ETV Bharat / state

অধিবক্তা স্বাতী বিধান বৰুৱাক জেইললৈ প্রেৰণ

author img

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 4:35 PM IST

Mansoor suicide case
অধিবক্তা স্বাতী বিধান বৰুৱাক জেইললৈ প্রেৰণ

Mansoor suicide case : গুৱাহাটীৰ মালিগাঁৱৰ মনচুৰ আলমৰ হত্যাত নাম সাঙোৰ খোৱা ট্ৰান্সজেণ্ডাৰ স্বাতী বিধান বৰুৱাক জেইললৈ প্ৰেৰণ ৷

গুৱাহাটী, ৩ মাৰ্চ : গুৱাহাটীৰ মালিগাঁৱত এজন যুৱকক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ অভিযোগত অধিবক্তা স্বাতী বিধান বৰুৱাক আদালতে জেইললৈ প্রেৰণ কৰে । শনিবাৰে অভিযুক্ত অধিবক্তা স্বাতী বিধান বৰুৱাক ১৪ দিনৰ বাবে গুৱাহাটী কেন্দ্রীয় কাৰাগাৰলৈ প্রেৰণ কৰা হয় ।

উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰ মালিগাঁৱত শুকুৰবাৰে এজন যুৱক আত্মহত্যাৰ খবৰ পোহৰলৈ অহাত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছিল । মনচুৰ আলম নামৰ যুৱকজনৰ মৃতদেহ নিজ গৃহৰ বাথৰুমত উদ্ধাৰ হৈছিল । তাৰ পিচতে যুৱকজনৰ পৰিয়ালৰ লোকে অধিবক্তা স্বাতী বিধান বৰুৱাৰ মানসিক অত্যাচাৰৰ বলি হৈ মনচুৰে আত্মহত্যাৰ দৰে সিদ্ধান্ত লৈছে বুলি অভিযোগ উত্থাপন কৰিছিল ৷ দীর্ঘদিন ধৰি মনচুৰ আলমক স্বাতীয়ে বিবাহৰ বাবে হেঁচা প্ৰয়োগ কৰা বুলি সাংবাদিকৰ সন্মুখত মন্তব্য প্ৰকাশ কৰিছিল মনচুৰৰ পৰিয়ালৰ লোকে ৷

পৰিলাৰ লোকৰ ভাষ্য অনুসৰি, স্বাতী বিধান বৰুৱাই মনচুৰ আলমৰ বিৰুদ্ধে ধর্ষণ, প্ৰতাৰণাৰ গোচৰ ৰুজু কৰিছিল পাণবজাৰ মহিলা আৰক্ষী থানাত । সেই গোচৰমর্মে শেহতীয়াকৈ যুৱকজনে কাৰাবাস খাটিছিল আৰু বৰ্তমানো গোচৰ চলি আছিল ।

তাৰ পিচতে মনচুৰে আত্মহত্যা কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিচতেই উত্তেজিত স্থানীয় ৰাইজে স্বাতী বিধান বৰুৱাৰ বাসগৃহত উপস্থিত হৈ বহু সামগ্রী ভাঙি লণ্ড-ভণ্ড কৰি বিস্তাৰ ক্ষতি সাধন কৰিছিল । আনকি বিধান বৰুৱাৰ গৃহত থকা আদালতৰ নথি-পত্ৰসমূহ উত্তেজিত জনতাই জ্বলাই দিছিল । পৰৱৰ্তী সময়ত ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হয় উত্তেজনাময় পৰিস্থিতি নিয়ন্ত্রণ কৰি অভিযুক্ত স্বাতী বিধান বৰুৱাৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ৩০৬/৫০৬ নং ধাৰাৰ অধীনত জালুকবাৰী থানাত ১০৮/২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি পাণবজাৰ মহিলাৰ আৰক্ষী থানালৈ লৈ গৈছিল ৷

আনহাতে, আৰক্ষীয়ে মৃত মনচুৰ আলমৰ পৰা এখন ছুইচাইড নোট জব্দ কৰিছিল । ছুইচাইড নোটত অভিযুক্ত স্বাতী বিধান বৰুৱাই তেওঁক কিদৰে উৎপীড়ন চলাইছিল সকলো কথা বর্ণনা কৰিছে মনচুৰে ৷

লগতে পঢ়ক: কি কাৰণে মৃত্যুক বাছি ল’লে মনচুৰে, ঘটনাৰ সৈতে কি যোগসূত্ৰ স্বাতী বিধান বৰুৱাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.