ETV Bharat / sports

ভাৰতৰ প্ৰাক্তন প্ৰশিক্ষক গেৰী কাৰ্ষ্টেনক পাকিস্তান দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি - Pakistan team new Head Coach

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 5:10 PM IST

Pakistan team new Head Coach
গেৰী কাৰ্ষ্টেনক পাকিস্তান দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি

Pakistan team new Head Coach: টি-২০ বিশ্বকাপৰ পূৰ্বে পাকিস্তানৰ পুৰুষ দলৰ নতুন প্ৰশিক্ষক নিযুক্তি । গেৰী কাৰ্ষ্টেনক এদিনীয়া আৰু টি-২০ ৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি । অষ্ট্ৰেলিয়াৰ প্ৰাক্তন পেচাৰ জেচন গিলেস্পিক টেষ্ট ক্ৰিকেটৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব দিয়া হৈছে ।

স্পৰ্টছ ডেস্ক,২৮ এপ্ৰিল : পাকিস্তান ক্ৰিকেট ব'ৰ্ডে (পিচিবি) দেওবাৰে বিশ্বকাপ বিজয়ী গেৰী কাৰ্ষ্টেনক এদিনীয়া আৰু টি-২০ ৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়ে । আনহাতে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন পেচাৰ জেচন গিলেস্পিক টেষ্ট ক্ৰিকেটৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব দিয়া হৈছে । তেওঁলোকৰ উপৰিও পাকিস্তানৰ প্ৰাক্তন অলৰাউণ্ডাৰ আজহাৰ মাহমুদক প্ৰতিটো ফৰ্মেটত দলটোৰ সহকাৰী প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ।

পিচিবিৰ মুৰব্বী মহছিন নকভিয়ে এক সংবাদমেলত কয় যে শীৰ্ষ পৰ্যায়ৰ প্ৰশিক্ষক গেৰী কাৰ্ষ্টেন আৰু গিলেস্পিৰ নিযুক্তিয়ে স্পষ্ট কৰে যে পাকিস্তান ক্ৰিকেট দলক কিমান গুৰুত্ব দিয়া হৈছে । তেওঁ লগতে কয় যে পিচিবিয়ে দলটোক সৰ্বশ্ৰেষ্ঠ সুবিধা দিব বিচাৰে আৰু সেয়েহে কাৰ্ষ্টেন আৰু গিলেস্পিৰ দৰে প্ৰাক্তন ক্ৰিকেটাৰক নিযুক্তি দিয়া হৈছে ।

কাৰ্ষ্টেনে ২২ মে'ৰ পৰা পাকিস্তান দলটোৰ ইংলেণ্ড ভ্ৰমণৰ পৰা দায়িত্ব গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে য'ত ৪ খন টি-২০ মেচ খেলা হ'ব । তাৰ পৰা দলটোৱে জুনত টি-২০ বিশ্বকাপৰ বাবে ভ্ৰমণ কৰিব । কাৰ্ষ্টেনে ভাৰতীয় দলটোৰো প্ৰশিক্ষক আছিল । ২০১১ ত তেওঁ প্ৰশিক্ষক হৈ থকা সময়ত ভাৰতীয় দলটো বিশ্বকাপৰ চেম্পিয়ন আছিল ।

পাকিস্তানে যোৱা বছৰ ৫০ অভাৰৰ বিশ্বকাপৰ শেষৰ পৰা পূৰ্ণ-সময়ৰ মুখ্য প্ৰশিক্ষকৰ সন্ধানত আছিল । ভাৰতত অনুষ্ঠিত বিশ্বকাপত দলটোৰ দুৰ্বল প্ৰদৰ্শনৰ পিচত পাকিস্তানে প্ৰশিক্ষণ কৰ্মচাৰীৰ মুখ্য প্ৰশিক্ষক গ্ৰাণ্ট ব্ৰেডবাৰ্ণ, দলৰ সঞ্চালক মিকি আৰ্থাৰ, বলিং প্ৰশিক্ষক মৰ্নে মৰ্কেল আৰু বেটিং প্ৰশিক্ষক এণ্ড্ৰিউ পুটিকক বৰ্খাস্ত কৰিছিল । অপেনাৰ বেটছমেন বাবৰ আজমকো অধিনায়কত্বৰ পৰা আঁতৰাই দিয়া হৈছিল আৰু পাকিস্তানে পেচাৰ শ্বাহিন শ্বাহ আফ্ৰিদীক তেওঁলোকৰ বগা বলৰ ফৰ্মেটত অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছিল আৰু শ্বান মাছুদক টেষ্টত অধিনায়কৰ দায়িত্ব দিয়া হৈছে ।

পাকিস্তানে অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত মেণ্টৰৰ ভূমিকাৰ বাবে প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ হাফিজৰ কাষ চাপিছিল । কিন্তু পাকিস্তানে টেষ্ট শৃংখলাত ০-৩ আৰু টি-২০ত ১-৪ ব্যৱধানত পৰাজিত হোৱাৰ পিচত হাফিজে সেই দায়িত্ব এৰিবলগীয়া হয় । আফ্ৰিদীক অধিনায়কৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছিল আৰু মাৰ্চৰ শেষ সপ্তাহত বাবৰক পুনৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছিল ।

লগতে পঢ়ক :টি-২০ বিশ্বকাপত কোন কোন থাকিব ভাৰতীয় দলত ? - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.