ETV Bharat / state

কি কাৰণে মৃত্যুক বাছি ল’লে মনচুৰে, ঘটনাৰ সৈতে কি যোগসূত্ৰ স্বাতী বিধান বৰুৱাৰ ?

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 1:51 PM IST

Mansoor Alam suicide case
মনচুৰৰ আত্মহত্যাত নাম সাঙোৰ খাইছে স্বাতী বিধান বৰুৱাৰ

Mansoor suicide case : গুৱাহাটীৰ মালিগাঁৱত এজন যুৱকৰ আত্মহত্যা ৷ এই আত্মহত্যাৰ ঘটনা পোহৰলৈ অহাৰ পিচতে এতিয়া এই ঘটনাত নাম সাঙোৰ খাইছে ট্ৰান্সজেণ্ডাৰ স্বাতী বিধান বৰুৱাৰ ৷ পঢ়ক সবিশেষ...

মনচুৰৰ আত্মহত্যাত নাম সাঙোৰ খাইছে স্বাতী বিধান বৰুৱাৰ

গুৱাহাটী, ১ মাৰ্চ : পুনৰ বিতৰ্কৰ আৱৰ্তত অধিবক্তা স্বাতী বিধান বৰুৱা । বৃহস্পতিবাৰে গুৱাহাটীৰ মালিগাঁৱত এজন যুৱকে আত্মহত্যা কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিচতে এতিয়া নাম সাঙোৰ খাইছে স্বাতী বিধান বৰুৱাৰ ৷

মনচুৰ আলম নামৰ যুৱকজনে যোৱানিশা নিজ বাসগৃত আত্মহত্যা কৰে । এই ঘটনাৰ পিচতেই পৰিয়ালটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ যুৱকজনৰ আত্মহত্যাক কেন্দ্ৰ কৰি শুকুৰবাৰে জালুকবাৰী আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে পৰিয়ালৰ লোকে ।

পৰিয়ালৰ অভিযোগ অনুসৰি যোৱা বিগত ডেৰ বছৰ ধৰি মনচুৰ আলম নামৰ যুৱকজন স্বাতী বিধান বৰুৱাৰ লগত কৰ্মৰত আছিল । পৰৱৰ্তী সময়ত যুৱকজনক স্বাতীয়ে বিয়া পাতিবলৈ জোৰ দিয়ে ৷ কিন্তু যুৱকজনে এই প্ৰস্তাৱ নস্যাৎ কৰি কামলৈ যোৱা বন্ধ কৰি দিয়ে ৷ এই কথা মানি ল’ব নোৱাৰি স্বাতীয়ে নিজেই যুৱকজনক বুজাই বঢ়াই পুনৰ কামলৈ লৈ যায় ৷

পৰিয়ালৰ ভাষ্য অনুসৰি পৰৱৰ্তী সময়ত স্বাতীয়ে যুৱকজনক কামৰ গইনা লৈ দিল্লীলৈ লৈ যায় ৷ হোটেলত নিশা স্বাতীয়ে যুৱকজনক কল্ড ড্ৰিংকছৰ লগত নিচাযুক্ত দ্ৰব্য মিহলাই শাৰীৰিক সম্পৰ্ক স্থাপন কৰে বুলি পৰিয়ালৰ লোকে অভিযোগ কৰে ৷ তাৰ পিচতেই স্বাতীয়ে যুৱকজনক তেওঁ অন্তঃসত্বা হৈছে বুলি লৈ বিয়া পাতিবলৈ জোৰ দিয়ে ৷

আনহাতে স্বাতীয়ে শাৰীৰিক সম্পৰ্কৰ সময়ৰ এটা ভিডিঅ’ ৰেকৰ্ড কৰি নিজৰ লগত ৰাখি থয় ৷ কিন্তু এইবাৰো যুৱকজনে বিবাহৰ বাবে মান্তি নোহোৱাত স্বাতীয়ে যুৱকজনৰ পৰিয়ালৰ লোকক মাতি যুৱকজনক বিয়া পাতিবলৈ হেঁচা প্ৰয়োগ কৰাৰ লগতে বিয়া নাপাতিলে গোচৰ তৰি জেইললৈ পঠিওৱাৰো ভাবুকি প্ৰদান কৰিছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷

আনকি স্বাতীয়ে যুৱকজনৰ বিৰুদ্ধে গোচৰ তৰাত যুৱকজনে জেইললৈও যাবলগীয়া হয় বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰে ৷ স্বাতীৰ মানসিক হেঁচা সহিব নোৱাৰি বৃহস্পতিবাৰে নিশা মনচুৰে আত্মহত্যাৰ পথ বাচি লয় অভিযোগ উত্থাপিত কৰে যুৱকজনৰ পৰিয়ালৰ লোকে । ইয়াৰ পিচতে পৰিয়ালৰ অভিযোগৰ ভিত্তিত ট্ৰান্সজেণ্ডাৰ স্বাতী বিধান বৰুৱাক আৰক্ষীয়ে আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে ।

লগতে মালিগাঁৱত উত্তপ্ত পৰিস্থিতিৰ হোৱাৰ বাবে পৰBৰ্তী সময়ত স্বাতী বিধান বৰুৱাক আৰক্ষীয়ে পানবজাৰ মহিলা আৰক্ষী থানালৈ লৈ যায় ৷

লগতে পঢ়ক: ৰাজগড় পাৰ্লাৰকাণ্ড: এইবাৰ আৰক্ষীৰ জালত পৰিল সাংবাদিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.