ETV Bharat / state

শিক্ষয়িত্ৰীক খুন্দিয়াই হত্যা কৰা ট্ৰাকসহ চালকক আটক দুলীয়াজান আৰক্ষীৰ

author img

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 6:45 PM IST

Teacher died in accident
দিহিং দলঙৰ সমীপত পথ দুৰ্ঘটনা

Road accident in Assam: দুলীয়াজান নাহৰকটীয়া সংযোগী পথৰ দিহিং দলঙৰ সমীপত সংঘটিত কৰা পথ দুৰ্ঘটনাৰ ট্ৰাক চালকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছিল অভিযুক্তই ।

মৰাণ, ২৫ ফেব্ৰুৱাৰীঃ শিক্ষয়িত্ৰীক খুন্দিয়াই হত্যা কৰা চালকক ট্ৰাকসহ গ্ৰেপ্তাৰ কৰিলে দুলীয়াজান আৰক্ষীয়ে । যোৱা ২১ ফেব্ৰুৱাৰীত দুলীয়াজান নাহৰকটীয়া সংযোগী পথৰ দিহিং দলঙৰ সমীপত সংঘটিত কৰা শোকাৱহ পথ দুৰ্ঘটনাৰ ট্ৰাক চালক তোলন সন্দিকৈক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ।

একাংশ উদণ্ড চালকৰ বাবে প্ৰতিদিনেই সংঘটিত হৈছে পথ দুৰ্ঘটনা । ইয়াৰ মাজতে যোৱা ২১ ফেব্ৰুৱাৰীত দুলীয়াজান নাহৰকটীয়া সংযোগী পথৰ দিহিং দলঙৰ সমীপত সংঘটিত হৈছিল এক শোকাৱহ পথ দুৰ্ঘটনা । বিদ্যালয়লৈ গৈ থকা সময়তে ডেইজি বকলীয়াল শইকীয়া নামৰ সহকাৰী শিক্ষয়িত্ৰী গৰাকীক খুন্দিয়াই ট্ৰাকসহ পলায়ন কৰিছিল চালকে । ইয়াৰ পাছতেই ট্ৰাকখনৰ সন্ধানত তীব্ৰ অভিযান চলাইছিল দুলীয়াজান আৰক্ষীয়ে । অৱশেষত শনিবাৰে নিশা দুলীয়াজানত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ সৈতে জড়িত ১৬ চকীয়া ট্ৰাকসহ চালকক গ্ৰেপ্তাৰ কৰিলে দুলীয়াজান আৰক্ষীয়ে ।

দুলিয়াজান আৰক্ষীয়ে চালক টিংখাং আৰক্ষী থানাৰ অধীনৰ লেঙেৰী নাচনিৰ তোলন সন্দিকৈক গ্ৰেপ্তাৰ কৰাৰ লগতে মাৰ্ঘেৰিটাৰ জাগুনৰ পৰা AS01 RC 2962 নম্বৰৰ ট্ৰাকখন জব্দ কৰে । দুলিয়াজান আৰক্ষী থানাৰ পৰিদৰ্শক ভাস্কৰ শইকীয়াই কৰা তদন্তত গ্ৰেপ্তাৰ হোৱা ট্ৰাকখনৰ চালক তোলন সন্দিকৈক আজি আদালতত হাজিৰ কৰোৱাত আদালতে অভিযুক্ত চালকজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

নাহৰকটীয়াত বসবাস কৰা শিক্ষয়িত্ৰীগৰাকীয়ে নাহৰকটীয়াৰ পৰা দুলীয়াজানৰ দিশে নিজৰ AS-01-BV-0457 নম্বৰৰ স্কুটীখনৰে আহি থকা অৱস্থাত এখন অচিনাক্ত ট্ৰাকে মহটিয়াই নিয়ে । নিহত ডেইজী বকলীয়াল শইকীয়া দুলীয়াজান ৫৬ নং মেৰবিল চাৰিআলি প্ৰাথমিক বিদ্যালয়ৰ সহঃ শিক্ষয়িত্ৰী আছিল । নিহত মহিলাগৰাকীৰ ঘৰ নামৰূপত বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে শিক্ষয়িত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.