ETV Bharat / state

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক ওফৰাই ৰাজ্যজুৰি CAA ৰ বিৰুদ্ধে প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 2:20 PM IST

AASU protest against CAA across Assam
ৰাজ্যজুৰি CAA ৰ বিৰুদ্ধে প্ৰতিবাদ

Protest against CAA : নাগৰিকত্ব সংসোধনী আইনৰ বিৰুদ্ধে উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য । আছুৰ আহ্বানত ৰাজ্যজুৰি সাব্যস্ত কৰা হৈছে তীব্ৰ প্ৰতিবাদ । চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল হৈ পৰিল গুৱাহাটীকে আদি কৰি ৰাজ্য়ৰ বিভিন্ন প্ৰান্ত ।

ৰাজ্যজুৰি CAA ৰ বিৰুদ্ধে প্ৰতিবাদ

নিউজ ডেস্ক, ১০ মাৰ্চ : মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাচতো ৰাজ্যজুৰি অব্যাহত CAA বিৰোধী প্ৰতিবাদ । ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছুৰ নেতৃত্ব সাব্যস্ত কৰা তীব্ৰ প্ৰতিবাদ । কিন্তু মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশকো ওফৰাই চৰাইদেউত CAA ৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আছু আৰু ৩০টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত ১২ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে চৰাইদেউ জিলা ছাত্ৰ সন্থাই ।

আন জিলাৰ দৰে লখিমপুৰতো জিলা ছাত্র সন্থাই জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্রহণ কৰে । অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্রহণ কৰি ছাত্র সন্থাৰ জিলা সমিতিৰ নেতৃত্ব ই CAA বলৱৎ কৰিবলৈ লোৱা চৰকাৰৰ পদক্ষেপক তীব্র সমালোচনা কৰে । অবৈধ বিদেশী নিক্ষেপ কৰি অসমক ডাষ্টবিনত পৰিণত কৰিবলৈ দিয়া নহ'ব বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে ।

সমান্তৰালভাৱে ধেমাজি সদৰতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ১২ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ পুৱা ছয় বজাৰ আৰম্ভ কৰা অনশন কাৰ্যসুচীত বিজেপি গ' বেক, CAA আমি নামনো আদি চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে ৷ ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীত ।

গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাই পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ১২ ঘন্টীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰে । আছুৰ সভাপতি উৎপল শৰ্মাই কয় যে CAA ৰ নিয়মায়লী গ্ৰহণ কৰি অবৈধ বিদেশীৰ বোজা জাপি দিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে তাৰ বাবে CAA বিৰোধী আন্দোলন অধিক তীব্ৰতৰ কৰা হৈছে ।

গোলাঘাট জিলাতো এই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিভিন্ন দ'ল সংগঠন । তাৰে অংশ ৰূপে দেওবাৰে গোলাঘাট ছাত্ৰ সন্থা আৰু ৩০ টাকৈ জাতীয় সংগঠনৰ আহ্বান মৰ্মে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ১২ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

গোলাঘাট জিলা ছাত্ৰ সন্থাৰ শ্বহীদ ভৱনৰ সম্মুখত অনশন অংশগ্ৰহণ কৰি CAA ৰ বিৰুদ্ধে সৰৱ হৈ পৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ-সভাপতি অভিৱৰ্তন গোস্বামী ।

লগতে পঢ়ক: ৰাজ্যৰ বিভিন্ন প্ৰান্তত কা বিৰোধী প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.