ETV Bharat / sports

T-20 ক্ৰিকেটত বিৰাট কোহলীক চেৰ পেলালে পাক অধিনায়ক বাবৰ আজমে - Babar Azam shatters records

author img

By ANI

Published : May 15, 2024, 3:52 PM IST

BABAR AZAM T20I RECORD: আন্তঃৰাষ্ট্ৰীয় T-20 মেচত বাবৰ আজমে ভাৰতীয় বেটছমেন বিৰাট কোহলীৰ অভিলেখ অতিক্ৰম কৰিছে ৷ পাকিস্তানে মঙলবাৰে ডাবলিনত আয়াৰলেণ্ডৰ বিৰুদ্ধে 6 উইকেটত জয়লাভ কৰে ৷

VIRAT KOHLI T20I RECORD
বিৰাট কোহলীৰ অভিলেখ অতিক্ৰম বাবৰ আজমৰ (ANI)

স্পৰ্টছ ডেস্ক, 15 মে’: আয়াৰলেণ্ড-পাকিস্তানৰ তৃতীয়খন T-20 মেচত অধিনায়ক বাবৰ আজমে ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীৰ অভিলেখ অতিক্ৰম কৰে ৷ প্ৰথম T-20 মেচখনত পৰাস্ত হোৱাৰ পিচত পাকিস্তান দলটো ফৰ্মলৈ উভতি আহিছিল আৰু এটাৰ পিচত আনটো বিজয় অৰ্জন কৰি শৃংখলা দখল নিশ্চিত কৰিছিল ৷ পাকিস্তানে মঙলবাৰে ডাবলিনত আয়োজক দল আয়াৰলেণ্ডৰ বিৰুদ্ধে 6 উইকেটত জয়লাভ কৰে ৷

তৃতীয়খন মেচত পাকিস্তানৰ অধিনায়ক বাবৰ আজমে আক্ৰমণাত্মক বেটিঙেৰে 42 টা বলতে 75 ৰাণ সংগ্ৰহ কৰে ৷ বাবৰে 6 টা চাৰি আৰু 5 ছয়ৰে 75 ৰাণৰ এই বিস্ফোৰক ইনিংছ খেলে ৷ এই বিস্ফোৰক প্ৰদৰ্শনৰ দ্বাৰা, বাবৰে T-20 ফৰ্মেটত সৰ্বাধিক 50-তকৈ অধিক ৰাণ কৰা বেটাৰত পৰিগণিত হৈ পৰে ৷

বিৰাট কোহলীয়ে T-20 ফৰ্মেটত 38 বাৰ 50-তকৈ অধিক ৰাণ সংগ্ৰহ কৰিছে ৷ আনহাতে ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই 34 বাৰ এই কৃতিত্ব অৰ্জন কৰিছে ৷ আনহাতে পাকিস্তানৰ অধিনায়ক বাবৰ আজমে এই বিস্ফোৰক ইনিংছেৰে T-20 ফৰ্মেটত 39 বাৰ 50-তকৈ অধিক ৰাণ সংগ্ৰহ কৰি বিৰাট কোহলীক অতিক্ৰম কৰে ৷

ইফালে আন এক অভিলেখৰ ভিতৰত, বাবৰে আয়াৰলেণ্ডৰ বিৰুদ্ধে ফৰ্মেটত এটা অভাৰত 25 ৰাণ সংগ্ৰহ কৰা প্ৰথমগৰাকী পাকিস্তানী বেটাৰ হিচাপে পৰিগণিত হয় ৷ বেঞ্জামিন হোৱাইটৰ অভাৰত তেওঁ কেৰিয়াৰত প্ৰথমবাৰৰ বাবে চাৰিটা ছয় কোবাই ৷ ছয় কোবোৱাৰ উপৰিও বাবৰে একক অভাৰৰ পৰা 25 ৰাণ সংগ্ৰহ কৰিবলৈ এটা ছিংগল ৰাণো সংগ্ৰহ কৰে ৷

তৃতীয়খন T-20 ত বাবৰে দ্বিতীয় উইকেটত মহম্মদ ৰিজৱানৰ (56) সৈতে 139 ৰাণৰ যুটি বান্ধে ৷ যেতিয়া অ’পেনাৰ চাইম আয়ুবে দলটোৰ বাবে এটা সন্তোষজনক আৰম্ভণি প্ৰদান কৰাত ব্যৰ্থ হৈছিল তেতিয়া তেওঁলোকৰ অংশীদাৰিত্বই মেচখনত পাকিস্তানৰ সফলতাৰ ভেটি স্থাপন কৰিছিল ৷

ইয়াৰ জৰিয়তে T-20ত পাকিস্তানৰ দুয়োগৰাকী তাৰকা বেটছমেনৰ মাজত দশমটো শতকীয় অংশীদাৰিত্ব গঢ়ি উঠে ৷ এই কৃতিত্ব অৰ্জন কৰা প্ৰথম যুটি হিচাপে পৰিগণিত হয় দুয়োজন বেটছমেন ৷ ইয়াৰ লগতে অংশীদাৰিত্বৰে তেওঁলোকে 3000 ৰাণ সংগ্ৰহ কৰা প্ৰথম যুটিও হৈ পৰে ৷

আয়াৰলেণ্ডৰ অভিজ্ঞ যুটি পল ষ্টাৰ্লিং আৰু এণ্ড্ৰিউ বালবিৰ্নিয়ে অংশীদাৰিত্বত 2,043 ৰাণ সংগ্ৰহ কৰিছে ৷ আনহাতে ভাৰতৰ অপেনিং যুটি ৰোহিত শৰ্মা আৰু কে এল ৰাহুলৰ নামত ক্ৰিকেটৰ আটাইতকৈ চুটি ফৰ্মেটত পাঁচটা শতকীয় অংশীদাৰিত্ব আছে ৷

আয়াৰলেণ্ডৰ বিৰুদ্ধে তিনিখনীয়া মেচৰ শৃংখলা সমাপ্ত হোৱাৰ পাচত পাকিস্তানে ইংলেণ্ডলৈ যাত্ৰা কৰিব ৷ বিশ্বকাপৰ পূৰ্বে পাকিস্তানে বিচৰা ধৰণৰ সংমিশ্ৰণ বিচাৰি উলিওৱাৰ এইটোৱেই হ’ব চূড়ান্ত সুযোগ ৷ চাৰিখনীয়া মেচৰ T-20 শৃংখলা 22 মে'ত হেডিংলি কাৰ্নেগত আৰম্ভ হ'ব ৷ দুয়োটা দলে 30 মে'ত লণ্ডনৰ অ’ভেলত শৃংখলাটোৰ অন্তিমখন মেচ খেলিব ৷

লগতে পঢ়ক : দক্ষিণ আফ্ৰিকাৰ ভাৰত ভ্ৰমণ: সময়সূচী প্ৰকাশ বিচিচিআইৰ - SOUTH AFRICA TOUR OF INDIA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.