ETV Bharat / sports

টি-20 বিশ্বকাপ ২০২৪ ত ভাৰতীয় দলৰ অংশ হোৱাটো নিশ্চিত কোহলী-পন্ট - T20 world cup 2024

author img

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 10:38 PM IST

VIRAT KOHLI
T20 WORLD CUP 2024

T20 WORLD CUP 2024: ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলী আৰু উইকেটকীপাৰ বেটছমেন ঋষভ পণ্টে টি-২০ বিশ্বকাপৰ বাবে টীম ইণ্ডিয়াৰ দলত স্থান লাভ কৰাটো নিশ্চিত। সম্পূৰ্ণ খবৰ পঢ়ক...

নিউজ ডেস্ক, ৯ এপ্ৰিল: অহা ২ জুনৰ পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপ ২০২৪ । এতিয়া আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনলৈ ২ মাহতকৈও কম সময় বাকী আছে । এনে পৰিস্থিতিত সকলো দেশৰ দলে ইয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । এনে পৰিস্থিতিত ভাৰতীয় নিৰ্বাচকসকলেও টি-২০ বিশ্বকাপ ২০২৪ৰ বাবে নিজৰ দল গঠন কৰিবলৈ আৰম্ভ কৰিছে । আই পি এল ২০২৪ৰ বেছিভাগ মেচতে চকু ৰাখিছে নিৰ্বাচকসকলে । তেওঁলোকৰ উদ্দেশ্য হৈছে টি-২০ বিশ্বকাপত অন্তৰ্ভুক্ত হ’বলগীয়া খেলুৱৈ আৰু তেওঁলোকৰ প্ৰদৰ্শনৰ ওপৰত চকু ৰখা ।

এপ্ৰিল মাহৰ শেষ সপ্তাহৰ পৰা মে’ মাহৰ প্ৰথম সপ্তাহলৈকে বিশ্বকাপৰ বাবে সকলো অংশগ্ৰহণকাৰী দেশে নিজৰ দল ঘোষণা কৰিব পাৰিব । ১ মে’ৰ ভিতৰত সকলো দলৰ তালিকা আইচিচিলৈ প্ৰেৰণ কৰা হ’ব আৰু ইয়াত পৰিৱৰ্তনৰ বাবে এসপ্তাহৰ সময় থাকিব । এনে পৰিস্থিতিত ক্ৰিকবাজৰ এটা প্ৰতিবেদন ওলাইছে, য’ত বহু ডাঙৰ ডাঙৰ কথা প্ৰকাশ পাইছে আৰু কোৱা হৈছে যে কোন খেলুৱৈয়ে টি-২০ বিশ্বকাপ ২০২৪ৰ দলত স্থান লাভ কৰিব পাৰে । এই তালিকাত মায়ংক যাদৱ এটা আচৰিত নাম ।

টি-২০ বিশ্বকাপ দলৰ অংশ হ’ব বিৰাট কোহলী:

এইবাৰ বিৰাট কোহলীয়ে আই পি এল ২০২৪ত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে । এটা শতক আৰু দুটা অৰ্ধশতকৰে ৫খন মেচত ৩১৬ ৰান সংগ্ৰহ কৰি তেওঁ সৰ্বোচ্চ স্ক’ৰাৰ হৈয়েই আছে । তেওঁৰ শক্তিশালী প্ৰদৰ্শনৰ পিছত টি-২০ বিশ্বকাপ দলত স্থান লাভ কৰাটো একেবাৰে নিশ্চিত । এতিয়া ক্ৰিকবাজৰ প্ৰতিবেদনেও দাবী কৰিছে যে বিৰাট টি-২০ বিশ্বকাপ দলৰ অংশ হ’ব ।

  • " class="align-text-top noRightClick twitterSection" data="">

বিশ্বকাপৰ দলত স্থান পাব পাৰে ঋষভ পণ্টে :

ঋষভ পন্ট দুৰ্ঘটনাত পতিত হৈছিল ২০২২ চনৰ ৩০ ডিচেম্বৰত । ইয়াৰ পিছত পন্টৰ আঁঠুৰ অস্ত্ৰোপচাৰ হৈছিল আৰু তেওঁ ক্ৰিকেট খেলপথাৰৰ পৰা সম্পূৰ্ণ আঁতৰত আছিল । এতিয়া আইপিএল ২০২৪ত প্ৰত্যাৱৰ্তন কৰিছে পণ্টে । এই ছিজনত তেওঁ যেন অতি উন্নত ফৰ্মত আছে আৰু এতিয়ালৈকে খেলা ৫খন মেচত ২টা অৰ্ধশতকৰে ১৫৩ ৰান সংগ্ৰহ কৰিছে । ইয়াৰ উপৰিও তেওঁ উইকেটৰ পিছফালে উৎকৃষ্ট কিপিং কৰি আছে । এই উজ্জ্বল প্ৰদৰ্শনৰ পিছত পণ্টে টি-২০ বিশ্বকাপ দলত স্থান লাভৰ বাবে শক্তিশালী দাবীদাৰ হৈ পৰিছে । এতিয়া আগন্তুক মেচসমূহত তেওঁৰ ফিটনেছ চাই তেওঁক দলত স্থান দিব পৰা যাব । যদি ক্ৰিকবাজৰ প্ৰতিবেদন বিশ্বাস কৰা হয় তেন্তে পণ্টে টি-২০ বিশ্বকাপ দলত উইকেটকীপাৰ হিচাপে স্থান লাভ কৰিব পাৰে ।

এই খেলুৱৈসকলো দলৰ অংশ হ’ব:

যদি ক্ৰিকবাজৰ প্ৰতিবেদন বিশ্বাস কৰা হয় তেন্তে টি-২০ বিশ্বকাপ দলৰ অধিনায়ক ৰোহিত শৰ্মা, যশস্বী জয়ছৱাল আৰু বিৰাট কোহলী ভাৰতৰ শীৰ্ষ ৩ বেটছমেন হিচাপে পৰিগণিত হ’ব । ইয়াৰ উপৰিও সূৰ্যকুমাৰ যাদৱ আৰু ৰিংকু সিঙো দলটোৰ অংশ হিচাপে থাকিব । বলিঙত যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ আৰু অৰ্শদীপ সিং দলৰ অংশ হ’ব । ইয়াৰ সমান্তৰালকৈ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বেগী বলাৰ মায়ংক যাদৱৰ ওপৰতো নির্বাচকসকলে চকু ৰাখিছে, যিয়ে ২০২৪ চনৰ আই পি এলত নিজৰ দ্রুত গতিৰে বেটছমেনক ধ্বংস কৰি পেলাইছে ৷ তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শনৰ পিছত নিৰ্বাচকসকলেও তেওঁক দলত স্থান দিব পাৰে ।

লগতে পঢ়ক: কলকাতাক ৭ উইকেটত পৰাস্ত চেন্নাই ছুপাৰ কিংছৰ - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.