ফ্ৰেন্স অ’পেনৰ ছেমি ফাইনেলত পৰাজয়ৰ পাছত অৱসৰৰ ইংগিত ন’ভাক জ’কভিচৰ
শুকুৰবাৰে পুৰুষৰ একক ছেমি ফাইনেলত জেনিক ছিনাৰৰ হাতত পৰাস্ত হৈ অৱসৰৰ সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰিছে ন’ভাক জ’কভিচে ।

Published : June 7, 2025 at 2:26 PM IST
পেৰিছ: পেৰিছৰ ৰ’লেণ্ড গাৰোছত শুকুৰবাৰে অনুষ্ঠিত হোৱা ফ্ৰেন্স অ’পেনৰ পুৰুষৰ একক ছেমি ফাইনেলত বিশ্বৰ ১ নং জেনিক ছিনাৰৰ সৈতে ৩৮ বছৰীয়া ন’ভাক জ’কভিচে কঠিন যুঁজ দিয়ে ৷ ২৪ বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়নগৰাকীয়ে ক’ৰ্ট ফিলিপ-চেট্ৰিয়াৰত নিজৰ শ্ৰেষ্ঠতম প্ৰদৰ্শন আগবঢ়াই যদিও ছিনাৰৰ বিৰুদ্ধে সেয়া যথেষ্ট নাছিল ৷ ছিনাৰে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ৪-৬, ৫-৭, ৬-৭ (৩) ষ্ট্ৰেইট ছেটত জয়লাভ কৰে ৷
৩ ঘণ্টা ১৬ মিনিট ধৰি চলা মেচখনৰ পিছত জ’কভিচক আবেগিক ৰূপত দেখা গৈছিল ৷ ক’ৰ্টৰ পৰা ওলাই অহাৰ আগতে তেওঁ কিটবেগটো থৈ পেৰিছৰ মাটিখিনি চুই দৰ্শকক হাত জোকাৰি তেওঁলোকৰ সমৰ্থনৰ বাবে ধন্যবাদ জনাই, ইংগিত দিলে যে হয়তো এইখনেই ফ্ৰেন্স অ’পেনত তেওঁৰ অন্তিমখন মেচ হ’ব পাৰে ৷
Legend. #RolandGarros pic.twitter.com/YtlMVCxpzJ
— Roland-Garros (@rolandgarros) June 6, 2025
তেওঁৰ এই ইংগিতে অনুৰাগীসকলক আচৰিত কৰি তুলিছিল, যেতিয়ালৈকে জ’কভিচে মেচৰ পিছৰ সংবাদমেলত এই মুহূৰ্তটোক সম্বোধন কৰা নাছিল ৷ তিনিবাৰৰ ফ্ৰেন্স অ’পেন চেম্পিয়নগৰাকীয়ে স্বীকাৰ কৰে যে অহা বছৰ তেওঁ পেৰিছলৈ ঘূৰি নাহে ৷
জ’কভিচে কয়, "এইখন মোৰ ইয়াত খেলা শেষ মেচ হ’ব পাৰিলেহেঁতেন, মই নাজানো ৷ গতিকে শেষত অলপ বেছি আবেগিক হৈ পৰিছিলো ৷" তেওঁ কয়, "কিন্তু যদি ৰ’লেণ্ড গাৰোছত মোৰ বিদায়ী মেচ আছিল, তেন্তে সেয়া আছিল এক আকৰ্ষণীয় মেচ - পৰিৱেশ আৰু দৰ্শকৰ সমৰ্থন আছিল অবিশ্বাস্য ৷ মই খেলি থাকিব বিচাৰো নেকি ? হয়, মই বিচাৰো ৷ কিন্তু ১২ মাহৰ পিছত আহিব পাৰিমনে ? মোৰ মনটো নিশ্চিত নহয় ৷ এতিয়াই মই মাত্ৰ এইখিনিয়েই ক’ব পাৰো ৷"
— Roland-Garros (@rolandgarros) June 6, 2025
যোৱা বছৰৰ ৰাণাৰ্ছ আপ জ’কভিচে নিউয়ৰ্কত অনুষ্ঠিত ইউ এছ অ’পেন ২০২৩ত জয়লাভ কৰাৰ পিছৰে পৰা এতিয়ালৈকে গ্ৰেণ্ড শ্লেমৰ খিতাপ লাভ কৰা নাই ৷ যোৱা বছৰ তেওঁ উইম্বলডনৰ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও খিতাপৰ মেচত কাৰ্লোছ আলকাৰাজৰ প্ৰত্যাহ্বান অতিক্ৰম কৰিব নোৱাৰিলে ৷ পিছলৈ পেৰিছ অলিম্পিকত স্পেনিছ খেলুৱৈগৰাকীক পৰাস্ত কৰি ফিলিপ-চেট্ৰিয়াৰ ক’ৰ্টত স্বৰ্ণ পদক লাভ কৰে ৷
