰিৰ গড়কাপ্তানি বিভাগৰ দলঙলৈ নতুনকৈ সম্প্ৰসাৰণ কৰা মথাউৰিটো বেঁকাকৈ নিৰ্মাণ কৰাৰ পৰিৱৰ্তে পোনকৈ নিৰ্মাণ কৰাৰ দাবীত জলসম্পদ বিভাগৰ বিৰুদ্ধে বিগত সময়ত ধাৰাবাহিক আন্দোলনেৰে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । পৰিষদে নতুনকৈ সম্প্ৰসাৰণ কৰা মথাউৰিটো বেঁকাকৈ নিৰ্মাণ কৰাৰ ফলত কেৰেকনি মাজগাঁও, কল্পনাপুৰ, বৰাচিৰা, ধেমাজি গোহাঁই গাঁৱকে আদি কৰি প্ৰায় কুৰিখন গাঁৱৰ জনসাধাৰণৰ মাটি-ভেটি হেৰুৱাৰ আশংকা কৰি বিভাগক বহু আবেদন নিবেদন কৰাৰ উপৰিও প্ৰায় ৫ টা আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি সবল প্ৰতিবাদ জনাইছিল ।

শেহতীয়াকৈ জলসম্পদ বিভাগে পৰিষদৰ সৈতে আলোচনাত বহি সকলো দাবী মানি লোৱাৰ আশ্বাস দিছিল আৰু এসপ্তাহৰ সময় সীমা বান্ধি দিছিল জাতীয়তাবাদী যুৱ পৰিষদে ৷ শেষত কালি এসপ্তাহৰ সময়সীমা ওকলি যোৱাত পৰিষদক দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰাত আজি আন্দোলনৰ বাবে ৰাজপথলৈ ওলাই আহে যুৱ পৰিষদ তথা ভুক্তভোগী ৰাইজ ৷ লক্ষ্যণীয় যে আজিৰ প্ৰতিবাদী সমদলত অংশ লৈ জাতীয়তাবাদী যুব পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই গাইনদীৰ বাঁওপাৰৰ মথাউৰি বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰাৰ পৰিৱৰ্তে জনৈক ঠিকাদাৰে নিজৰ মইমতালিৰে মথাউৰি নিৰ্মাণৰ কামত য'তে ত'তে খনন কৰা কাৰ্যই সোঁফালৰ মথাউৰিবিহীন গাঁওসমূহলৈ ভাবুকি কঢ়িয়াই আনিব বুলি অন্য এক অভিযোগ উত্থাপন কৰে । ছাত্ৰ নেতাজনে আগন্তুক বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি সকলো জনসাধাৰণ উপকৃত হোৱাকৈ অতি শীঘ্ৰে বিজ্ঞানসন্মতভাৱে গাই নদীৰ মথাউৰি নিৰ্মাণ কৰিবলৈ জলসম্পদ বিভাগক শেষ সকীয়নি প্ৰদান কৰে ৷ ইফালে সমাগত বাৰিষাক লৈ উদ্বিগ্ন হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷

লগতে পঢ়ক : বজ্ৰপাতৰ ফলত জ্বলি ছাৰখাৰ বৃহৎ ব্ৰয়লাৰ ফাৰ্ম - Lightning In Dhemaji