ETV Bharat / state

কৰিমগঞ্জত তিনিটা দলৰ ৩ কোটিপতিৰ লগতে অৱতীৰ্ণ ১৮ গৰাকী নিৰ্দলীয় প্ৰাৰ্থী - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 18, 2024, 6:49 PM IST

Lok Sabha Election 2024: কৰিমগঞ্জ লোকসভা সমষ্টিত দ্বিতীয় পৰ্যায়ত হ'ব নিৰ্বাচন । অৱতীৰ্ণ হৈছে ২৪ গৰাকী প্ৰাৰ্থী । নিৰ্দলীয় আছে ১৮ গৰাকী । এ আই ইউ ডি এফৰ চাহাবুল ইছলাম চৌধুৰীৰ মুঠ সম্পত্তিৰ পৰিমাণ ৬০,৫১,০৭,১১৯ টকা । কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থী দুগৰাকীও কোটিপতি । ১৮ গৰাকী নিৰ্দলীয়ৰ ১৬ গৰাকী লাখপতি আৰু দুগৰাকী হাজাৰপতি । কোটিপতি তিনিগৰাকী প্ৰাৰ্থীয়ে উচ্চ শিক্ষিত । সমষ্টিটোত অৱতীৰ্ণ হৈছে অষ্টম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থী । নাই এগৰাকীও মহিলা প্ৰাৰ্থী ।

Lok Sabha Election 2024
কৰিমগঞ্জত তিনিটা দলৰ ৩ কোটিপতিৰ বিপৰীতে অৱতীৰ্ণ ১৮ গৰাকী নিৰ্দলীয় প্ৰাৰ্থী

গুৱাহাটী,১৮ এপ্ৰিল : কৰিমগঞ্জ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা ২৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১৮ গৰাকী প্ৰাৰ্থীয়েই হৈছে নিৰ্দলীয় । ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত কৰিমগঞ্জৰ লগতে ৫ টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব । দ্বিতীয় পৰ্যায়ৰ ৫ টা সমষ্টিত মুঠ ৬১ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে কৰিমগঞ্জ সমষ্টিতে অৱতীৰ্ণ হৈছে ২৪ গৰাকী প্ৰাৰ্থী । ইয়াৰে ১৮ গৰাকী প্ৰাৰ্থীয়েই হৈছে নিৰ্দলীয় ।

Lok Sabha Election 2024
কৰিমগঞ্জত তিনিটা দলৰ ৩ কোটিপতিৰ বিপৰীতে অৱতীৰ্ণ ১৮ গৰাকী নিৰ্দলীয় প্ৰাৰ্থী

কৰিমগঞ্জ সমষ্টিত মূল যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ মাজতে সীমাবদ্ধ থাকিব বুলি ধাৰণা কৰা হৈছে যদিও এআইইউডিএফ দলো যুঁজৰ শাৰীত আছে । আনহাতে সমষ্টিটোত সংখ্যালঘু ভোট বিভাজিত হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে । কাৰণ ১৮ গৰাকীকৈ নিৰ্দলীয় প্ৰাৰ্থী সমষ্টিটোত অৱতীৰ্ণ হৈছে । সমষ্টিটোত বিজেপিৰ হৈ কৃপানাথ মাল্লা, কংগ্ৰেছৰ হৈ হাফিজ ৰচিদ আহমেদ চৌধুৰী আৰু এআইইউডিএফৰ হৈ চাহাবুল ইছলাম চৌধুৰী অৱতীৰ্ণ হৈছে ।

Lok Sabha Election 2024
কৰিমগঞ্জত তিনিটা দলৰ ৩ কোটিপতিৰ বিপৰীতে অৱতীৰ্ণ ১৮ গৰাকী নিৰ্দলীয় প্ৰাৰ্থী

আনহাতে ২৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত সকলোতকৈ সম্পত্তিশালী প্ৰাৰ্থীগৰাকী হৈছে এআইইউডিএফৰ চাহাবুল ইছলাম চৌধুৰী । তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৬০,৫১,০৭,১১৯ টকা । ইয়‍াৰে অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ১০,৫১,০৭,১৯৯ টকা আৰু স্থাৱৰ সম্পত্তিৰ পৰিমাণ ৫০ কোটি টকা । তেওঁৰ নগদ ধন আছে ৬,১৯,১৬৩ টকা আৰু পত্নীৰ আছে ৩,৮১,০৩৮ টকা । আনহাতে পত্নীৰ অস্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ১৫,৮৭,১৪,৬৩৩ টকা আৰু স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৬৫,৭০,০০০ টকা । চাহাবুল ইছলাম চৌধুৰীৰ দেওনা আছে ১০,১২,১৮,৬২৪ টকা আৰু পত্নীৰ আছে ১৫,০৭,৯৭,৮২৮ টকা । তেওঁৰ শিক্ষাগত অৰ্হতা হৈছে ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ ।