Novak. Djokovic.#RolandGarros pic.twitter.com/KhCeAsR016
— Roland-Garros (@rolandgarros) June 6, 2025
অলিম্পিকৰ পদক লাভ কৰাৰ পিছৰে পৰা জ’কভিচে ফৰ্মতকৈ ফিটনেছৰ সৈতে অধিক সংগ্ৰাম কৰি আহিছে ৷ ঝভেৰেভৰ বিৰুদ্ধে অষ্ট্ৰেলিয়ান অ’পেনৰ ছেমিফাইনেলৰ পৰা অৱসৰ গ্ৰহণ কৰা জ’কভিচে শেহতীয়াকৈ নিজৰ অন্যতম কঠিন ক্লে ছিজন সহ্য কৰি মণ্টে কাৰ্লো আৰু মাদ্ৰিদ মাষ্টাৰছ ১০০০ ইভেণ্ট দুয়োটাতে দ্বিতীয় ৰাউণ্ডত পৰাস্ত হয় ৷
🎙️ " novak is the best player in the history of our sport."
— Roland-Garros (@rolandgarros) June 6, 2025
jannik sinner opened up after defeating djokovic to reach the #RolandGarros final. Alcaraz awaits in the ultimate title clash. 🎾🔥 pic.twitter.com/zZwBANg3OW
ছাৰ্বিয়ান খেলুৱৈগৰাকীয়ে এতিয়াও অভিলেখ সংখ্যক ২৫ সংখ্যক গ্ৰেণ্ড শ্লেম খিতাপ লাভৰ সন্ধানত আছে যদিও এতিয়া সেয়া বহু দূৰত যেন লাগে ৷ অহা মাহৰ পৰা আৰম্ভ হ’বলগীয়া উইম্বলডন আৰু চলিত বৰ্ষৰ শেষৰ ফালে ইউ এছ অ’পেনত খেলাৰ ইচ্ছা প্ৰকাশ কৰিলেও তেওঁ স্বীকাৰ কৰে যে এই বছৰৰ পিছত তেওঁৰ পৰিকল্পনা এতিয়াও স্পষ্ট নহয় ৷ তেওঁ অষ্ট্ৰেলিয়ালৈ ঘূৰি অহাৰ সম্ভাৱনাও উত্থাপন কৰিছিল, য’ত তেওঁ ২৪টা ডাঙৰ খিতাপৰ ভিতৰত ১০টা খিতাপ অৰ্জন কৰিছে ৷
🎙️ " jannik showed why he's no.1 in the world"
— Roland-Garros (@rolandgarros) June 6, 2025
novak djokovic congratulated sinner on reaching the #RolandGarros final and expressed his gratitude to the crowd for their support tonight. 🎾👏 pic.twitter.com/5YcwdCnEtt
জ’কভিচে কয়, "এই প্ৰতিযোগিতাসমূহ মোৰ সূচীত অগ্ৰাধিকাৰ দিয়া হৈছে৷ উইম্বলডন আৰু ইউ এছ অ'পেন ৷ হয়, পৰিকল্পনাত আছে ৷ এতিয়াই মই মাত্ৰ এইখিনিয়েই ক'ব পাৰো ৷ মই ভাবো যে মই নিশ্চিতভাৱে দুয়োখনতে খেলিব বিচাৰো ৷ বাকীবোৰৰ বাবে মই ইমান নিশ্চিত নহয় ৷ উইম্বলডন সদায় মোৰ শৈশৱৰ প্ৰিয় ৷ মই নিজকে প্ৰস্তুত কৰিবলৈ যিমান পাৰো সকলো কৰিম ৷" তেওঁ কয়, "মোৰ সৰ্বোত্তম সুযোগ হয়তো উইম্বলডনত হ’ব পাৰে বা হয়তো অষ্ট্ৰেলিয়াত ৷"

