নতুন দিল্লী : জৰ্ডান আৰু উজবেকিস্তানে ফুটবলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ফিফা বিশ্বকাপত প্ৰৱেশ কৰিছে । আলী অলৱানৰ হেট্ৰিকৰ সহায়ত জৰ্ডানে মাস্কটত ওমানক ৩-০ গ’লত পৰাস্ত কৰে ৷ আনহাতে, উজবেকিস্তানে সংযুক্ত আৰব আমিৰশ্বাহীৰ সৈতে খেলা আন এখন খেল অমীমাংসিতভাৱে সামৰণি পৰে ৷ ইৰাকক পৰাস্ত কৰি ৰিপাব্লিক অৱ কোৰিয়ায়ো এই প্ৰতিযোগিতাত প্ৰৱেশ কৰিছে ৷
১৯৯৮ চনৰ পৰা ২০২২ চনৰ ভিতৰত চলি থকা ৩২ টা দলৰ অংশগ্ৰহণৰ ক্ষেত্ৰত এইবাৰ কিছু সালসলনি ঘটোৱা হৈছে ৷ এই পৰিৱৰ্তনৰ পিছত ২০২৬ চনৰ বিশ্বকাপত প্ৰথমবাৰৰ বাবে ৪৮ খন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিব ।
এছিয়াত অনুষ্ঠিত হ’বলগীয়া তৃতীয় ৰাউণ্ডৰ অৰ্হতাৰ গ্ৰুপ এ-ৰ এখন মেচ বাকী থকা অৱস্থাত উজবেকিস্তানে প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে অৰ্হতা অৰ্জন কৰে । সংযুক্ত আৰব আমিৰশ্বাহীৰ বিৰুদ্ধে চাৰি পইণ্টৰ অপ্ৰতিৰোধ্য অগ্ৰগতিৰে উজবেকিস্তানে আয়োজক তিনিখন দেশ ক্ৰমে আমেৰিকা, মেক্সিকো আৰু কানাডাৰ সৈতে যোগ্যতা অৰ্জন কৰা পঞ্চমখন দেশ হিচাপে পৰিগণিত হয় ।
উজবেকিস্তান হৈছে বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমখন ডাবল লেণ্ডলক দেশ । ইয়াৰ পূৰ্বে মাত্ৰ ৮ টা দলেহে প্ৰতিযোগিতাখনৰ বাবে যোগ্যতা অৰ্জন কৰিছিল ।
বৃহস্পতিবাৰে ইৰাকৰ বিৰুদ্ধে ২-০ গ’লত জয়লাভ কৰি অৰ্হতা অৰ্জন কৰা দক্ষিণ কোৰিয়াৰ তুলনাত জৰ্ডানে তিনি পইণ্ট পিছপৰি আছে ৷ এই বৃহৎ ইভেণ্টত একেৰাহে ১১ সংখ্যক খেলত অংশগ্ৰহণ কৰিছে দলটোৱে ৷ ইয়াৰ পূৰ্বে ২০১৪ চনৰ বিশ্বকাপৰ বাবে আন্তঃকনফেডাৰেচন প্লে-অফত প্ৰৱেশ কৰাৰ সময়ত দেশখনে অৰ্হতা অৰ্জন কৰাৰ নিচেই ওচৰ চাপিছিল যদিও উৰুগুৱেৰ হাতত ৫-০ গ’লত পৰাস্ত হৈছিল ৷ ২০২৩ চনৰ এ এফ চি এছিয়ান কাপৰ ফাইনেলত প্ৰৱেশ কৰি আয়োজক ৰাষ্ট্ৰ কাটাৰৰ বিৰুদ্ধে ৩-১ গ’লত পৰাস্ত হৈছিল দেশখন ।
ইয়াৰ পূৰ্বে জাপানে অহা বছৰৰ মূল ইভেণ্টৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমখন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছিল । ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনা, ইৰাণ আৰু নিউজিলেণ্ড আন তিনিটা দলে প্ৰতিযোগিতাত নিজৰ স্থান নিশ্চিত কৰিছে । কিবি দলটোৱে ওচেনিয়া কনফেডাৰেচনৰ বাবে নতুন আসনৰ জৰিয়তে নিজৰ স্থান নিশ্চিত কৰে ।
লগতে পঢ়ক: বেংগালুৰুৰ পৰা কলকাতালৈ... ভাৰতীয় ষ্টেডিয়ামত সংঘটিত ৫টা আটাইতকৈ ভয়ংকৰ দুৰ্ঘটনা