ETV Bharat / sports

বেংগালুৰুৰ পদপিষ্টৰ ঘটনা: বিৰাট কোহলীৰ বিৰুদ্ধে এজাহাৰ

পদপিষ্টৰ ঘটনাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সন্থাৰ সম্পাদক আৰু কোষাধ্যক্ষৰ পদত্যাগ ।

BENGALURU STAMPEDE
বিৰাট কোহলী (IANS Photo)
author img

By ETV Bharat Assamese Team

Published : June 7, 2025 at 1:58 PM IST

3 Min Read
Choose ETV Bharat

বেংগালুৰু: ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে (আৰ চি বি) ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এল ২০২৫ৰ খিতাপ দখলৰ পিছত উদযাপনৰ সময়ত হোৱা পদপিষ্টৰ ঘটনা সন্দৰ্ভত দলটোৰ তাৰকা বেটছমেন বিৰাট কোহলীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা হৈছে ।

শুকুৰবাৰে ৰিয়েল ফাইটাৰ্ছ ফ’ৰামৰ বিষয়াসকলে কাবন পাৰ্ক থানাত এজাহাৰ দাখিল কৰি এই ঘটনাৰ সৈতে জড়িত থকা অভিযোগত কোহলীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ দাবী জনায় । আৰক্ষীয়ে অভিযোগৰ প্ৰতিলিপি লাভ কৰি প্ৰত্যুত্তৰ দিছে ।

আৰক্ষীয়ে এই অভিযোগৰ লগতে ইতিমধ্যে পঞ্জীয়ন হোৱা এফ আই আৰৰ সৈতে তদন্তৰ কথা চিন্তা কৰিব বুলি জনাইছে আৰু ৰিয়েল ফাইটাৰ্ছ ফ’ৰামৰ এম ভেংকটেশক সমৰ্থন আগবঢ়াইছে ।

ইফালে আৰ চি বিৰ উদযাপনৰ সময়ত হোৱা পদপিষ্টৰ ঘটনাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সন্থা(কে এছ চি এ)ৰ সম্পাদক আৰু কোষাধ্যক্ষ পদৰ পৰা এ শংকৰ আৰু ই এছ জয়ৰামে শনিবাৰে পদত্যাগ কৰে ।

BENGALURU STAMPEDE
কে এছ চি এৰ সম্পাদক এ শংকৰ আৰু কোষাধ্যক্ষ ই জয়ৰামৰ পদত্যাগ পত্ৰ (ETV Bharat)

এক যৌথ বিবৃতিত শংকৰ আৰু জয়ৰামে বৃহস্পতিবাৰে নিশা কে এছ চি এৰ সভাপতিৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰা বুলি জানিবলৈ দিয়ে । বিবৃতিটোত কোৱা হৈছে যে, “যোৱা দুদিনত সংঘটিত হোৱা অভাৱনীয় আৰু দুৰ্ভাগ্যজনক পৰিঘটনাৰ বাবে আৰু যদিও আমাৰ ভূমিকা অতি সীমিত আছিল, আমি ক’ব বিচাৰো যে আমি কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সন্থাৰ সম্পাদক আৰু কোষাধ্যক্ষ হিচাপে নিজ নিজ পদৰ পৰা পদত্যাগ কৰিছো ।”

উল্লেখ্য যে, বুধবাৰে আৰ চি বিৰ বিজয় উদযাপনৰ সময়ত চেন্নাইৰ এম চিন্নাস্বামী খেলপথাৰৰ সমীপত হুলস্থুলৰ সৃষ্টি হয় । এই ঘটনাত ১১ জন অনুৰাগীৰ মৃত্যু হোৱাৰ লগতে ৪০ জনতকৈ অধিক লোক আহত হয় । ইতিমধ্যে এই গোচৰত আৰ চি বি, কে এছ চি এ আৰু সংগঠক সংস্থা ডি এন এৰ বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৪ জন লোকক ।

ইয়াৰ উপৰিও উচ্চ ন্যায়ালয়েও নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত কৰিছে । ৰাজ্য চৰকাৰে এজন দণ্ডাধীশ আৰু এজন অৱসৰপ্ৰাপ্ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ নেতৃত্বত এজনীয়া আয়োগ গঠন কৰি তদন্তৰ নিৰ্দেশ জাৰি কৰিছে । ঘটনাৰ পিছতে কৰ্তব্যত গাফিলতিৰ অভিযোগত নিলম্বন কৰা হৈছে মহানগৰ আৰক্ষী আয়ুক্তকে ধৰি ৫জন আৰক্ষী বিষয়াক ।

লগতে পঢ়ক : আৰ চি বিৰ বিজয় উৎসৱত অঘটন: পদপিষ্ট হৈ ১১ গৰাকীয়ে হেৰুৱালে প্ৰাণ, ৪৭ গৰাকী আহত

আসন ৩৫ হাজাৰ, মানুহ গোট খাইছিল ৩ লাখ: বেংগালুৰুৰ পদপিষ্টৰ ঘটনাৰ মূল কাৰণ

বেংগালুৰুৰ পৰা কলকাতালৈ... ভাৰতীয় ষ্টেডিয়ামত সংঘটিত ৫টা আটাইতকৈ ভয়ংকৰ দুৰ্ঘটনা