ETV Bharat / state

ফণীভূষণ চৌধুৰীৰ প্ৰাৰ্থিত্বক লৈ সন্তুষ্ট নহয় বঙাইগাঁওবাসী

author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 8:06 PM IST

Updated : Mar 11, 2024, 9:22 PM IST

MLA Phani Bhusan Choudhury: অৱশেষত অগপই ঘোষণা কৰিলে বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী তালিকা ৷ বঙাইগাঁওবাসী ৰাইজৰ আকুল অনুৰোধ তথা প্ৰতিবাদকো নেওঁচি দলটোৱে ফণীভূষণ চৌধুৰীক বৰপেটাৰ পৰা দলীয় টিকট প্ৰদান কৰিছে ৷ কিন্তু দলৰ এই সিদ্ধান্ত সন্তুষ্ট নহয় সমষ্টিবাসী ৷ বঙাইগাঁও জিলা অগপ কাৰ্যালয়ত আজি প্ৰতিফলন ঘটিল ইয়াৰ ৷ প্ৰাৰ্থী তালিকা ঘোষণাৰ পাচতেই অগপ কাৰ্যালয়ত দেখা গ’ল মস্ত তলা ৷

Barpeta Lok Sabha constituency
ফণীভূষণ চৌধুৰীৰ প্ৰাৰ্থিত্বক লৈ সন্তুষ্ট নহয় বঙাইগাঁওবাসী

বঙাইগাঁও, ১১ মাৰ্চ: বহু প্ৰতীক্ষাৰ অন্তত অগপ দলে ঘোষণা কৰিলে দুই লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ৷ সেই অনুসৰি বৰপেটা লোকসভা সমষ্টিত অগপ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বঙাইগাঁও বিধানসভা সমষ্টিৰ ৮ বাৰৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে । অগপ দলৰ শীৰ্ষ নেতৃত্বৰ এই ঘোষণাৰ পাচত অগপৰ বঙাইগাঁও জিলা কাৰ্যালয়ত দেখা পোৱা নগ’ল কোনো ধৰণৰ উৎসাহ ৷ কাৰ্যালয়ত দেখা নগ’ল এজনো কৰ্মকৰ্তা, নুফুটিল ফটকা ৷ ইয়াৰ বিপৰীতে জিলা কাৰ্যালয়ত এটা তলা ওলমিহে থকা পৰিলক্ষিত হ’ল ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, বঙাইগাঁও বিধানসভা সমষ্টিৰ ৮ বাৰৰ বিধায়ক ফণীভূষণ চৌধুৰীক লোকসভা নিৰ্বাচনক প্ৰাৰ্থিত্ব প্ৰদানক লৈ সন্তুষ্ট নহয় সমষ্টিবাসী ৷ ৰাইজে বিচৰা নাছিল তেওঁলোকৰ আপোন নেতা ফণীভূষণ চৌধুৰী দিল্লীলৈ যাওক । বিধায়কগৰাকীৰ প্ৰাৰ্থিত্ব প্ৰদানৰ কথা ওলোৱাৰ পাচতেই জিলাখনত সৃৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ প্ৰতিবাদমুখৰ হৈ পৰিছিল ৰাইজ ৷ আনকি বিধায়ক ফণীভূষণ চৌধুৰীয়ে সমষ্টি এৰি দিল্লীলৈ যাবলৈ বিচৰা নাছিল ৷ প্ৰাৰ্থী তালিকা ঘোষণাৰ দুদিন পূৰ্বে আমবাৰীস্থিত দলীয় কাৰ্যালয়ত উপস্থিত হৈ দলৰ নেতাৰ আগত তেওঁ এই বিষয়ে উল্লেখ কৰে ৷

ইফালে বিজেপিয়ে মিত্ৰদল অগপক বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টি এৰি দিয়াৰ লগতে ফণীভূষণ চৌধুৰীয়ে বৰপেটাৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাটো বিচাৰিছে । যাৰ ফলত অগপ দলেও ফণীভূষণ চৌধুৰীকে দলীয় প্ৰাৰ্থী হিচাপে বৰপেটাৰ পৰা অৱতীৰ্ণ কৰোৱাৰ কথা চিন্তা কৰে । ইফালে বঙাইগাঁৱৰ বিধায়কগৰাকীয়ে দলে তেওঁ অমতত কিবা এটা সিদ্ধান্ত ল'ব বুলি আশা কৰা নাছিল ।

এনে পৰিস্থিতিৰ মাজতেই আজি অগপই ফণীভূষণ চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰে ৷ দলটোৰ এই সিদ্ধান্ত যে বঙাইগাঁওবাসী সন্তুষ্ট নহয় সেই কথা আজি অগপৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ পাচত পুনৰবাৰ স্পষ্ট হৈ পৰিছে ৷ এইখিনিতেই প্ৰশ্ন হয় যে, ৰাজনৈতিক ষড়যন্ত্রৰ বলি হ’ল নেকি অগপৰ জ্য়েষ্ঠ নেতা ফণীভূষণ চৌধুৰী ! বিজেপিয়ে ৮ বাৰ একেৰাহে বিধায়ক হৈ থকা অগপৰ জ্যেষ্ঠ নেতাগৰাকীক দিল্লীলৈ পঠিয়াই বঙাইগাঁও বিধানসভা সমষ্টিটো দখল কৰিব বিচাৰিছে নেকি ? আগন্তুক দিনত বিজেপিৰ মিত্ৰদল অগপৰ ৰাজনৈতিক নাও কোন দিশে অগ্ৰসৰ হ’ব সেয়াই হ’ব লক্ষণীয় ।

লগতে পঢ়ক: বৰপেটাত ফণীভূষণ, ধুবুৰীত জাভেদ ইছলাম : অগপই ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম

Last Updated : Mar 11, 2024, 9:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.