ETV Bharat / sports

নজমুল হোছেইন শান্তোৰ নেতৃত্বত বাংলাদেশৰ টি-২০ বিশ্বকাপ দল ঘোষণা - T20 world cup 2024

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 5:02 PM IST

T20 world cup 2024 : বাংলাদেশে টি-২০ বিশ্বকাপৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰিছে । নাজমুল হাছান শান্তোৱে দলটোক নেতৃত্ব প্ৰদান কৰিব ।

T20 world cup 2024
বাংলাদেশ ক্ৰিকেট দলৰ ফাইল ফটো (IANS Photo)

স্পৰ্টছ ডেস্ক, ১৪ মে' : আগন্তুক ২০২৪ জুনত অনুষ্ঠিত হ'ব টি-২০ বিশ্বকাপ । প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলীয়া বেছিভাগ দেশেই ইতিমধ্যে তেওঁলোকৰ দল ঘোষণা কৰিছে । আনহাতে, কিছু দল ঘোষণা কৰিবলৈ এতিয়াও বাকী আছে । ইয়াৰ মাজতে বাংলাদেশ ক্ৰিকেট বোৰ্ডে টি-২০ বিশ্বকাপৰ বাবে নিজৰ দলটো ঘোষণা কৰিছে । উল্লেখ্য যে শেহতীয়াকৈ সমাপ্ত হোৱা টি-২০ ঘৰুৱা শৃংখলাত জিম্বাবোৱেৰ বিৰুদ্ধে ৪-১ ব্যৱধানত শৃংখলা জয়ৰ পিচত বাংলাদেশে তেওঁলোকৰ দল ঘোষণা কৰিছে ।

বাংলাদেশ দলটোত অভিজ্ঞ খেলুৱৈৰ উপৰি কিছু নতুন খেলুৱৈকো সুযোগ দিয়া হৈছে । দলটোৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছে নজমুল হোছেইন শান্তোক । আনহাতে, ফাষ্ট বলাৰ তাস্কিন আহমেদক উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে । উল্লেখ্য যে অলৰাউণ্ডাৰ শ্বাকিব অল-হাছানকো বিশ্বকাপৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হৈছে । প্ৰায় এবছৰৰ ব্যৱধানৰ অন্তত তেওঁ টি-২০ ক্ৰিকেটলৈ উভতি আহিছে । জিম্বাবোৱেৰ বিৰুদ্ধে অন্তিম দুখন টি-২০ মেচৰ বাবে শ্বাকিবক বাংলাদেশৰ দলত স্থান দিয়া হৈছিল আৰু চতুৰ্থখন মেচত তেওঁ চাৰিটা উইকেট দখল কৰি প্ৰভাৱ বিস্তাৰ কৰে ।

ইয়াৰ উপৰি ২২ বছৰীয়া শ্বৰিফুল ইছলামকো দলত অন্তৰ্ভুক্ত কৰা হৈছে । আনহাতে, অভিজ্ঞ লিটন দাস আৰু অভিজ্ঞ সৌম্য সৰকাৰকো এইবাৰ দলৰ হৈ খেলা দেখা যাব । ইয়াৰ উপৰি আইপিএলত চেন্নাইৰ হৈ খেলা ফাষ্ট বলাৰ মুস্তাফিজুৰ ৰহমানকো দলত অন্তৰ্ভুক্ত কৰা হৈছে । তেওঁৰ কান্ধত বলিং বিভাগৰ গুৰুদায়িত্ব থাকিব । লগতে আফিফ হোছেইন ধ্ৰুবো আৰু হাছান মাহমুদে সংৰক্ষিত খেলুৱৈ হিচাপে প্ৰতিযোগিতাখনলৈ যাব ।

উল্লেখ্য যে প্ৰতিযোগিতাখনত দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, নেদাৰলেণ্ড আৰু নেপালৰ সৈতে বাংলাদেশক গ্ৰুপ ডিত ৰখা হৈছে । তেওঁলোকে গ্ৰুপৰ প্ৰথমখন মেচ ৭ জুনত ডালাছত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব ।

বাংলাদেশ দলটো

নজমুল হোছেইন শান্তো (অধিনায়ক), তাস্কিন আহমেদ, লিটন দাস, সৌম্য সৰকাৰ, তানজিদ হাছান তামিম, শ্বাকিব অল হাছান, তৌহিদ হৃদয়, মাহমুদুল্লাহ ৰিয়াদ, জাকিৰ আলী আনিক, তানভিৰ ইছলাম, শ্বাক মেহেদী হাছান, ৰিশাদ হোছেইন, মুস্তাফিজুৰ ৰহমান, শ্বৰিফুল ইছলাম, তানজিম হাছান শ্বাকিব ।

সংৰক্ষিত খেলুৱৈ

আফিফ হোছেইন, হাছান মাহমুদ

লগতে পঢ়ক :টি-২০ বিশ্বকাপৰ পূৰ্বে ভাৰতক সকীয়নি বাবৰ আজমৰ; কোহলীৰ সন্দৰ্ভতো কৰিলে ডাঙৰ মন্তব্য - T20 WORLD CUP 2024
লগতে পঢ়ক :টি-২০ বিশ্বকাপ ২০২৪ৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ নতুন জাৰ্চি মুকলি - ICC T20 WC 2024
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.