ETV Bharat / sports

বুমৰাহক বিশ্ৰাম; চাৰিগৰাকী স্পিনাৰৰ সৈতে ৰাঁচী টেষ্টত নমাৰ সম্ভাৱনা ভাৰতৰ

author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 7:29 PM IST

Jasprit Bumrah
IND Vs ENG test series

IND Vs ENG test series: ইংলেণ্ডৰ বিৰুদ্ধে ক্ৰমে ৰাঁচী আৰু ধৰ্মশালাত অনুষ্ঠিত হ’বলগীয়া শেষৰ দুখন টেষ্টত বিশ্ৰাম দিয়া হ’ব ভাৰতৰ পেচাৰ যশপ্ৰীত বুমৰাহক । এইটোও জানিব পৰা গৈছে যে ৰাঁচীৰ ট্ৰেক যদি ৰেংক টাৰ্নাৰ হয় তেন্তে ভাৰতে চাৰিজন স্পিনাৰক খেলাব । ইটিভি ভাৰতৰ সঞ্জীব গুহৰ এক প্ৰতিবেদন ।

নিউজ ডেস্ক, 20 ফেব্ৰুৱাৰী: ক্ৰিকেটাৰ বিশেষকৈ বেগী বলাৰসকলৰ বাবে কামৰ বোজা নিয়ন্ত্ৰণ কৰা প্ৰক্ৰিয়াটো নিৰ্বাচক আৰু বিচিচিআইৰ বাবে এতিয়াও এক সমস্যা হৈ আছে ৷ এই ক্ষেত্ৰত বৰ্তমান বিশ্বৰ শীৰ্ষস্থানত থকা বেগী বলাৰ যশপ্ৰীত বুমৰাহৰ নাম চৰ্চালৈ আহিছে ৷ বিচিচিআই এ ভাৰতীয় দলৰ ব্যৱস্থাপকক আগন্তুক আন্তঃৰাষ্ট্ৰীয় টি-20 বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি বুমৰাহক চলি থকা খেলসমূহত কমকৈ খেলাবলৈ পৰামৰ্শ আগবঢ়াইছে ৷

চলিত বৰ্ষ 2 জুনৰ পৰা ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাৰ যৌথ উদ্যোগত অনুষ্ঠিত হ’ব টি-20 বিশ্বকাপ ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই বুমৰাহক ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা পাঁচখনীয়া টেষ্ট শৃংখলাৰ বাকী দুখন খেলত বিশ্ৰাম প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে ৷ অহা 23 ফেব্ৰুৱাৰীৰ পৰা 27 ফেব্ৰুৱাৰীলৈ ৰাঁচীত আৰু 7 মাৰ্চৰ পৰা 11 মাৰ্চলৈ ধৰমশালাত অনুষ্ঠিত হ’ব মেচ দুখন ৷

‘‘দল পৰিচালনা সমিতিক স্পষ্টভাৱে কোৱা হৈছে যে বুমৰাহক কমকৈ ব্যৱহাৰ কৰক ৷ বলাৰজনে পূৰ্বতে আঘাতৰ বাবে কেবাবাৰো খেল পথাৰৰ পৰা বাহিৰ হ’বলগীয়া হৈছিল ৷ এতিয়া যাতে তেওঁ সেই পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া নহয় ৷’’ নাম প্ৰকাশৰ বাবে অনিচ্ছুক বিচিচিআইৰ এক সূত্ৰই ইটিভি ভাৰতক এইদৰে জনায় ৷

ইফালে, শুকুৰবাৰৰ পৰা আৰম্ভ হ’বলগীয়া ৰাঁচী টেষ্টৰ প্লেয়িং একাদশ উইকেট পৰিদৰ্শন কৰি চূড়ান্ত কৰা হ’ব । জানিব পৰা মতে, যদি ক্ৰীজখন সাধাৰণ বেটিং ট্ৰেক হয় তেন্তে মুকেশ কুমাৰ বা আকাশ দীপৰ ভিতৰত কোনোবা এজনে দলত স্থান পাব । যদিহে পিটচখন ৰেংক টাৰ্নাৰ হৈ পৰে তেন্তে ভাৰতে চাৰিজন স্পিনাৰক খেলাব পাৰে, যিটো শেহতীয়া সময়ত এক বিৰল ঘটনা ।

