ETV Bharat / state

চৰকাৰী চাকৰি নথকা পৰিয়ালৰ প্ৰাৰ্থীৰ বাবে বাজেটে কঢ়িয়াই আনিছে সুখবৰ

author img

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 7:08 PM IST

Assam Budget 2024
অধিক পৰিয়ালত চৰকাৰী চাকৰিয়ালৰ উপস্থিতি নিশ্চিত কৰাৰ সিদ্ধান্ত

Assam Budget 2024 : চৰকাৰী নিযুক্তিত সামাজিক সমতা স্থাপনৰ লক্ষ্য নিৰ্দ্ধাৰণৰ উদ্দেশ্যে অধিক পৰিয়ালত চৰকাৰী চাকৰিয়ালৰ উপস্থিতি নিশ্চিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ যিসমূহ পৰিয়ালত চৰকাৰী এজনো চাকৰিয়াল নাই, তেনে পৰিয়ালৰ প্ৰার্থীয়ে মুঠ প্ৰাপ্ত নম্বৰৰ সৈতে 5 শতাংশ অতিৰিক্ত নম্বৰ লাভ কৰিব ৷

গুৱাহাটী, 12 ফেব্ৰুৱাৰী : এইবাৰ ৰাজ্য চৰকাৰৰ বাজেটত চৰকাৰী চাকৰিৰ নিযুক্তিত সামাজিক সমতা স্থাপনৰ লক্ষ্য নিৰ্দ্ধাৰণৰ উদ্দেশ্যে অসমৰ অধিক পৰিয়ালত চৰকাৰী চাকৰিয়ালৰ উপস্থিতি নিশ্চিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

> যিসমূহ পৰিয়ালত চৰকাৰী বা ৰাজহুৱা খণ্ডত এজনো চাকৰিয়াল নাই, তেওঁলোকক সুবিধা দিয়াৰ উদ্দেশ্য তেনে পৰিয়ালৰ প্ৰার্থীয়ে মুঠ প্ৰাপ্ত নম্বৰৰ সৈতে 5 শতাংশ অতিৰিক্ত নম্বৰ লাভ কৰিব ৷

>তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সকলো পদৰ নিয়োগ প্ৰক্ৰিয়াত প্ৰাৰ্থী বাছনিৰ গুণগত মানৰ সৈতে আপোচ নকৰাকৈ এই ব্যৱস্থা কার্যকৰী হ'ব বুলি বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে সদৰি কৰিছে ৷ এই উদ্দেশ্যে চৰকাৰে চলিত বছৰতে এখন নতুন বিধেয়ক উত্থাপন কৰিব ‌বুলি বিত্তমন্ত্ৰীয়ে সদনত সদৰী কৰে ৷

>ইফালে অসম আৰক্ষীত অগ্নিবীৰৰ বাবে সংৰক্ষণৰ বাবে বাজেট ভাষণত উল্লেখ কৰা হৈছে ৷ চৰকাৰে যোগ্য অগ্নিবীৰসকলৰ বাবে অসম আৰক্ষীত 10 শতাংশ পদ সংৰক্ষণৰ ব্যৱস্থা কৰিব ৷ অৱশ্যে স্থানীয় প্ৰাৰ্থীৰ বাবেহে এই ব্যৱস্থা প্ৰযোজ্য হ'ব ৷

>আনহাতে অসম চৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অসম অসামৰিক সেৱা আৰু অসম আৰক্ষী সেৱাৰ নিৰ্দিষ্ট সংখ্যক পদ মৰাণ আৰু মটক জনগোষ্ঠীৰ বাবে সংৰক্ষণ কৰা হ'ব ৷

>পৰৱৰ্তী সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অসম অসামৰিক সেৱা (জুনিয়ৰ গ্ৰেড) আৰু সংলগ্ন সেৱাৰ 235 টা খালী পদ ঘোষণা কৰা হৈছে ৷

>7,000ৰ অধিক তৃতীয় বৰ্গ আৰু 5,000 চতুৰ্থ বৰ্গৰ পদত নিযুক্তিৰ পৰিকল্পনাৰে বিভাগটোৱে ৰাজ্যৰ বিভিন্ন চৰকাৰী বিভাগত কৰ্মচাৰীৰ প্ৰয়োজনীয়তা পূৰণৰ দিশত সক্ৰিয়তাৰে কাম কৰি আছে‌ বুলি বিত্তমন্ত্ৰীয়ে‌ সদৰী কৰে ৷

>সদনত বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে‌ কয় যে, 2021 চনৰ‌ মে’‌ মাহৰ পৰা 2024 বৰ্ষৰ জানুৱাৰী মাহলৈকে অসম চৰকাৰে 94,506 গৰাকী চাকৰি প্ৰত্যাশীক নিযুক্তি দিছে ৷ তথ্য অনুসৰি 2021 বৰ্ষত 4,779 জন, 2022 বৰ্ষত 35,130 জন, 2023 বৰ্ষত 53,648 জন আৰু 2024 চনৰ জানুৱাৰীত 949 জনক নিযুক্তি দিছে চৰকাৰে ৷

>মৰাণ, মটক, তাই আহোম, চুতীয়া, কোচ, ৰাজবংশী, চাহ শ্ৰমিক (TGL) আৰু প্ৰাক্তন চাহ শ্ৰমিক (Ex.TGL) সম্প্ৰদায়ক অন্যান্য পিছপৰা শ্ৰেণী (OBC)/ অধিক অন্যান্য পিছপৰা শ্রেণী (MOBC)ৰ অধীনত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহত নামভৰ্তিৰ ক্ষেত্ৰত আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷

>উত্তৰ পূৰ্বাঞ্চলত স্থাপন কৰা প্ৰথমখন অসম দক্ষতা বিশ্ববিদ্যালয় 2025 চনৰ পৰা কাৰ্যকৰী কৰা হ’ব আৰু ইয়াত আনুমানিক 1500 ছাত্ৰ-ছাত্ৰীৰ নাম ভৰ্ত্তি কৰোৱা হ’ব বুলি বিত্তমন্ত্ৰীয়ে‌ সদৰী কৰে ৷

লগতে পঢ়ক : অসম বাজেট ২০২৪-২৫ : শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত নতুন কি আছে বাজেটত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.