ETV Bharat / sports

আজিৰে পৰা আৰম্ভ ক্ৰিকেটৰ মহাৰণ আই পি এল; উদ্বোধনী মেচত CSK বনাম RCB - IPL 2024 FIXTURE

author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 7:47 PM IST

Updated : Mar 22, 2024, 10:30 PM IST

IPL 2024 : ২২ মাৰ্চ অৰ্থাৎ আজিৰে পৰা আৰম্ভ হ’ব আই পি এল ২০২৪ৰ আই পি এলৰ ১৭ সংখ্যক সংস্কৰণ । IPL 2024ৰ সূচী সম্পৰ্কীয় তথ্যৰ বাবে সম্পূৰ্ণ পঢ়ক এই প্ৰতিবেদন...

IPL 2024 first match
IPL 2024 schedule

নিউজ ডেস্ক, 22 মাৰ্চ : আজিৰে পৰা আৰম্ভ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৪ । আৰম্ভ তীব্ৰ উৎকণ্ঠাৰে ভৰা আই পি এল । ইতিমধ্যে বিচিচিআইয়ে প্ৰকাশ কৰিছে প্ৰথম পৰ্যায়ৰ ২১ খন খেলৰ সূচী ৷ অহা ৭ এপ্ৰিললৈকে অনুষ্ঠিত হ’ব আই পি এল ।

এই প্ৰতিযোগিতাৰ প্ৰথমখন খেল আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব । আনহাতে আই পি এলৰ দ্বিতীয় দিন অৰ্থাৎ ২৩ ফেব্ৰুৱাৰীত অনুৰাগীয়ে ডাবল হেডাৰ মেচ প্ৰত্যক্ষ কৰিব পাৰিব ।

মোহালীত পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছৰ মাজত খেল অনুষ্ঠিত হোৱাৰ বিপৰীতে কলকাতাৰ ইডেন গাৰ্ডেন ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলিব ।

২২ মাৰ্চৰ পৰা ৭ এপ্ৰিললৈ প্ৰথম পৰ্যায়ৰ আই পি এল অনুষ্ঠিত হ’ব । এই প্ৰথম পৰ্যায়ত ১০ টা দলে মুঠ ২১খন মেচ খেলিব লাগিব । এনে পৰিস্থিতিত ৬ টা দলে ৪-৪ মেচ খেলিব ৷ আনহাতে গুজৰাট টাইটানছ, দিল্লী কেপিটেলছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ দলে ৫-৫ মেচ খেলিব আৰু কলকাতা নাইট ৰাইডাৰ্ছ দলে মুঠ ৩ খন খেলহে খেলিব ।

এই আটাইকেইখন খেল ১০টা স্থানত অনুষ্ঠিত হ’ব । এই প্ৰথম পৰ্যায়ৰ আই পি এলৰ অন্তিম খেলখন অহা ৭ এপ্ৰিলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ আৰু গুজৰাট টাইটানছৰ মাজত অনুষ্ঠিত হ’ব ।

আই পি এল ২০২৪ৰ খেল অনুষ্ঠিত হ’বলগীয়া ১০ টা স্থান-

  1. চেন্নাই
  2. বেংগালুৰু
  3. আহমেদাবাদ
  4. মোহালী
  5. বিশাখাপট্টনম
  6. মুম্বাই
  7. হায়দৰাবাদ
  8. লক্ষ্ণৌ
  9. জয়পুৰ
  10. কলকাতা

আই পি এল ২০২৪ৰ ১০ টা দলৰ খেলৰ সূচী

  1. চেন্নাই ছুপাৰ কিংছ
  2. মুম্বাই ইণ্ডিয়ানছ
  3. দিল্লী কেপিটেলছ
  4. ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু
  5. ৰাজস্থান ৰয়েলছ
  6. কলকাতা নাইট ৰাইডাৰ্ছ
  7. ছানৰাইজাৰ্ছ হায়দৰাবাদ
  8. পঞ্জাব কিংছ
  9. গুজৰাট টাইটানছ
  10. লক্ষ্ণৌ ছুপাৰ জায়েন্টছ

চি এছ কে আৰু আৰ চি বিৰ মাজত অনুষ্ঠিত হ’ব উদ্বোধনী মেচ:

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৪ ৰ উদ্বোধনী মেচখন চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব । এই খেলখন সন্ধিয়া ৭:৩০ বজাৰ পৰা চেন্নাইৰ চেপক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । ৫ বাৰৰ চেম্পিয়ন চেন্নাইৰ অধিনায়কত্ব ৰতুৰাজ গায়কোৱাড়ৰ হাতত থকাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ বেটছমেন ফাফ ডু প্লেছিয়ে আৰ চি বিৰ অধিনায়কত্ব কৰিব ।

এই পৰ্যন্ত দুয়োটা দলৰ মাজত খেলা মেচত চেন্নাই ২০ বাৰ জয়ী হোৱাৰ বিপৰীতে বেংগালুৰুৱে ১০ বাৰ জয়লাভ কৰিছে । দুয়োটা দল শক্তিশালী, গতিকে অনুৰাগীসকলে মুকলি মেচৰ পৰাই ক্ৰিকেটৰ ৰোমাঞ্চ চাবলৈ পাব ।

২৬ মে'ত অনুষ্ঠিত হ'ব পাৰে ফাইনেল

প্ৰথম পৰ্যায়ৰ আই পি এল ২০২৪ৰ তাৰিখ আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হৈছে যদিও কেতিয়াকৈ পৰৱৰ্তী পৰ্যায়ৰ খেল অনুষ্ঠিত হ’ব সেয়া জানিব পৰা হোৱা নাই । কিন্তু সংবাদ মাধ্যমৰ খবৰ অনুসৰি ২৬ মে’ত চূড়ান্ত মেচখন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । এইবাৰ লোকসভা নিৰ্বাচনৰ বাবে দুটা পৰ্যায়ত IPL খেল অনুষ্ঠিত হ’ব । আনকি ২০১৯ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ সময়তো এই প্ৰতিযোগিতাখন দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল ।

আই পি এলৰ শেষৰ ছিজনটো ৬০ দিন ধৰি চলিছিল । কিন্তু, এইবাৰ এই ছিজনটো ১ সপ্তাহ বেছি হ’ব বুলি আশা কৰা হৈছে আৰু ৬০ দিনৰ পৰিৱৰ্তে ৬৭ দিনলৈকে চলিব পাৰে ।

লগতে পঢ়ক: ধোনী যুগৰ অৱসান, ৰুতুৰাজ গায়কোৱাড় চিএছকেৰ নতুন অধিনায়ক

Last Updated : Mar 22, 2024, 10:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.