ETV Bharat / state

একেখিনি মাটিতে বিবিধ খেতি: মিজু মৰাণৰ চাহ বাগানত লমালমে লাগিছে চকলেট - Chocolate cultivation

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 8:37 PM IST

Cocao cultivation in Tinsukia: বৰ্তমান সময়ত অসমত বহু কৃষকে একেডৰা মাটিতে বিভিন্ন খেতি কৰি লাভ অৰ্জন কৰা দেখা গৈছে ৷ পৰীক্ষামূলকভাৱেও বহুতেই আৰম্ভ কৰিছে বিভিন্ন শস্যৰ খেতি ৷ তিনিচুকীয়াৰ এগৰাকী কৃষকে চাহ বাগানৰ মাজে মাজে তামোল আৰু জালুকৰ লগতে কৰিছে চকলেটৰ খেতি ৷ চাওক সবিশেষ...

multiple croping
Chocolate cultivation (ETV Bharat Assam)

তিনিচুকীয়া, ২৮ মে’: অসমৰ সাৰুৱা মাটিত কি নহয়, সকলো সম্ভৱ ৷ অসমৰ সাৰুৱা মাটিৰ বাবেই এটা সময়ত বৃটিছে গঢ়ি তুলিছিল চাহৰ বাগিচাসমূহ ৷ শেহতীয়াকৈ অসমত পৰীক্ষামূলকভাৱে বহু খেতি কৰি সফল হৈছে থলুৱা কৃষকসকল ৷ তিনিচুকীয়া জিলাত বিগত দুটা বৰ্ষত মিলেটৰ (কণীধান) খেতি পৰীক্ষামূলকভাৱে কৰি সফল হোৱাত এতিয়া বহলভিত্তিত খেতি এই কৰিছে কৃষকসকলে ৷

মিজু মৰাণৰ চাহ বাগানত লমালমে লাগিছে চকলেট (ETV Bharat Assam)

তাৰ সমান্তৰালভাৱে দুটা বৰ্ষৰ পূৰ্বে মাকুমৰ লাংকাছি গাঁৱত প্ৰথমবাৰৰ বাবে ১০ গৰাকীকৈ কৃষকে ৰোপণ কৰিছিল চকলেটৰ পুলি ৷ মাকুম লাংকাছি গাঁৱৰ মিজু মৰাণে প্ৰায় তিনি বিঘাকৈ মাটিত ৰোপণ কৰা চকলেট গছৰ পুলিসমূহ এতিয়া লহপহকৈ ডাঙৰ হোৱাৰ লগতে গছত লমালমে লাগিছে চকলেট ৷ তাকে দেখি এতিয়া মুখত হাঁহি বিৰিঙিছে মিজু মৰাণৰ দৰে লাংকাছি গাঁৱৰ আন ৯ গৰাকী খেতিয়কৰ ৷

মিজু মৰাণে চকলেটৰ গছ ৰোপন কৰা ঠাইত চকলেটৰ সমান্তৰালভাৱে কৰিছে আন তিনিবিধ লাভজনক খেতি ৷ একেখিনি মাটিতে মৰাণে চাহ বাগিচা, তামোল, জালুকৰ লগতে লগাইছে চকলেট ৷

লগতে পঢ়ক: কংক্ৰিটৰ মহানগৰীত সোণোৱালী শইছ - Boro paddy cultivation

শেহতীয়াকৈ ক্ষুদ্ৰ চাহ খেতিয়কৰ পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হোৱাত চাহৰ মাজত থকা তামোল গছত তেওঁ লগালে জালুক ৷ বজাৰত তামোলৰ লগতে জালুকৰো চাহিদা যথেষ্ট বেছি ৷ সেই গতিকে একেখিনি মাটিকে সদ্ব্যৱহাৰ কৰিছে মিজু মৰাণে ৷

মিজু মৰাণে সদৰী কৰা অনুসৰি চকলেটৰ খেতিৰ বাবে বৰ বেছি ৰ’দৰ প্ৰয়োজন নাই আৰু আমাৰ অসমৰ মাটি, পানী আৰু জলবায়ু এই খেতিৰ বাবে অতি উপযোগী ৷ কৃষি বিভাগৰ তৰফৰ পৰা তিনি বছৰত গুটি লাগিব বুলি জনাইছিল যদিও দুই বছৰতেই ইতিমধ্যে গছত গুটি লাগিছে আৰু যথেষ্ট ডাঙৰ হৈছে ৷ দুই বছৰতেই যদি ইমান ধুনীয়াকৈ গুটি লাগিছে গতিকে অহা বছৰ আৰু ভাল ফল পাব বুলি আশা কৰিছে মিজু মৰাণে ৷

লগতে পঢ়ক: ধেমাজিত এদল শিক্ষিত যুৱকৰ কণীধান খেতিৰে সেউজ বিপ্লৱ - Agricultural Revolution In Dhemaji

সাধাৰণতে চকলেট গছৰ পৰা ছিঙিয়েই বিক্ৰী কৰিলে প্ৰতি কেজিত ৫০ টকাকৈ পোৱা যাব আৰু ২-৩ টা চকলেটৰ ফলৰ ওজন এক কেজি হ’ব ৷ যদি গুটি উলিয়াই শুকুৱাই দিয়া হয় তাৰ মূল্য অধিক হ’ব ৷ বৰ্তমান চকলেটবোৰ বিক্ৰী কৰিবলৈ গুৱাহাটীলৈ প্ৰেৰণ কৰিব লাগিব যদিও ইয়াৰ বজাৰখন যথেষ্ট ভাল ।

তিনিচুকীয়াত থকা চাহৰ বাগিচাসমূহৰ মাজত এনেদৰেই সমান্তৰালভাৱে চাৰিটা খেতি ধুনীয়াকৈ কৰিব পাৰি বুলি মিজু মৰাণে উল্লেখ কৰাৰ লগতে খেতিয়কসকলক এনেদৰে খেতি কৰিবলৈ আহ্বান জনায় ৷ যিহেতু আজিৰ দিনত প্ৰতিটো সামগ্ৰীৰ দাম বাঢ়িছে, এনে সময়ত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে অকল চাহ বাগিচা পাতি বহি থাকিব নালাগে ৷ সকলোৱে এনেদৰে একেডৰা মাটিতে কেইবাটাও খেতি কৰিলে অধিক লাভান্বিত হ’ব বুলি খেতিয়কগৰাকীয়ে কয় ৷

লগতে পঢ়ক: কলিয়াবৰত উন্নতমানৰ ধানৰ বীজ সিঁচি পালে পতান - Paddy Seeds Scam In Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.