ETV Bharat / sports

আই পি এলৰ ট্ৰফী জয় কৰাৰ কেনে অনুভৱ হয় সেয়া জনাটো মোৰ সপোন: বিৰাট কোহলী

author img

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 3:11 PM IST

Royal challengers Bengaluru
ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু

Royal challengers Bengaluru: আৰ চি বিৰ ঘৰুৱা খেলপথাৰ এম চিন্নাস্বামী ষ্টেডিয়ামত তাৰকা বেটছমেন বিৰাট কোহলী আৰু স্মৃতি মান্ধানাৰ উপস্থিতিত এক অনুষ্ঠানত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰৰ নাম আনুষ্ঠানিকভাবে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কৰা হয় । অনুষ্ঠানত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ তাৰকা খেলুৱৈ বিৰাট কোহলীয়ে আগন্তুক সংস্কৰণত দলটোৰ হৈ খিতাপ অৰ্জনৰ বাবে নিজৰ দক্ষতা আৰু অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰিব বুলি জানিবলৈ দিয়ে ৷

স্পৰ্টছ ডেস্ক, ২০ মাৰ্চ: ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে মঙলবাৰে আশা প্ৰকাশ কৰে যে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি)-এ মহিলা ডব্লিউ পি এল জয়ৰ কৃতিত্ব অনুকৰণ কৰিবলৈ চেষ্টা কৰিব আৰু ২২ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ আগন্তুক সংস্কৰণত দলটোৰ হৈ খিতাপ অৰ্জনৰ চেষ্টা কৰিব । উল্লেখ্য যে, মহিলা প্ৰিমিয়াৰ লীগ (WPL)ৰ দ্বিতীয় সংস্কৰণৰ দেওবাৰে দিল্লী কেপিটেলছক পৰাস্ত কৰি খিতাপ দখল কৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে । কিন্তু ফ্ৰেঞ্চাইজিৰ পুৰুষ দলটোৱে বিগত ১৬ বছৰ ধৰি খিতাপ অৰ্জন কৰাত ব্যৰ্থ হৈছে ।

বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত ‘আৰচিবি আনবক্স’ অনুষ্ঠানৰ সময়ত কোহলীয়ে কয়, ‘তেওঁলোকৰ ট্ৰফী জয় কৰাটো বৰ আকৰ্ষণীয় আছিল । আমি চাই আছিলো যেতিয়া তেওঁলোকে এই (WPL) খিতাপ জয় কৰিছিল । আশাকৰোঁ আমি ট্ৰফী দুগুণ কৰিব পাৰিম যিটো সঁচাকৈয়ে বিশেষ হ’ব । বিভিন্ন অংশীদাৰৰ দীৰ্ঘদিনীয়া অনুৰোধৰ পিচতে চলিত বৰ্ষৰ আই পি এলৰ পূৰ্বে চহৰখনৰ চহকী ইতিহাস আৰু পৰম্পৰাক শ্ৰদ্ধাঞ্জলি জনাই দলটোৰ নাম ‘ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰ’ৰ সলনি ‘ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু’ কৰা হয় ।

অনুষ্ঠানত অধিনায়ক ফাফ ডু প্লেছিছ, স্মৃতি মান্ধানা আৰু তাৰকা বেটছমেন বিৰাট কোহলীয়ে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি)ৰ নতুন জাৰ্চি আৰু ল’গ’ মুকলি কৰে । ২০২৪ চনৰ আইপিএলত আৰচিবিৰ সৈতে কোহলীৰ এইখন ১৭ সংখ্যক খেল । এইবাৰ আইপিএলৰ ট্ৰফী জয়ৰ সপোন বাস্তৱত পৰিণত কৰিবলৈ তেওঁ নিজৰ দক্ষতা আৰু অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰিব বুলিও কয় । তেওঁ কয়, ‘আই পি এলৰ ট্ৰফী জিকিলে কেনে অনুভৱ হয় সেয়া জনাটো মোৰ সপোন । প্ৰথমবাৰৰ বাবে ট্ৰফী জয় কৰা দলটোৰ অংশ হ’ব বিচাৰো ।

আৰচিবিৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে কয়, ‘মই মোৰ সামৰ্থ আৰু অভিজ্ঞতাৰে অনুৰাগী আৰু ফ্ৰেঞ্চাইজিৰ বাবে এই কাম কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম । আইপিএলত সৰ্বাধিক ৰান সংগ্ৰহ কৰা কোহলীয়ে কয় যে আৰচিবিৰ প্ৰতি তেওঁৰ দায়বদ্ধতা অদম্য হৈ থাকিব । ভাৰত, কৰ্ণাটক আৰু আৰচিবিৰ প্ৰাক্তন বেষ্ট বলাৰ আৰ বিনয় কুমাৰক এটা অনুষ্ঠানৰ সময়ত দলৰ ‘হল অৱ ফেম’ত অন্তৰ্ভুক্ত কৰা হয় । এই কাৰ্যসূচীত আৰচিবিৰ অধিনায়ক ফাফ ডু প্লেছিছ আৰু স্মৃতি মান্ধানাই অংশগ্ৰহণ কৰে ।

আৰচিবিৰ মহিলা দলটোক পুৰুষ দলৰ খেলুৱৈসকলে ‘গাৰ্ড অৱ অনাৰ’ প্ৰদান কৰে । মহিলা দলটোৱে খেলপথাৰত ‘ট্ৰফী ৱাকো’ কৰে ।

লগতে পঢ়ক: প্ৰতীক্ষাৰ অন্ত পেলাই ডব্লিউপিএল খিতাপ অৰ্জন বেংগালুৰুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.