ETV Bharat / state

ডিব্ৰুগড়ৰ পৰা অসম জাতীয় পৰিষদে আৰম্ভ কৰিলে 'অসমৰ অস্তিত্ব ৰক্ষা যাত্ৰা'

author img

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 9:55 PM IST

AJP protest against CAA
অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ‍্যেতি গগৈ

AJP protest against CAA : অসমীয়া জাতীয় জীৱনৰ সকলো স্বাভিমান ভৰিৰে মোহাৰি অসমত 'কা' জাপি দিয়া বুলি মন্তব্য় লুৰীণজ্যোতি গগৈৰ । বৰপথাৰ খেলপথাৰৰ পৰা আমোলাপট্টী লৈকে ঘাইপথেৰে উলিয়ালে সমদল ।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ‍্যেতি গগৈ

মৰাণ, ১২ মাৰ্চ: লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশজুৰি নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰিলে কেন্দ্ৰীয় চৰকাৰে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মাৰ্চৰ পৰাই সমগ্ৰ দেশত 'কা' বলৱৎ হ'ব বুলি ঘোষণা কৰাৰ পিচত সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিছিল । সকলো ধৰ্ণা প্ৰতিবাদক গুৰুত্বহীন কৰি সোমবাৰৰ পৰা দেশজুৰি কা বলৱৎ কৰিলে চৰকাৰে । দেশত 'কা' বলৱৎ হোৱা পাছতে ডিব্ৰুগড়ৰ পৰা অসম জাতীয় পৰিষদে আৰম্ভ কৰিলে অসমৰ অস্তিত্ব ৰক্ষা যাত্ৰা । অসমীয়া জাতীয় জীৱনৰ সকলো স্বাভিমান ভৰিৰে মোহাৰি অসমত 'কা' জাপি দিয়া হৈছে বুলি মন্তব্য় কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ‍্যেতি গগৈয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

কেইবাশ দলীয় কৰ্মীক লগত লৈ অসম জাতীয় পৰিষদে 'কা' ৰ বিৰোধিতাৰে ডিব্ৰুগড়ত উলিয়ালে "অসমৰ অস্তিত্ব ৰক্ষা যাত্ৰা" । ডিব্ৰুগড় বৰপথাৰ খেলপথাৰৰ পৰা আমোলাপট্টী লৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বিশাল সমদল উলিয়াই অজাপ‌ে । এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে অজাপৰ সভাপতি লুৰীণজ‍্যেতি গগৈকে ধৰি দলটোৰ কেইবাজনো কেন্দ্ৰীয় নেতাই । অসমৰ অস্তিস্ত ৰক্ষা যাত্ৰাৰ নেতৃত্ব প্ৰদান কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।

অজাপৰ সভাপতিগৰাকীয়ে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয় যে অসমীয়া জাতীয় জীৱনৰ সকলো স্বাভিমান ভৰিৰে মোহাৰি অসমত 'কা' জাপি দিয়া হৈছে । বিজেপিয়ে এই 'কা' আইনৰ জড়িয়তে নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ বিচাৰিছে বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে । আজিৰে পৰা অসমৰ অস্তিস্ত ৰক্ষা যাত্ৰাৰ জড়িয়তে চহৰ, গাঁও, চাহ বাগিচাত সকলোতে 'কা' ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হ'ব ।

লগতে পঢ়ক:উত্তাল ৰাজ্য: কা বাতিল নোহোৱা পৰ্যন্ত ৰাজ্য জ্বলোৱাৰ হুংকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.