ETV Bharat / sports

চুইছ অপেন ২০২৪ : পি ভি সিন্ধু আৰু লক্ষ্য সেনে ভাৰতক দিব নেতৃত্ব

author img

By ANI

Published : Mar 19, 2024, 12:59 PM IST

Swiss Open 2024
চুইছ অপেন ২০২৪

Swiss Open 2024: চুইছ অপেন ২০২৪ বেডমিণ্টন টুৰ্ণামেণ্টত ভাৰতৰ কেইবাগৰাকী খেলুৱৈয়ে অভিযান আৰম্ভ কৰিব । জাৰ্মান বেডমিণ্টন খেলুৱৈ ইভন লিৰ বিৰুদ্ধে পি ভি সিন্ধুৱে অভিযান আৰম্ভ কৰিব । লক্ষ্য সেনে মালয়েছিয়াৰ লিয়ং জুন হাওৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব ।

স্পৰ্টছ ডেস্ক, ১৯ মাৰ্চ : বেডমিণ্টন তাৰকা পি ভি সিন্ধু আৰু লক্ষ্য সেনে চুইছ অপেন ২০২৪ বেডমিণ্টন টুৰ্ণামেণ্টত ভাৰতক নেতৃত্ব দিব । মঙলবাৰৰ পৰা চুইজাৰলেণ্ডৰ বাছেলৰ ছেইণ্ট জেকবশ্লে এৰিনাত বিডব্লিউএফ চুপাৰ ৩০০ অনুষ্ঠানৰ আৰম্ভ হ'ব ।

মহিলা একক শাখাত চতুৰ্থ স্থান লাভ কৰা দুবাৰৰ অলিম্পিক পদক বিজয়ী সিন্ধুৰ ওপৰত সকলোৰে দৃষ্টি থাকিব । তেওঁ অলপতে অল ইংলেণ্ড অপেনত শক্তিশালী প্ৰদৰ্শন দেখুৱাইছিল । বিশ্বৰ নম্বৰ ১ চে-ইয়ঙৰ হাতত পৰাস্ত হোৱাৰ পূৰ্বলৈ প্ৰতিযোগিতাখনত তেওঁ প্ৰদৰ্শন আকৰ্ষণীয় আছিল ।

সিন্ধুৱে পূৰ্বে ফ্ৰেঞ্চ অপেনত অৱতীৰ্ণ হৈ বিডব্লিউএফ বিশ্ব ভ্ৰমণলৈ উভতি আহিছিল । য'ত তেওঁ চীনৰ চেন য়ুফেইৰ হাতত পৰাজয়ৰ সন্মুখীন হোৱাৰ পূৰ্বে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল । ২৮ বছৰীয়া ভাৰতীয় বেডমিণ্টন খেলুৱৈগৰাকীয়ে জাৰ্মান বেডমিণ্টন খেলুৱৈ ইভন লিৰ বিৰুদ্ধে চুইছ অপেন অভিযান আৰম্ভ কৰিব ।

পুৰুষৰ একক শাখাত লক্ষ্য সেনে ফ্ৰেঞ্চ অপেন আৰু অল-ইংলেণ্ড অপেনত তেওঁৰ পৰাজয়ৰ পিচত নতুন অভিযান আৰম্ভ কৰিব বিচাৰিব । বিশ্বৰ ১৮ নম্বৰ সেন শেহতীয়াকৈ মহান ফৰ্মত আছে আৰু মালয়েছিয়াৰ লিয়ং জুন হাওৰ বিৰুদ্ধে তেওঁ অভিযান আৰম্ভ কৰিব ।

সেনৰ বিশ্বৰ ৩৬ নম্বৰৰ প্ৰতিদ্বন্দ্বিৰ বিৰুদ্ধে ২-১ হেড-টু-হেড ৰেকৰ্ড আছে । কিদাম্বি শ্ৰীকান্তে চীনা টাইপেইৰ ৱাং জু-ৱেইৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব । প্ৰিয়াংশু ৰাজাৱত আৰু কিৰণ জৰ্জেও মূল ড্ৰ'ত খেলপথাৰত অৱতীৰ্ণ হ'ব ।

বিশ্বৰ এক নম্বৰ যুটি আৰু ২০২৩ চনৰ চুইছ অপেন চেম্পিয়ন সাতৱিক চাইৰাজ ৰাংকি ৰেড্ডী আৰু চিৰাগ চেট্টীয়ে এই বছৰ তেওঁলোকৰ পুৰুষৰ দ্বৈত শাখাত অংশগ্ৰহণ নকৰে । মহিলাৰ ডাবলছত তানিশা কাষ্ট্ৰ আৰু অশ্বিনী পোনাপ্পাক ষষ্ঠ স্থান দিয়া হৈছে । অষ্টম স্থান প্ৰাপ্ত ট্ৰিচা জলি আৰু গায়ত্ৰী গোপীচান্দে প্ৰথম ৰাউণ্ডত আমেৰিকাৰ এনি জু আৰু কেৰী জুৰ সৈতে খেলিব ।

লগতে পঢ়ক :অল ইংলেণ্ড অপেনৰ ছেমিত লক্ষ্য সেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.