তেনে ক্ষেত্ৰত ভাৰতে ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল আৰু ৱাশ্বিংটন সুন্দৰক বাছি ল’ব পাৰে । শেষবাৰৰ বাবে ভাৰতে মূল একাদশত স্পিন কোৱাৰ্টেট খেলিছিল ২০১২ চনত নাগপুৰত ইংলেণ্ডৰ বিৰুদ্ধে । শৃংখলাৰ চতুৰ্থ টেষ্টত ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা, প্ৰজ্ঞান ওঝা আৰু পীয়ুষ চাওলাই চূড়ান্ত একাদশত অংশগ্ৰহণ কৰিছিল ।

ৰাঁচীত মূল একাদশ চূড়ান্ত কৰাৰ সিদ্ধান্ত মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু অধিনায়ক ৰোহিত শৰ্মাকলৈ দল পৰিচালনা সমিতিৰ ওপৰত নিৰ্ভৰশীল ।দল পৰিচালনা সমিতিৰ তথ্য অনুসৰি মহম্মদ চিৰাজে ভাৰতীয় পেচ আক্ৰমণত আগভাগ লোৱাটো নিশ্চিত আৰু তেওঁক ইতিমধ্যে দলত নিৰ্বাচিত কৰা বংগৰ দুজন খেলুৱৈ মুকেশ কুমাৰ আৰু আকাশ দীপৰ যিকোনো এজনে সহায় কৰাৰ সম্ভাৱনা আছে ।

দুয়োৰে মাজত হোৱা টছ আপটো এক চিন্তাৰ কাৰণ হৈ পৰিছে ৷ আকাশ আৰু মুকেশ দুয়োজনেই ভাল ফৰ্মত আছে । বংগৰ হৈ ৰঞ্জী ট্ৰফী খেলিবলৈ ৰাজকোট টেষ্ট দলৰ পৰা বিদায় লোৱা মুকেশে বিহাৰৰ বিৰুদ্ধে ১০টা উইকেট দখল কৰাৰ পাছত আত্মবিশ্বাসী হৈ উঠিছে। আকাশ দীপে প্ৰথম শ্ৰেণীৰ ফিক্সাৰত ইংলেণ্ড লায়ন্সৰ বিৰুদ্ধে দুবাৰমান চাৰিটা উইকেট দখল কৰাকে ধৰি ১১টা উইকেটেৰে ৰাঁচী টেষ্টত অভিষেক ঘটোৱাৰ বাবে উপযুক্ত হৈ আছে ।

ইফালে, ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ফ্ৰেঞ্চাইজি মুম্বাই ইণ্ডিয়ানছকো বুমৰাহৰ কৰ্মবোজা ব্যৱস্থাপনাৰ বিষয়ে সোঁৱৰাই দিয়া হৈছে । কিয়নো সমুখত আছে টি-20 বিশ্বকাপ 2024 ৷

সূত্ৰটোৱে লগতে কয় যে তেওঁৰ আই পি এল ফ্ৰেঞ্চাইজিকো জনোৱা হৈছে যে বহুজাতিক প্ৰতিযোগিতাৰ পূৰ্বে বলাৰজনক ৰিস্ক লোৱা উচিত নহয় ৷ য’ত তেওঁ ভাৰতৰ ট্ৰাম্প কাৰ্ড হ’ব পাৰে । ইফালে, মঙলবাৰে টিম ইণ্ডিয়া ৰাঁচীত উপস্থিত হোৱাৰ বিপৰীতে বুমৰাহ ৰাজকোটৰ পৰা ঘৰলৈ ৰাওনা হয় ৷

লগতে পঢ়ক: ভাৰতৰ বিৰুদ্ধে চতুৰ্থ টেষ্টত বলিং আক্ৰমণত নামিব থ্ৰী লায়নছৰ অধিনায়ক বেন ষ্ট’কছ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.