ETV Bharat / state

নিজ বাহনৰ ভিতৰতে ডিঙি ৰেপি হত্যা কৰা হ’ল যুৱ ব্যৱসায়ীক; তদন্ত আৰম্ভ - Youth found dead with throat slit

author img

By ETV Bharat Assamese Team

Published : Mar 25, 2024, 11:53 AM IST

Updated : Mar 25, 2024, 12:50 PM IST

31 YEAR OLD YOUTH FOUND  DEAD WITH THROAT SLIT INSIDE HIS OWN CAR IN BOKAKHAT
নিজ বাহনৰ ভিতৰতে ডিঙি ৰেপি হত্যা কৰা হ’ল যুৱ ব্যৱসায়ীক; তদন্ত আৰম্ভ

Youth found dead with throat slit inside car: বোকাখাতত নিজ বাহনৰ ভিতৰতে ডিঙি ৰেপি হত্যা কৰা হ’ল এজন যুৱ ব্যৱসায়ীক ৷ ঘটনা সন্দৰ্ভত আৰম্ভ তদন্ত ৷

নিজ বাহনৰ ভিতৰতে ডিঙি ৰেপি হত্যা কৰা হ’ল যুৱ ব্যৱসায়ীক; তদন্ত আৰম্ভ

বোকাখাত, 25 মাৰ্চ: ফাকুৱাৰ আনন্দ-উল্লাসৰ মাজতে বোকাখাতত সংঘটিত হ’ল এক হত্যাকাণ্ডৰ ঘটনা । দেওবাৰে ডিঙি ৰেপি হত্যা কৰা হৈছে এজন যুৱ ব্যৱসায়ীক । যুৱ ব্যৱসায়ীজনৰ নাম ৰয়েল ৰংহাং । ৰয়েলৰ ঘৰ কাকচাঙত ।

জানিব পৰা মতে, বোকাখাতৰ পৰা কাকচাং জলপ্ৰপাতলৈ যোৱা পথত দেওবাৰৰ বিয়লি এই হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত হয় ৷ নিজৰ AS 09 K 5343 নম্বৰৰ বাহনখনেৰে ঘৰলৈ ওভতাৰ পথত দুৰ্বৃত্তই গাড়ীৰ ভিতৰতে ডিঙি ৰেপি যুৱকজনক হত্যা কৰা বুলি সন্দেহ কৰা হৈছে । নিজ গাড়ীৰে বোকাখাত নগৰৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাতে নাহৰজাৰ কাকজান পথত সংঘটিত হয় এই ঘটনাটো ।

উক্ত ঘটনাৰ খবৰ পাই বোকাখাত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ লগতে ঘটনা সন্দৰ্ভত আৰম্ভ কৰে তদন্ত ৷

মাত্ৰ 31 বছৰীয়া ৰয়েল ৰংহাঙৰ হত্যাকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে কাকজান । শীঘ্ৰে এই হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ব্যক্তিক কৰায়ত্ত কৰি উচিত শান্তি প্ৰদানৰ দাবী জনায় পৰিয়াল তথা স্থানীয় লোকে । সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতহে প্ৰকৃত দোষীৰ পৰিচয় পোহৰলৈ আহিব বুলি আশা কৰা হৈছে ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে বিহৰা বাগিছাত এটা মৃতদেহ ওলোৱাৰ উপৰিও নাহৰজান বাগিছাত উদ্ধাৰ হৈছিল এটা নৰ কংকাল । এই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ নৃশংস হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ অহাত স্থানীয় লোকসকল নিৰাপত্তাহীনতাত ভোগা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: শোৱাপাটীতে পত্নীক চুৰিকাঘাত কৰি হত্য়াৰ চেষ্টা

Last Updated :Mar 25, 2024, 12:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.