ETV Bharat / sports

ছুইছ অ’পেনৰ ছেমি ফাইনেলত পৰাস্ত কিদাম্বী শ্ৰীকান্ত - Swiss Open

author img

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 4:03 PM IST

Swiss Open Badminton 2024
ছুইছ অ’পেনৰ ছেমি ফাইনেলত পৰাস্ত কিদাম্বী শ্ৰীকান্ত

Indian shuttler Kidmabi Srikanth: SWISS OPEN ৰ ফাইনেলত প্ৰৱেশৰ পথ স্তব্ধ ভাৰতৰ ৷ টাইৱানৰ টাইৱানৰ লিন চুন ইৰ হাতত ২১-১৫, ৯-২১, ১৮-২১ চেটত পৰাস্ত ভাৰতীয় শ্বাটলাৰ কিদাম্বী শ্ৰীকান্তৰ । চলিত ছুইছ অ’পেনত অভিযান অব্যাহত ৰখা শেষ ভাৰতীয় খেলুৱৈ আছিল শ্ৰীকান্ত ৷

স্পৰ্টছ ডেস্ক, ২৪ মাৰ্চ: ভাৰতীয় অভিজ্ঞ শ্বাটলাৰ কিদাম্বী শ্ৰীকান্তৰ ছুইছ অ’পেনৰ যাত্ৰা শনিবাৰে অন্ত পৰে । ছুইছ অ’পেন ২০২৪ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ একক শাখাৰ ছেমি ফাইনেলত তেওঁ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে । এঘণ্টা পাঁচ মিনিটৰ খেলখনত ভাৰতীয় বেডমিণ্টন খেলুৱৈ কিদাম্বীয়ে টাইৱানৰ লিন চুন ইৰ হাতত ২১-১৫, ৯-২১, ১৮-২১ চেটত পৰাস্ত হয় ।

জাৰ্মানীত অনুষ্ঠিত ২০২২ চনৰ হাইলো অ’পেন ছুপাৰ ৩০০ৰ পিচত কিদাম্বীয়ে প্ৰথমবাৰৰ বাবে বি ডব্লিউ এফ ট্যুৰ ইভেণ্টত এই পৰ্যায়ত উপনীত হৈছিল য’ত তেওঁ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় । ২০২২ চনৰ নৱেম্বৰৰ পাচত প্ৰথমবাৰৰ বাবে বি ডব্লিউ এফৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল কিদাম্বীয়ে ।

টাইৱানৰ বিৰুদ্ধে খেলখনৰ প্ৰথম পৰ্যায়ত তেওঁ সুন্দৰ আৰম্ভণি কৰি অগ্ৰগতি লাভ কৰে । শ্ৰীকান্তে খেলখন ১১-৫লৈ লৈ যায় আৰু প্ৰথমখন মেচত ২১-১৫ চেটত জয়লাভ কৰে । দ্বিতীয়খন মেচতো তেওঁ আৰম্ভণিতে ৪-১ চেটত অগ্ৰগতি লাভ কৰিছিল ৷ কিন্তু পাচত লিনে আকৰ্ষণীয় প্ৰদৰ্শনেৰে আঠ পইণ্ট সংগ্ৰহ কৰি ৯-৫ চেটত অগ্ৰগতি লাভ কৰে আৰু ২১-৯ চেটত খেলখন জয়ী হোৱালৈকে নিজৰ প্ৰদৰ্শন অব্যাহত ৰাখে ।

চূড়ান্ত খেলখনত টাইৱানৰ খেলুৱৈ লিনে সুন্দৰ আৰম্ভণি কৰি কিদাম্বীকৈ ৬-২ চেটত আগবাঢ়ি যায় । কিদাম্বীয়ে ৬-৬ চেটত সমতা স্থাপন কৰি পুনৰ প্ৰত্যাৱৰ্তনৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰে । কিন্তু লিনে দ্বিতীয়খন মেচত পইণ্ট লাভ কৰি ফাইনেলত প্ৰৱেশ কৰে আৰু কিদাম্বীয়ে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ।

লিন চুন য়িয়ে ফাইনেলত চৌ টিয়েন চেনৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব । ছুইছ অ’পেনত অভিযান অব্যাহত ৰখা শেষ ভাৰতীয় খেলুৱৈ আছিল কিদাম্বী শ্ৰীকান্ত । ইতিমধ্যে প্ৰিয়াংশু ৰাজাৱত আৰু কিৰণ জৰ্জ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হৈছিল । ইয়াৰ পূৰ্বে মহিলা ডাবলছ যুটি ত্ৰিছা জলী আৰু গায়ত্ৰী গোপিচান্দেও কোৱাৰ্টাৰ ফাইনেলত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । পিভি সিন্ধুৰ অভিযানো দ্বিতীয় ৰাউণ্ডত সমাপ্ত হয় ।

লগতে পঢ়ক: চুইছ অপেন ২০২৪ : পি ভি সিন্ধু আৰু লক্ষ্য সেনে ভাৰতক দিব নেতৃত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.