ETV Bharat / state

নিৰ্বাচনৰ পূৰ্বে বিৰোধীৰ বহু বাঘা বাঘা নেতাই যোগদান কৰিব অগপত !

author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 10:01 PM IST

Golaghat Minister Atul Bora
অগপৰ সভাপতি অতুল বৰা

Lok Sabha Elections 2024: আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত বহু পট পৰিৱৰ্তন হ’ব ৷ বিৰোধীৰ বহু বাঘা বাঘা নেতাই যোগদান কৰিব অগপত ৷ শনিবাৰে গোলাঘাটৰ অগপৰ কাৰ্যালয়ত উপস্থিত হৈ অগপৰ সভাপতি অতুল বৰাই সাংবাদিকৰ আগত এই মন্তব্য কৰে ৷

অগপৰ সভাপতি অতুল বৰা

গোলাঘাট, ১৬ মাৰ্চ: লোকসভা নিৰ্বাচনৰ পূৰ্বে যথেষ্ট পট পৰিৱৰ্তনৰ ইংগিত প্ৰদান কৰি অগপৰ সভাপতি অতুল বৰাই বিৰোধীৰ আৰু বহু ডাঙৰ নেতাই নিৰ্বাচনৰ পূৰ্বে অগপত যোগদান কৰিব বুলি শনিবাৰে সাংবাদিকৰ আগত একপ্ৰকাৰে আওপকীয়াকৈ উল্লেখ কৰে ৷ এখন দলীয় সভাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যৰে শনিবাৰে গোলাঘাটত উপস্থিত হয় অগপৰ সভাপতি অতুল বৰা ৷ অগপৰ সভাপতিগৰাকীয়ে বৰপেটাৰ সাংসদ আব্দুল খালেকে অগপত যোগদান কৰিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নোত্তৰত বিষয়টোৰ পৰা ফালৰি কাটি এই মন্তব্য কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

তেওঁ লগতে ৰাজ্যৰ ১৪ খন আসনতেই মিত্ৰজোঁটে জয়লাভ কৰাৰ প্ৰচুৰ সম্ভাৱনা থকাৰ কথা উল্লেখ কৰি বৰ্তমান জনসাধাৰণৰে উন্নয়নৰ পক্ষত ভোটদান কৰিব বুলি মন্তব্য কৰে ৷ অগপৰ সভাপতিগৰাকীয়ে লগতে কয়, কেৱল নিৰ্বাচনৰ সময়তহে বিৰোধী দলসমূহ ৰাইজৰ কাষলৈ যায় ৷ কিন্তু বৰ্তমান অসমৰ জনসাধাৰণ উন্নয়নৰ পক্ষত আছে যাৰ বাবে বিৰোধী দলসমূহক ৰাইজে কেতিয়াও আস্থাত নলয় বুলি তেওঁ উল্লেখ কৰে ৷

আনহাতে কংগ্ৰেছৰ নেতা গৌৰৱ গগৈয়ে শুকুৰবাৰে খিচিৰি খুওৱাৰ সন্দৰ্ভত অগপৰ সভাপতিগৰাকীৰ মন্তব্য, বৰ্তমান চৰকাৰখনে দৈনন্দিন ৰাইজক খিচিৰি খুৱাই আছে ৷ বৰ্তমানৰ চৰকাৰখনৰ দিনত বিকাশৰ যাত্ৰা আৰম্ভ হোৱাৰ লগতে এক নৱজাগৰণৰ সৃষ্টি হৈছে যাৰ বাবে সকলোৱে চৰকাৰখনৰ পক্ষতেই ৰায় দিব বুলি তেওঁ উল্লেখ কৰে ৷

উল্লেখ্য যে, গোলাঘাটৰ অগপৰ কাৰ্যালয়ত উপস্থিত হৈ অগপৰ সভাপতিগৰাকীয়ে জিলাখনৰ আটাইকেইটা সমষ্টিৰ কৰ্মীসকলৰ সৈতে এক দলীয় সভাত অংশগ্ৰহণ কৰে ৷ আগন্তুক নিৰ্বাচনত অগপৰ যি ৰণনীতি হ’ব তাক কৰ্মীসকলৰ লগত পৰ্যালোচনা কৰে সভাপতিগৰাকীয়ে ৷ মুঠতে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে যে ৰাজনীতিত বৃহৎ পট পৰিৱৰ্তন হ’ব সেই কথা একপ্ৰকাৰ স্পষ্ট কৰিলে অগপৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক: টিকট নোপোৱাৰ ক্ষোভত কংগ্ৰেছ এৰিলে খালেকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.