নতুন দিল্লী : 'গড অব ক্ৰিকেট' খ্যাত ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ আৰু ইংলেণ্ডৰ প্ৰাক্তন তাৰকা বলাৰ জেমছ এণ্ডাৰছনৰ নামেৰে নামকৰণ কৰা হৈছে ভাৰত আৰু ইংলেণ্ডৰ ঐতিহাসিক টেষ্ট শৃংখলা । ভাৰত আৰু ইংলেণ্ডৰ মাজত খেলা ঐতিহাসিক টেষ্ট শৃংখলা এতিয়াৰে পৰা এণ্ডাৰছন-তেণ্ডুলকাৰ ট্ৰফী হিচাপে জনা যাব । আগন্তুক বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে দুয়োপক্ষই । ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব'ৰ্ড (ECB) আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (BCCI)য়ে টেষ্ট শৃংখলাৰ এই নতুন পৰিচয়ৰ কথা সিদ্ধান্ত লয় ।
১১ জুনত লৰ্ডছত আৰম্ভ হ'বলগীয়া ডব্লিউ টি চি ফাইনেলৰ সময়ত শচীন তেণ্ডুলকাৰ আৰু জেমছ এণ্ডাৰছনে নিজেই আনুষ্ঠানিকভাৱে উন্মোচন কৰিব এই ট্ৰফী । ২০ জুনত লিডছৰ হেডিংলিত আৰম্ভ হ'বলগীয়া ৫ খনীয়া টেষ্ট শৃংখলাৰ জৰিয়তে ডব্লিউ টি চিৰ নতুন চক্ৰ আৰম্ভ কৰাৰ বাবে দুয়োখন দেশে এই পদক্ষেপ গ্ৰহণ কৰিছে ।
🚨 TENDULKAR-ANDERSON TROPHY 🚨
— Johns. (@CricCrazyJohns) June 5, 2025
- India & England Test series will be played for a new Trophy named after Sachin Tendulkar & James Anderson. [BBC Sport] pic.twitter.com/dxqOYfYp8W
টেষ্ট ইতিহাসত ১৮৮ খন মেচ খেলা ইংলেণ্ডৰ বলাৰ জেমছ এণ্ডাৰছনে ২০২৪ চনৰ জুলাই মাহত অৱসৰ গ্ৰহণ কৰে । একে সময়তে সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন হিচাপে পৰিগণিত তেণ্ডুলকাৰে ২০০ খন টেষ্ট মেচৰ অন্তত ২০১৩ চনত কেৰিয়াৰৰ পৰা বিদায় লয় ।
🚨 TENDULKAR-ANDERSON TROPHY NAMED FOR ENGLAND VS INDIA TEST SERIES. 🚨 pic.twitter.com/Zt2n66Ow02
— Mufaddal Vohra (@mufaddal_vohra) June 5, 2025
উল্লেখ্য যে এতিয়ালৈকে ভাৰত আৰু ইংলেণ্ডে আয়োজক দেশৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ট্ৰফীৰ নামেৰে খেলিছিল । ইংলেণ্ডত দুয়োখন দেশৰ মাজত যেতিয়া টেষ্ট শৃংখলা খেলা হৈছিল, তেতিয়া বিজয়ী দলটোক পাটাউডি ট্ৰফী দিয়া হৈছিল, যিটোৰ নাম ভাৰতীয় প্ৰাক্তন অধিনায়ক মনছুৰ আলী খান পাটাউডি নামেৰে নামকৰণ কৰা হৈছিল । আনহাতে ভাৰতত ইয়াক ভাৰতীয় ক্ৰিকেট প্ৰশাসনৰ প্ৰতিষ্ঠাপক ব্যক্তিৰ নামেৰে নামকৰণ কৰা এণ্টনি ডি মেলো ট্ৰফীৰ বাবে এই শৃংখলা খেলা হৈছিল ।
🚨 TENDULKAR-ANDERSON TROPHY 🚨
— Tanuj (@ImTanujSingh) June 5, 2025
- India and England Test series Trophy now named New as " tendulkar-anderson trophy". (bbc sport). pic.twitter.com/hWqZM0vIXt
উল্লেখ্য যে ২০ জুনৰ পৰা হ'বলগীয়া ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টেষ্ট শৃংখলাত শুভমন গিলে ভাৰতক নেতৃত্ব দিব । প্ৰথমখন মেচ ২০ জুনৰ পৰা লিডছত অনুষ্ঠিত হ'ব ।
ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলাৰ সম্পূৰ্ণ সূচী
প্ৰথম টেষ্ট : ২০-২৪ জুন, লিডছ
দ্বিতীয় টেষ্ট : ২-৬ জুলাই, বাৰ্মিংহাম
তৃতীয় টেষ্ট : ১০-১৪ জুলাই, লণ্ডন (লৰ্ডছ)
চতুৰ্থ টেষ্ট : ২৩-২৭ জুলাই, মানচেষ্টাৰ
পঞ্চম টেষ্ট : ৩১ জুলাই - ৪ আগষ্ট, কেনিংটন অ'ভাল (লণ্ডন)