ETV Bharat / sports

ৰাজস্থানক জয়ৰ বাবে ১৮৪ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিলে বেংগালুৰুৱে - IPL 2024

author img

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 7:36 PM IST

Updated : Apr 6, 2024, 11:02 PM IST

IPL 2024
টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত ৰাজস্থান ৰয়েলছৰ

RR vs RCB IPL 2024: ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত আজি অনুষ্ঠিত হৈছে আই পি এল ২০২৪ৰ ১৯ সংখ্যক খেল । ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে বিৰাট কোহলীৰ অপৰাজিত ইনিংছ ১১৩ ৰানৰ সহায়ত ৰাজস্থান ৰয়েলছক জয়ৰ বাবে ১৮৪ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে ৷ ৰাজস্থানৰ হৈ স্পিনাৰ যুজবেন্দ্ৰ চাহালে চাৰি অভাৰত ৩৪ ৰানত দুটা উইকেট দখল কৰে ৷

স্পৰ্টছ ডেস্ক, ৬ এপ্ৰিল: ৰাজস্থানৰ জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত আজি অনুষ্ঠিত হৈছে আই পি এল ২০২৪ৰ ১৯ সংখ্যক খেল । ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনে টছত জয়লাভ কৰি ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুক প্ৰথমে বেটিং কৰাৰ বাবে আমন্ত্ৰণ জনায় ৷

আৰচিবিৰ হৈ ইনিংছ মুকলি কৰিবলৈ আহিছিল অধিনায়ক ফাফ ডুপলেছিছ আৰু বিৰাট কোহলী । বিৰাট কোহলী আৰু অধিনায়ক ফাফ ডুপলেছিছৰ উদ্বোধনী যুটিয়ে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে আৰ চি বিক স্থিৰ আৰম্ভণি কৰাৰ লগে লগে চেমছনৰ এই সিদ্ধান্তৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । দুয়োগৰাকী বেটছমেনে প্ৰথম উইকেটৰ বাবে পাৱাৰপ্লেৰ শেষলৈকে অৰ্ধশতকৰ অংশীদাৰিত্ব সম্পূৰ্ণ কৰে । ছয় অভাৰ শেষ হোৱাৰ পাচত আৰ চি বিয়ে কোনো উইকেট নেহেৰুৱাকৈ ৫৩ ৰান সংগ্ৰহ কৰে ।

আই পি এলৰ চলিত সংস্কৰণত প্ৰথমবাৰৰ বাবে পাৱাৰপ্লেৰ সময়ত আৰ চি বিয়ে কোনো উইকেট নেহেৰুৱাকৈ ক্ৰিজত বৰ্তি আছিল । একে সময়তে বিৰাট কোহলী চলিত সংস্কৰণত পাৱাৰপ্লেত সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈ হিচাপে পৰিগণিত হয় । আই পি এলত পঞ্চমবাৰৰ বাবে কোহলী আৰু ডুপলেছিছৰ শতক অংশীদাৰিত্ব লাভ কৰি আই পি এলত সৰ্বোচ্চ শতকীয় অংশীদাৰিত্ব গঢ়ি তোলা যৌথ দ্বিতীয় যুটি হিচাপে পৰিগণিত হয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

বিৰাট কোহলিৰ অপৰাজিত ইনিংছ ১১৩ ৰানৰ ভিত্তিত ৰাজস্থান ৰয়েলছে ২০ অভাৰত তিনিটা উইকেটত হেৰুৱাই ১৮৩ ৰান সংগ্ৰহ কৰে । ৰাজস্থানৰ হৈ স্পিনাৰ যুজবেন্দ্ৰ চাহালে চাৰি অভাৰত ৩৪ ৰানত দুটা উইকেট দখল কৰি দলৰ সবাতোকৈ সফল বলাৰ হিচাপে পৰিগণিত হয় ।

উল্লেখ্য যে, সঞ্জু চেমছনৰ নেতৃত্বত ৰাজস্থান ৰয়েলছে আইপিএলৰ চলিত সংস্কৰণত আগ্ৰাসী ৰূপত দেখা দিছে । প্ৰতিযোগিতাখনৰ আৰম্ভণিতে ৰাজস্থান ৰয়েলছে একেৰাহে তিনিখন মেচত জয়লাভ কৰি ছয় পইণ্ট আৰু নেট ৰান ৰেট +১.২৪৯ লৈ পইণ্ট তালিকাত দ্বিতীয় স্থানত আছে । আনহাতে, ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে চাৰিখন মেচত এখন জয় আৰু তিনিখন পৰাজয়ৰ সৈতে বৰ্তমান পইণ্ট তালিকাৰ অষ্টম স্থানত আছে ।

ইফালে আইপিএলৰ ইতিহাসত দল দুটাৰ মাজত এতিয়ালৈকে ৩০খন মেচ অনুষ্ঠিত হৈছে, য’ত বেংগালুৰুৱে ১৫খন আৰু ৰাজস্থানে ১২খন খেলত জয়লাভ কৰিছে । আনহাতে ৩খন মেচ ড্ৰ হৈছে ।

লগতে পঢ়ক: চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে 6 উইকেটত জয়লাভ ছান ৰাইজাৰ্ছ হায়দৰাবাদৰ - IPL 2024

Last Updated :Apr 6, 2024, 11:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.