ETV Bharat / state

নেলীৰ হত্যাকাণ্ডক সুঁৱৰি আমছুৰ ক’লা দিৱস পালন

author img

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 6:51 PM IST

AAMSU Observed Black Day
লখিমপুৰত আমছুৰ ক’লা দিৱস পালন

AAMSU Observed Black Day : ১৯৮৩ চনৰ আজিৰ দিনটোতে নেলীত সংঘটিত হৈছিল ভয়াৱহ হত্যাকাণ্ড । পৰৱৰ্তী সময়ত এই দিনটোক ক’লা দিৱস হিচাপে পালন কৰি আহিছে সংখ্যালঘু ছাত্র সন্থাই ৷ দেওবাৰে আন জিলাৰ দৰে লখিমপুৰতো আমছুৱে ক’লা দিৱস পালন কৰে ।

আমছুৰ ক’লা দিৱস পালন

লখিমপুৰ, 18 ফ্ৰেব্ৰুৱাৰী : 1983 চনৰ আজিৰ দিনটোতে সংঘটিত হৈছিল নেলীৰ ভয়াৱহ হত্যাকাণ্ড ৷ সেই ভয়াৱহ ঘটনাক সুঁৱৰি দেওবাৰে ৰাজ্যজুৰি সদৌ অসম সংখ্যা লঘু ছাত্ৰ সন্থা, চমুকৈ আমছুৱে ক'লা দিৱস পালন কৰে ৷ এই দিনটোতেই নগাঁও জিলাৰ অন্তৰ্গত আলিসিংহা, খোলাপথাৰ, বসুন্ধৰী, বাগডোবা বিল, বাগডোবা হাবি, বৰজোলা, বুটুনি, ডংগাবড়ী, ইন্দুৰমাৰী, মাটি পৰ্বত, মূলাধাৰী, মাটি পৰ্বত নং-8, শিলভেটা, বৰবৰী আৰু নেলী আদিকে ধৰি প্ৰায় 14 খনকৈ গাঁৱত দুৰ্বৃত্তই হত্যাকাণ্ড সংঘটিত কৰিছিল ৷

দুৰ্বৃত্তই এই অঞ্চল কেইটাৰ ৰাইজৰ ঘৰ-বাৰী জ্বলাই দিছিল, অসংখ্য লোক ঘূণীয়া হৈছিল ৷ ঘটনাত বহুতো লোকৰ প্ৰাণহানি হৈছিল ৷ এই নেলী হত্যাকাণ্ডৰ স্মৃতি আজিও ৰাইজৰ মনত সজীৱ হৈ আছে ৷ এই ঘটনা সংঘটিত হোৱা দিনটোক ক’লা দিৱস হিচাপে আমছুৱে পালন কৰি আহিছে ৷

দেওবাৰে বিভিন্ন জিলাৰ লগতে লখিমপুৰৰ কৰুণাবাৰীতো আমছুৰ লখিমপুৰ জিলা সমিতিয়ে ক’লা দিৱস পালন কৰে ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমছুৰ ৰাজ্যিক নেতৃত্বই কয় যে, আজিও সেই ঠাইৰ লোক সকল ন্যায়ৰ পৰা বঞ্চিত হৈ আছে ৷ এতিয়াও দোষীৰ শাস্তি নহ’ল ৷ ঘটনাৰ পাছত প্ৰকাশ পোৱা তিৱাৰী আয়োগৰ প্ৰতিবেদনো ৰাজহুৱা নকৰিলে চৰকাৰে ৷ হত্যাৰ বলি হোৱা দুৰ্ভগীয়া লোক সকলৰ পৰিয়ালে আজিও ন্যায় নাপালে বুলি কয় তেওঁলোকে ৷

তেওঁলোকে কয় যে, নেলীৰ হত্যা যজ্ঞৰ বিচাৰ লাগে বুলি চিঞৰি চিঞৰি নেতা, বিধায়ক, মন্ত্ৰী হোৱা সকলে ইমান বছৰে এই গণহত্যাৰ এজনো অপৰাধী চিনাক্ত কৰিব নোৱাৰিলে ৷ আন নহ’লেও তিৱাৰী আয়োগৰ প্ৰতিবেদনখনো ৰাজহুৱা কৰাৰ ব্যৱস্থা কৰিবলৈ সাহস নহ’ল ৷ আমছুৰ নেতৃত্বই নেলীৰ গণহত্যাৰ বিচাৰ লাগে আৰু যিসকলৰ নিৰ্লিপ্ততাৰ বাবে এই ঘটনা সংঘটিত হৈছিল তেওঁলোকৰ ওপৰত শীঘ্ৰে ব্যৱস্থা লব’লৈ দাবী জনায় ৷ এই কাৰ্যসূচীত আমছুৰ কেন্দ্ৰীয় উপ-সভাপতি ৰাজু ৰহমান, সহকাৰী সাধাৰণ সম্পাদক আমিনুৰ ৰহমান আদিয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : অৰুণাচলৰ চাংলাঙত কয়লাখনিৰ কৰ্মীক অপহৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.