আনহাতে কংগ্ৰেছৰ হাফিজ ৰচিদ আহমেদ চৌধুৰীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৪,৬১,৩৮,৭৯৯ টকা । ইয়াৰে অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৪১,৩৮,৭৯৯ টকা আৰু স্থাৱৰ সম্পত্তিৰ মূল্য ৪.২০ কোটি টকা । তেওঁৰ হাতত থকা নগদ ধনৰ পৰিমাণ হৈছে এক লাখ টকা । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰচিদ আহমেদ চৌধুৰীৰ শিক্ষাগত অৰ্হতা হৈছে আৰৱীত স্নাতকোত্তৰ ডিগ্ৰী । তেওঁ ১৯৮৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ লগতে ১৯৭৯ চনত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা এলএলএম কৰে ।

সেইদৰে বিজেপিৰ প্ৰাৰ্থী কৃপানাথ মাল্লাৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১,২৬,৪৫,১০৪ টকা । ইয়াৰে অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৩১,৪৫,১০৪ টকা আৰু স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৯৫ লাখ টকা । তেওঁৰ নগদ ধন আছে ৫ লাখ টকা । তেওঁৰ দেওনা আছে ৬৩,১৪,৭৮২ টকা । তেওঁৰ শিক্ষাগত অৰ্হতা হৈছে বিজ্ঞান শাখাৰ স্নাতক । তেওঁ ১৯৯৭ চনত কৰিমগঞ্জ কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে । অৰ্থাৎ কৰিমগঞ্জ সমষ্টিত অৱতীৰ্ণ হোৱা ৩ টা প্ৰধান দলৰ তিনিগৰাকী প্ৰাৰ্থীয়ে কোটিপতি ।

কৰিমগঞ্জ সমষ্টিত দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱা এছইউচিআইৰ (চি) প্ৰাজ্বল সুদীপ্ত দেৱৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৪৪,৩৭৫ টকা আৰু স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ১২.৫০ লাখ টকা । তেওঁ ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰীধাৰী । তেওঁৰ হাতত আছে ৫ হাজাৰ নগদ ধন । আনহাতে বেংগলী নৱনিৰ্মাণ সেনাৰ প্ৰাৰ্থী দেৱাশীষ ঘোষৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ১.৬০ লাখ টকা । তেওঁৰ নগদ ধন আছে ৬০ হাজাৰ টকা । তেওঁৰ শিক্ষাগত অৰ্হতা হৈছে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ।

সেইদৰে ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ প্ৰাৰ্থী আহাদ উদ্দিনৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ১,০৭,৫১৯ টকা আৰু স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৩.৫০ লাখ টকা । তেওঁৰ নগদ ধন আছে ২৫ হাজাৰ টকা । কৰিমগঞ্জ সমষ্টিত ৬ গৰাকী দলীয় প্ৰাৰ্থীৰ বিপৰীতে ১৮ গৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে ।

নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰায় সংখ্যকে লাখপতি যদিও এজন প্ৰাৰ্থী হৈছে হাজাৰপতি । তেওঁ হৈছে আব্দুল বাচিত তপাদাৰ । তেওঁৰ স্থাৱৰ সম্পত্তি নথকাৰ বিপৰীতে অস্থাৱৰ সম্পত্তি হিচাপে ৭০ হাজাৰ টকাৰ নগদ ধন আছে । আনহাতে পত্নীৰ আছে নগদ ধনসহ ৬৫ হাজাৰ টকা মূল্যৰ অস্থাৱৰ সম্পত্তি । প্ৰাৰ্থীগৰাকী উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ । আনহাতে নিৰ্দলীয় প্ৰাৰ্থী দিলীপ কুমাৰৰ নগদ ধন আছে ২,২৮,৫৫৩ টকা । তেওঁৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ৮,২০,৭৫৪ টকা আৰু পত্নীৰ নামত থকা স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৩০ লাখ টকা । তেওঁ এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা ১৯৯০ চনত কলা শাখাত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে ।

নিৰ্দলীয় প্ৰাৰ্থী বিনয় কৃষ্ণ ৰায়ৰ নগদ ধন আছে ৩১,৯৫৫ টকা । তেওঁৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ৬০,৩০,২১৬ টকা আৰু স্থাৱৰ সম্পত্তিৰ মূল্য ২০ লাখ টকা । তেওঁৰ শিক্ষাগত অৰ্হতা বাণিজ্য শাখাৰ স্নাতক আৰু এলএলবি । সেইদৰে নিৰ্দলীয় প্ৰাৰ্থী আব্দুল হামিদৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ১.০২ লাখ টকা আৰু স্থাৱৰ সম্পত্তিৰ মূল্য ৩৮.৫৫ লাখ টকা । তেওঁৰ নগদ ধন আছে এক লাখ টকা । তেওঁৰ শিক্ষাগত অৰ্হতা মেট্ৰিক উত্তীৰ্ণ (১৯৮১) ।

নিৰ্দলীয় প্ৰাৰ্থী ৰকিবুল হুছেইন চৌধুৰীৰ নগদ ধন আছে ৯০ হাজাৰ টকা । তেওঁৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ১.৬৫ লাখ টকা আৰু স্থাৱৰ সম্পত্তি নাই । শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ (২০০৫) । নিৰ্দলীয় প্ৰাৰ্থী ছৰিফুল ৰহমান হাজাৰিৰ নগদ ধন আছে এক লাখ টকা আৰু অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ১.১০ লাখ টকা । তেওঁৰ শিক্ষাগত অৰ্হতা অষ্টম শ্ৰেণী (১৯৮৬) উত্তীৰ্ণ । সেইদৰে নিৰ্দলীয় প্ৰাৰ্থী গোপাল চন্দ্ৰ পালৰ নগদ ধন আছে ৫ হাজাৰ টকা । তেওঁৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৯,২১,৬৯৯ টকা আৰু স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ১০.৫ লাখ টকা । তেওঁ ১৯৮১ চনত চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্লমা গ্ৰহণ কৰে ।

নিৰ্দলীয় প্ৰাৰ্থী ৰচিদ আহমেদ চৌধুৰীৰ ১ লাখ টকা নগদ ধন থকাৰ বিপৰীতে অস্থাৱৰ সম্পত্তি আছে ১.১০ লাখ টকাৰ আৰু স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ১০ লাখ টকা । তেওঁৰ শিক্ষাগত অৰ্হতা হৈছে অষ্টম শ্ৰেণী উত্তীৰ্ণ । আন এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী চালেহ আহমেদৰ সম্পত্তিৰ পৰিমাণ হৈছে ১.১০ লাখ টকা আৰু তেওঁৰ শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ।

নিৰ্দলীয় প্ৰাৰ্থী আব্দুচ সুভন তপাদাৰৰ নগদ ধন আছে ৫০ হাজাৰ টকা । আনহাতে তেওঁৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ১,৫০,৭৩৩ টকা আৰু স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৪ লাখ টকা । তেওঁৰ শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ । সেইদৰে নিৰ্দলীয় প্ৰাৰ্থী আব্দুল কালাম মজুমদাৰৰ নগদ ধন আছে ১.৬০ লাখ টকা । তেওঁৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ৫,৬১,৩৬৫ টকা আৰু স্থাৱৰ সম্পত্তিৰ মূল্য ৫৩ লাখ টকা । তেওঁ নৱম শ্ৰেণী (২০০১) উত্তীৰ্ণ ।

নিৰ্দলীয় প্ৰাৰ্থী দেৱজ্যোতি নাথৰ নগদ ধন আছে ৬০,৮২০ টকা । তেওঁৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ২,৭১,৮৬২ টকা আৰু স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে দুই লাখ টকা । তেওঁৰ শিক্ষাগত অৰ্হতা মেট্ৰিক উত্তীৰ্ণ । আন এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী জীৱেশ দেৱৰ নগদ ধন আছে ৫০ হাজাৰ টকা । তেওঁৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ৬১,০৪৬ টকা আৰু স্থাৱৰ সম্পত্তিৰ পৰিমাণ ৪ লাখ টকা । তেওঁ ১৯৮৭-৮৮ বৰ্ষত ত্রিপুৰা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে ।

সেইদৰে নিৰ্দলীয় প্ৰাৰ্থী ৰচিদ আহমেদ লস্কৰৰ নগদ ধন আছে ৬০ হাজাৰ টকা । নৱম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীগৰাকীৰ অস্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৩ লাখ টকা আৰু স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে এক লাখ টকা । নিৰ্দলীয় প্ৰাৰ্থী নজৰুল ইছলাম লস্কৰৰ নগদ ধন আছে ৪৮ হাজাৰ টকা । তেওঁৰ স্থাৱৰ সম্পত্তি নাই যদিও অস্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ১০ লাখ টকা । তেওঁ ১৯৮৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ উপৰিও ২০১২ চনত অসম বিশ্ববিদ্যালয়ৰ অধীনত এলএলবি কৰে । সমষ্টিটোৰ আন এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী আলিম উদ্দিন মজুমদাৰৰ নগদ ধন আছে ২০ হাজাৰ টকা । তেওঁৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ২২,৮০,০০০ টকা আৰু স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৫ লাখ টকা । তেওঁৰ শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ।

নিৰ্দলীয় প্ৰাৰ্থী মুজাক্কিৰ হাচান লস্কৰৰ নগদ ধন আছে ২০ হাজাৰ টকা । স্নাতক ডিগ্ৰীধাৰী প্ৰাৰ্থীগৰাকীৰ নাই কোনো অস্থাৱৰ আৰু স্থাৱৰ সম্পত্তি । তেওঁৰ পত্নীৰ লগত আছে ২ লাখ টকাৰ নগদ ধন । উল্লেখ্য যে এইবাৰ কৰিমগঞ্জ সমষ্টিত ১৮ গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে যথেষ্ট ভোট বিভাজন কৰিব বুলি ধাৰণা কৰা হৈছে । লক্ষণীয়ভাৱে সমষ্টিটোত ২৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে যদিও নাই এগৰাকীও মহিলা প্ৰাৰ্থী ।

লগতে পঢ়ক :বিজেপি মিত্ৰজোঁটৰ তিনি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি অসমলৈ জেপি নাড্ডা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.